ডিকোডিং জীৱন : পার্থসাৰথি মহন্ত
নিৰপেক্ষ পক্ষপাত
কুৰুক্ষেত্র যুদ্ধৰ আগতে নিজৰ নিজৰ পক্ষৰ পৰা যুদ্ধ কৰাৰ প্রস্তাৱ লৈ অর্জুন আৰু দুর্যোধন কৃষ্ণৰ ওচৰলৈ গৈছিল৷ দুর্যোধন অর্জুনতকৈ কিছু আগতেই গৈ পাইছিল৷ কৃষ্ণই কিন্তু নিজকে নিৰপেক্ষ বুলি দেখুৱাব খুজিছিল৷ সেই কাৰণে বিছনাত শুই দিলে আৰু এখনেই চকী ৰাখিলে মূৰৰ ফালে৷ দুর্যোধন আহি পাই কৃষ্ণক শুই থকা দেখি মূৰৰ ফালে বহিল৷ কৃষ্ণই ভালদৰে জানিছিল দাম্ভিক দুর্যোধন কেতিয়াও ভৰিৰ ফালে নবহে৷ অর্জুন কিন্তু আহি ভৰিৰ ওচৰতে বহিল৷ স্বাভাৱিকতে কৃষ্ণই সাৰ পাই চকু মেলি অর্জুনকে প্রথম দেখা পালে আৰু অহাৰ কাৰণ সুধিলে৷ অর্জুনেও কৃষ্ণক কুৰুক্ষেত্র যুদ্ধত পাণ্ডৱৰ পক্ষত থকাৰ প্রস্তাৱ প্রথমে দিবলৈ সুবিধা পালে৷
কৃষ্ণ পক্ষপাতদুষ্ট আছিল৷ অৱশ্যে এয়া আছিল সজ্ঞানে কৰা পক্ষপাত৷ কৃষ্ণ ধর্মৰ পক্ষত থাকিব বিচাৰিছিল৷
সজ্ঞানে–জ্ঞানে, জ্ঞানতঃ–নিঃসজ্ঞভাৱে প্রায়ে সকলো কথাতে আমি কম–বেছি পৰিমাণে পক্ষপাতী৷ যিকোনো বিষয়, বস্তু, কথা, মানুহ বা গোটৰ প্রতি থকা আমাৰ অনুচিত তুলনামূলক পূর্ব ধাৰণাই হৈছে পক্ষপাত৷ এয়া সম্পূর্ণ প্রকৃতিস্থ অৱস্থাত জানি–বুজি কৰা পক্ষপাত হ’ব পাৰে, নতুবা আমাৰ অজ্ঞাতসাৰে আমাৰ অৱচেতন মনত সোমাই থকা অসমীচীন ধাৰণা হ’ব পাৰে৷ সচেতন পক্ষপাত এক অর্থত এক ইচ্ছাকৃত সিদ্ধান্ত৷ সেয়া বাৰু আমি মানুহজনৰ বিবেক–বুদ্ধি, বিচাৰ–বিবেচনা, জ্ঞান–চিন্তালৈ এৰি দিলোঁ৷ কিন্তু অৱচেতন পক্ষপাত অৱচেতন পক্ষপাত বিপজ্জনক৷ আমি নাজানো যে আমি পক্ষপাতিত্বমূলক৷ আৰু নির্বোধৰ দৰে আচৰণ কৰি থাকোঁ৷
এয়া অনবহিত৷ অনবহিত পক্ষপাত৷ মানুহ মানেই অনবহিত পক্ষপাত ভ্রমপ্রৱণ৷ আমি পক্ষপাত কৰিব নোখোজো, আমি পক্ষপাতী হ’ব নোখোজো, কিন্তু গম নোপোৱাকৈয়ে আমি পক্ষপাত কৰি পেলাওঁ৷ বুজি নোপোৱাকৈয়ে আমি পক্ষ লৈ থাকোঁ, চিন্তাতো, কামতো৷ আৰু যেতিয়াই উপলব্ধি কৰোঁ, স্বীকাৰ নকৰো, ঠিক যেনেকৈ হিংসা কৰিলে আমি মানি নলওঁ৷ কাৰণ এনে অনিচ্ছাকৃত পক্ষপাত আমাৰ মস্তিষ্কই স্বয়ংক্রিয়ভাৱে কৰা মূল্যায়ন আৰু দ্রুত সিদ্ধান্তৰ পৰা ট্রিগাৰ হয়৷ আমাৰ অতীত আৰু বর্তমানৰ পৰিৱেশ, পৰিস্থিতি, পটভূমি, প্রেক্ষাপটত হোৱা আমাৰ ব্যক্তিগত অভিজ্ঞতা আৰু সামাজিক মুদ্রণ ফলকৰ দ্বাৰা প্রভাৱিত হয় এই মূল্যায়ন আৰু সিদ্ধান্ত গ্রহণ প্রক্রিয়া৷
