ঋতুস্রাৱৰ বিড়ম্বনা ৰোধৰ পদক্ষেপ মানচেষ্টাৰ চিটীৰ : মেৰুণ হ’ল মহিলা খেলুৱৈৰ পেণ্টৰ ৰং
বিশেষ বাৰ্তা, ২ নৱেম্বৰঃ ঋতুস্রাৱ এটি জৈৱিক প্রক্রিয়া৷ প্রতিমাহতে এটি নির্দিষ্ট সময়ত নাৰীদেহত এই ঘটনা পৰিলক্ষিত হয়৷ কিন্তু ইয়াক লৈ স্থবিৰ হ’ব নিবিচাৰে আজিৰ নাৰী জাতি৷ ব্যতিক্রম নহয় ফুটবল খেলুৱৈসকলো৷ ঋতুস্রাৱৰ সময়ত দাগ লাগি যাতে বিড়ম্বনাত পৰিব নালাগে তাৰ বাবে দলৰ পেণ্টৰ ৰং সলনি কৰিলে মানচেষ্টাৰ চিটীয়ে৷ ইমানদিনে পৰিচিত পাতল নীলা ৰঙৰ জার্ছীৰ সৈতে বগা পেণ্ট পিন্ধি খেলপথাৰত নামিছিল চিটীৰ মহিলা দলৰ খেলুৱৈসকল৷ এইবাৰ সেই পেণ্টৰ ৰং সলনি কৰি বার্গেণ্ডী কৰা হৈছে৷ বার্গেণ্ডী হৈছে মেৰুণৰ দৰে এটি ৰং৷ ব্লেকবার্ন ৰ’ভার্ছৰ বিপক্ষে এই ৰঙৰ পেণ্ট পিন্ধিয়ে খেলপথাৰত নামিল মানচেষ্টাৰ চিটীৰ খেলুৱৈসকল৷ ক্লাব আৰু পোছাক প্রস্তুতকাৰক সংস্থা পুমাৰ তৰফৰ পৰা যৌথ বিবৃতিত জনোৱা হৈছে যে স্থায়ীভাৱেই ঘৰুৱা জার্ছীৰ ক্ষেত্রতো পৰিৱর্তিত মেৰুণ ৰঙেই ব্যৱহাৰ কৰা হ’ব৷ আগন্তুক ছিজনতো একে ৰঙেই থাকিব৷ এই নতুন ৰঙক লৈ যথেষ্ট সাৱলীল মহিলা খেলুৱৈসকল৷ কেৱল মানচেষ্টাৰ চিটীয়ে নহয়, একে পথেৰেই আগবাঢ়িছে ৱেষ্ট ব্র’ম, এলবিয়ন, ষ্ট’কচিটীৰ দৰে একাধিক ক্লাব৷ চলিত বছৰৰ জুলাই মাহত উইম্বলডনত মহিলা টেনিছ তাৰকাসকলক বগা পোছাক পিন্ধাতো বাধ্যতামূলক বুলি জানিবলৈ দিয়ে গ্রেণ্ডশ্লাম কর্তৃপক্ষই৷ এই পোছাকক লৈ আৰম্ভ হয় বিতর্ক৷ আনকি এনে সিদ্ধান্তৰ বিৰুদ্ধে পথত নামে বহু লোক৷ বিতর্ক বিয়পি পৰে টেনিছৰ বাহিৰতো৷ বিভিন্ন খেলত অনুৰূপ ধৰণে পোছাকৰ ৰং সলনি কৰাৰ দাবী উত্থাপিত হয়৷ কার্যতঃ সেই দাবীকে মান্যতা প্রদান কৰি এইদৰে ৰং সলনি কৰে মানচেষ্টাৰ চিটীয়ে৷ বিষয়টোক লৈ গর্বিত বুলি চিটী আৰু পুমা কর্তৃপক্ষই জানিবলৈ দিছে৷ যাতে মহিলা খেলুৱৈসকলে ঋতুস্রাৱৰ সময়তো স্বছন্দে খেলিব পাৰে, সেই কথা এনে পোছাকে নিশ্চিত কৰিব বুলি ধাৰণা কৰিছে তেওঁলোকে৷