কাইলৈ মৰিগাঁৱৰ চৰাইবাহীত কমিটি ভাওনা : ভকতক আদৰিবলৈ সাজু চৰাইবাহীবাসী
নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰঃ কাইলৈ ৰাস পূৰ্ণিমাৰ ৰাতি দ্বিতীয় বৃন্দাবনত পৰিণত হ’ৱ মৰিগাঁৱৰ চৰাইবাহী অঞ্চল ৷ অঞ্চলটোৰ তিনিটাকৈ স্থান ক্ৰমে সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰ, সাৰ্বজনীন শংকৰ মন্দিৰ আৰু বড়িগাঁও ৰাস মন্দিৰত অনুষ্ঠিত হ’ৱ ২৩খনকৈ অংকীয়া ভাওনা ৷ উল্লেখ যে ১৮৫৮ চনৰ পৰা এই বৃহৎ চৰাইবাহী অঞ্চলটোৰ জনসাধাৰণে জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে শংকৰী কলা কৃষ্টি বিকাশৰ উজ্জ্বল আদৰ্শৰ ধ্বজা উৰুৱাই সকলো লোকৰ মাজত একতা, সমন্বয় আৰু ভাতৃত্ববোধৰ এনাজৰী গঢ়ি তুলি দুবছৰৰ অন্তৰে অন্তৰে তৃতীয় বছৰৰ ৰাস পূৰ্ণিমাৰ দিনটোত অনুষ্ঠিত কৰি আহিছে এই ঐতিহাসিক কমিটি ভাওনা৷ আৰু এইবাৰো মৰিগাঁৱত শংকৰী কলা সংস্কৃতিৰ ধ্বজা উৰুৱাই অহা চৰাইবাহী অঞ্চলৰ তিনিটা স্থানত অনুষ্ঠিত হৈছে এই ১৬৫ বছৰীয়া ঐতিহাসিক কমিটি ভাওনা ৷ অৱশ্যে চৰাইবাহীৰ সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰত যোৱা ২ নবেম্বৰৰ পৰা বিভিন্ন কাৰ্যসূচীৰে এই কমিটি ভাওনা অনুষ্ঠিত কৰা হৈছে যদিও কাইলৈ অৰ্থাৎ ৭ নবেম্বৰত অনুষ্ঠিত হ’ৱ মূল কমিটি ভাওনা৷ বিশেষকৈ কাইলৈ দিনটোতে চৰাইবাহীৰ সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰত নাথ সম্প্ৰদায়ৰ লোকসকলে ১২খন, সাৰ্বজনীন শংকৰ মন্দিৰত ৭টা জনগোষ্ঠীয়ে ১০খন আৰু বড়িগাঁও ৰাস মন্দিৰত চুতীয়া সম্প্ৰদায়ৰ লোক সকলে এখন সৰ্বমূঠ ২৩ খনকৈ অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হ’ব ৷ ইয়াৰ বাবে সাজু হৈ পৰিছে প্ৰায় এক হাজাৰ ভাৱৰীয়া আৰু প্ৰায় পাঁচ শতাধিক গায়ন বায়ন৷ উদুলি-মুদুলি হৈ পৰিছে সমগ্ৰ চৰাইবাহী অঞ্চল ৷ দ্বিতীয় বৈকুণ্ঠ আৰু বৃন্দাবনলৈ পৰিণত হ’ৱ সমগ্ৰ চৰাইবাহী অঞ্চলৰ আকাশ বতাহ ৷ লগতে দুৰ দুৰণিত অতিথিক আপ্যায়ন কৰিবলৈ সাজু হৈছে চৰাইবাহীৰ গৃহিণী তথা চৰাইবাহী ৷
প্ৰেৰক মানস নাথ