নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–তিব্বত সীমান্ত আৰক্ষী বাহিনীত ৪০ চাকৰি; ১৭ নৱেম্বৰৰ ভিতৰত কৰক আবেদন

সীমান্ত অঞ্চলৰ টহলদাৰী সংগঠন ভাৰত–তিব্বত সীমান্ত আৰক্ষী বাহিনী(Indo-Tibettan Border Police Force)ত খালী হৈছেHead Constable (Dresser Veterinary) ৪০ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি ITB Police ForceৰDIG (Recruitment)–এ এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ পদসমূহGroup ‘C’ (Non-Gazetted) পর্যায়ৰ৷Head Constable (Dresser Veterinary) ৪০ পদৰ ভিতৰত মহিলা প্রার্থীৰ বাবে ৬টা পদ সংৰক্ষিত থকাৰ বিপৰীতে পুৰুষ প্রার্থীৰ বাবে ৩৪টা সংৰক্ষিত থাকিব৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Head Constable (Dresser Veterinary) ৪০ পদৰ ভিতৰত অসংৰক্ষিত ১৭, এছচিৰ ৬, এছটিৰ ৩, অ’বিচিৰ ১১ আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ৩ পদ সংৰক্ষিত থাকিব৷ আবেদনকাৰী স্বীকৃতিপ্রাপ্ত ব’ডৰ পৰা দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতেVeterinary/Veterinary Therapeutic/Livestock বিষয়ত ডিপ্ল’মা/প্রমাণ–পত্রধাৰী আৰু স্বীকৃতিপ্রাপ্তInstituteৰ পৰাManagementৰ প্রমাণ–পত্রধাৰী হোৱা হ’ব লাগিব৷ বয়স ১৭ নৱেম্বৰ, ২০২২লৈ ১৮–২৫ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ২৫,৫০০–৮১,১০০ টকা৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ Indo-Tibettan Border Police Force ৰ ৱেবছাইট www.recruitment.itbpolice.nic.in লগ–ইন কৰিব পাৰিব৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১৭ নৱেম্বৰ, ২০২২৷

You might also like