নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিৰ সম্ভাব্য প্ৰাৰ্থীক লৈ তৎপৰতা আৰম্ভ

নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰঃ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰীৰ পৰা কংগ্ৰেছে আৰম্ভ  ‘‘ভাৰত জোড়ো’’ পদযাত্ৰাৰে  নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰাৰ সমান্তৰালকৈ অইন ৰাজনৈতিক দলবোৰতো ভিতৰি ভিতৰি আৰম্ভ হৈছে ব্যাপক সাংগঠনিক তৎপৰতা।  ২০২৪ চনত হ’বলগীয়া লোকসভা নিৰ্বাচনত বিজেপিয়ে ৰাজ্যৰ আটাইকেইখন লোকসভা সমষ্টিত বিজয়ী হ’ব বুলি দাৱী কৰাৰ পিছত  ধুবুৰী লোকসভা সমষ্টিৰ ৰাজনৈতিক সমীকৰণকে ধৰি ৰাজনৈতিক দলসমূহৰ সম্ভাৱ্য প্ৰাৰ্থী কোন হ’ব সেয়া লৈ এতিয়াৰে পৰা আৰম্ভ হৈছে গুণাগঁথা। উল্লেখ্য যে, বিগত তিনিবাৰৰ লোকসভা নিৰ্বাচনত একেৰাহে ধুবুৰী লোকসভা সমষ্টিত নিৰ্বাচিত হৈ ‘‘হেট্ৰিক’’ ৰচিছে এআইইউডিএফপ্ৰধান বদৰুদ্দিন আজমলে। পিছে ২০২৪ চনৰ নিৰ্বাচনত স্থানীয় সাংসদগৰাকীয়ে চতুৰ্থ বাৰৰ বাবে  বিজয় লাভ কৰিব পাৰিব নে নাই সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব যদিও বাৰ্থক্যজনিত কাৰণত আজমলে ধুবুৰীৰ এআইইউডিএফ বিধায়ক নজৰুল হ’কক ধুবুৰী লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা নথকা নহয় বুলিও কিন্তু স্থানীয় ৰাজনৈতিক বিশ্লেষক একাংশই উচ্চাৰিত কৰা পোৱা গৈছে। ইপিনে প্ৰতিবাৰেই নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিত মুখ থেকেচা খোৱা বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনত সমষ্টিটো মিত্ৰ দল অগপক এৰি দিয়াৰ সম্ভাৱনাই অধিক বুলিয়েই অনুমান কৰা হৈছে। অগপৰ সম্ভাব্য প্ৰাৰ্থীৰূপে সম্প্ৰতি দলটোত যোগদান কৰা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা জিলাখনৰ গৌৰীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক মহিবুল হ’কৰ নাম চৰ্চিত হৈছে। পিছে ৰাজ্যৰ কৰিমগঞ্জ পশ্চিম সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা ছিদ্দিক আহমেদে অগপত যোগদান কৰিব বুলি একাংশ সংবাদ মাধ্যমত ওলোৱা বাতৰি সঁচা হ’লে দিঠকত গৈ হ’কৰ ঠাইত দলটোৱে ছিদ্দিক অহমেদক ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা নথকা নহয় বুলিও চৰ্চিত গৈছে। ইপিনে কংগ্ৰেছ দলে ধুবুৰীৰ প্ৰাৰ্থীৰূপে দক্ষিণ শালমাৰাৰ দলীয় বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা ৱাজেদ আলী চৌধুৰীক প্ৰক্ষেপ কৰিব বুলিয়েই অনুমান কৰা হৈছে যদিও বিগত ২৩ ছেপ্টেম্বৰৰ দিনা ধুবুৰীস্থ ৰাজীৱ ভৱনত আয়োজিত এখন  সংবাদ মেলত ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে কৰা এক বিশেষ মন্তব্য তাৎপৰ্য্যপূৰ্ণ বুলিয়েই বিবেচিত হৈছে। সিদিনাৰ সংবাদ মেলখনত ৰ’কিবুল হুছেইন ধুবুৰীত খেলিব কাৰণে এগৰাকী সক্ষম ব্যক্তি বুলি এক ইংগিতবাহী মন্তৱ্য প্ৰদান কৰিছিল অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰীগৰাকীয়ে।  