নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৌ–সেনাৰ জাহাজ মেৰামতি কাৰখানাত ১৮০ পদ

প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনত পৰিচালিত নৌ সেনা বাহিনীৰ যুদ্ধ জাহাজ মেৰামতি কাৰখানাত খালী হৈছে ১৮০ পদ৷ নৌ সেনা কর্তৃপক্ষই প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি, মুঠ ১৮০ পদৰNaval Ship Repair Yard, Karwarত ১৫০ পদ আৰুNaval Aircraft Yard, Goaত ৩০ পদ পূৰণ কৰা হ’ব৷Naval Ship Repair Yard, Karwarত ১৫০ পদ পূৰণ হ’বলগীয়াApprenticeship Tradeসমূহ হৈছে Carpenter (14), Electrician (15), Electronics Mechanic (19), Fitter (18), Information and Communication Technology System Maintenance (4), Instrument Mechanic (9), Machinist (4), Mechanic Diesel (14), Mechanic Machine Tool Maintenance (9), Mechanic Motor Vehicle (4), Mechanic Ref and AC (5), Painter-General (4), Plumber (9), Sheet Metal Worker (11), Tailor-General (2), Welder-Gas & Electric (9)৷

আনহাতে,Naval Aircraft Yard, Goaত ৩০ পদ পূৰণ হ’বলগীয়াApprenticeship Tradeসমূহ হৈছে Carpenter, Computer Operator and Programming Assistant, Electrician/Electrician Aircraft, Electronics Mechanic/Mechanic Radar & Radio Aircraft, Fitter, Information and Communication Technology System Maintenance, Instrument Mechanic/Mechanic Instrument Aircraft, Machinist, Plumber/Pipe Fitter, Painter (General), Sheet Metal Worker, Welder-Gas & Electric (30)৷

আবেদনকাৰী গড়ে ৫০ শতাংশ নম্বৰেৰে দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতেNational/State Council for Vocational Training (NCVT/SCVT)ৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত কাৰিকৰী শিক্ষানুষ্ঠানৰ পৰা উল্লিখিত ট্রেডত আইটিআইৰ প্রমাণ–পত্রধাৰী হোৱা হ’ব লাগিব৷ বয়স ১ এপ্রিল, ২০২৩লৈ ১৪–২১ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ অৱশ্যে প্রার্থীৰ জন্ম ১ এপ্রিল, ২০০২ আৰু ৩১ মার্চ, ২০০৯ৰ মাজত হোৱা হ’ব লাগিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ লগতে নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ বিভাগীয় ৱেবছাইট https://indiannavy.nic.in & www.apprenticeshipindia.org লগ–ইন কৰিব পাৰে৷

যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ প্রস্তুত কৰা আবেদন To, The Officer-in-Charge, Dockyard Apprentice School, Naval Ship Repair Yard, Naval Base, Karwar, Karnataka – 581308 ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২১ নৱেম্বৰ, ২০২২৷

You might also like