আনকি ৰ’কিবুল হুছেইনে ইয়াৰ পৰা খেলে বদৰুদ্দিন আজমলে এনেয়ে টালি–টোপোলা বান্ধিব লাগিব বুলিও উল্লেখ কৰিছিল তেওঁ।  অৱশ্যে আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ পৰা দলে কাক  প্ৰাৰ্থীত্ব প্ৰদান কৰিব তেওঁ  এতিয়াও ক’ব নোৱাৰে বুলিও সেয়াও সিদিনাৰ সংবাদ মেলখনত মীৰা বৰঠাকুৰ গোস্বামীও স্পষ্ট কৰি দিছিল। কিন্তু তেওঁ সংবাদ মেলখনত কৰা ভাষ্যই ৱাজেদ আলীৰ উপৰিও দলটোৰ চামগুৰিৰ বিধায়ক তথা কংগ্ৰেছৰ আন এগৰাকী জ্যেষ্ঠ নেতা ৰ’কিবুল হুছেইনৰ নামো  ধুবুৰী লোকসভা সমষ্টিৰ  সম্ভ্যব্য প্ৰাৰ্থীৰূপে উঠি অহা পোৱা গৈছে।  ইপিনে যোৱা ১ নৱেম্বৰত গোলকগঞ্জ সমষ্টিৰ বেলগুৰিৰ পৰা আৰম্ভ হোৱা ‘‘ভাৰত জোড়ো’’ যাত্ৰাৰ পূৰ্বে সর্ব ভাৰতীয় কংগ্ৰেছ কমিটিৰ সম্পাদক জিতেন্দ্ৰ সিঙকে ধৰি অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ বিষয়ববীয়া আৰু নেতা সকলোৰ উপস্থিতত হোৱা ৰাজহুৱা সভা এখনত উপস্থিত থকা ৰাইজৰ সংখ্যাই জিলা কংগ্ৰেছৰ ভিতৰচৰাত থকা ল’বি পলিটিক্স অব্যাহত থকাটোৱে সূচোৱা বুলিয়েই মত প্ৰকাশ কৰা পোৱা গৈছে স্থানীয় ৰাজনৈতিক বিশ্লেষক একাংশই। উল্লেখ্য যে, সিদিনাৰ কংগ্ৰেছৰ সভাখনত আনুমানিক পাঁচ হাজাৰ মান লোক উপস্থিত থকা বুলি চৰ্চিত হোৱাৰ ঘটনাই সমষ্টিটোত জনভিত্তি তথা সাংগঠনিক শক্তি থকাৰ উপৰিও গোলকগঞ্জ সমষ্টিত দলীয় বিধায়ক থকা স্বত্বেও সাধাৰণ ৰাইজক সিদিনা সভামুখী কৰিব নোৱাৰাটো তাৎপৰ্য্যপূৰ্ণ বুলিয়েই বিবেচিত হৈছে। এনে প্ৰেক্ষাপটত, লোকসভা নিৰ্বাচনৰ পূৰ্বে দলীয় নেতৃত্বই  ভিতৰি ভিতৰি কেইবাটাও শিৱিৰত বিভক্ত জিলা কংগ্ৰেছৰ সেই শিৱিৰসমূহক একত্ৰিত কৰিব পাৰিব নে নাই সেয়াও লক্ষণীয় হ’ব বুলিয়েই মত পোষণ কৰা পোৱা গৈছে স্থানীয় মহল একাংশই। ইপিনে আগন্তুক লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছও প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো প্ৰায় খাটাং বুলি জানিব পৰা গৈছে। অৱশ্যে ২০২৪ৰ  নিৰ্বাচনলৈ এতিয়াও প্ৰায় এবছৰৰো অধিক সময় আছে যদিও সমষ্টিটোৰ প্ৰাৰ্থীত্বক লৈ এতিয়াৰে পৰা একাংশ ৰাজনৈতিক দলৰ ভিতৰচৰাত  আৰম্ভ হোৱা তৎপৰতাই আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় এক স্থিতিলৈ গতি কৰাটো খাটাং বুলিয়েই মত প্ৰকাশ কৰা পোৱা গৈছে স্থানীয় ৰাজনৈতিক বিশ্লেষক সকলে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like