এই কথাবিলাক আমাৰ হাড়ে–হিমজুৱে এনেদৰে সোমাই থাকে যে আমি উপলব্ধিয়েই নকৰো, অথচ দৈনন্দিন জীৱনৰ প্রায় প্রতিটো কথাতেই আমি পক্ষপাত কৰো৷ লিংগ পক্ষপাত৷ আমি পুৰুষ–মহিলাৰ ক্ষেত্রত পক্ষপাত কৰোঁ৷ পুৰুষে ভাবে তেওঁলোক মহিলাতকৈ বেছি এফিছিয়েণ্ট৷ আনহে নালাগে, মহিলাই আনকি গাড়ীও ভালকৈ চলাব নোৱাৰে৷ মহিলাই গাড়ী চলোৱা পুৰুষৰ বাবে এটা কৌতুক৷ ইয়াৰ বিপৰীতে আন এটা অনবহিত ধাৰণা হ’ল যে সন্তান হিচাপে ছোৱালী ল’ৰাতকৈ উত্তম৷ ৰূপ–সৌন্দর্য৷ দেখনিয়াৰ হ’লে পুৰুষ হওক, মহিলা হওক আমি বায়াচ্ড হৈ পৰোঁ৷ কর্মক্ষেত্রতো এইটো এটা ডাঙৰ বায়াচ্৷ স্মার্ট হ’লে অগ্রাধিকাৰ পাবই৷ লগতে যদি আনক সহজতে ইম্প্রেছ কৰিব পৰা কিবা গুণ আছে তেতিয়াহ’লেতো কথাই নাই৷ সেয়া ব্যক্তিত্বৰ কিবা গুণ হওক বা কোনোবা ডাঙৰ বিশ্ববিদ্যালয়ৰ পৰা লোৱা ডিগ্রী হওক, আমি লগে লগে ইম্প্রেছ্ড আৰু বায়াচ্ড৷ হেল’ এফেক্ট৷ আমি তৎক্ষণাত প্রভাৱিত হৈ যাওঁ৷ হর্নছ এফেক্ট আকৌ ওলোটা৷ কাৰোবাৰ কিবা কথা যদি বেয়া লাগিল, লগে লগে আমাৰ বিকর্ষণ হয় আৰু আমাৰ সিদ্ধান্ত সেই মানুহজনৰ বিপক্ষে যায়৷ আপোনা–আপুনি৷ জ্ঞাতি–কুটুম্ব বায়াচ্ এটাও আছে৷ পছন্দ, চিন্তাধাৰা, বংশ পৰিয়াল, সামাজিক স্তৰ আদি একে হ’লেও আমি পক্ষপাতমূলক আচৰণ কৰোঁ৷ আমি তুলনা কৰিও সিদ্ধান্ত লওঁ৷ তুলনাবোৰ সঠিক হৈছে নে নাই আমি নাচাওঁ৷ মানে প্রতিতুলনা বায়াচ্৷ লগতে আমি স্থিতাৱস্থা বাহাল ৰাখিব বিচাৰোঁ৷ ভৰিৰ তলৰ মাটি হেৰাব বুলি আমাৰ এটা শংকা আছে৷ আমি সলনি হ’বলৈ ভয় কৰোঁ৷ পৰিৱর্তন প্রতিহত কৰিবলৈ চেষ্টা কৰোঁ৷ স্থিতাৱস্থা বায়াচ্৷ আমাৰ আন এটা প্রৱণতা হ’ল প্রথমে পোৱা খবৰটোক আমি বেছি গুৰুত্ব দিওঁ৷ এইটোও এটা বায়াচ্৷ নেতৃস্থানীয় লোকৰ কথা আমি সঁচা বুলি মানি লওঁ৷ কাৰণ তেওঁলোকৰ কথা–বতৰা কর্তৃত্বসুলভ৷ আমি কর্তৃত্বৰ প্রতি বায়াচ্৷ অত্যধিক আত্মবিশ্বাসেও আমাক পক্ষপাতী কৰি তোলে৷ ধৰিয়েই লওঁ যে আমি আনতকৈ ভাল৷ এটা অন্তর্নিহিত পক্ষপাত৷ কেতিয়াবা আকৌ আমি আৱেগৰ বশৱর্তী হৈ সিদ্ধান্ত লওঁ আৰু ভাবো যে এটা সাংঘাতিক দ্রুত সিদ্ধান্ত লৈছোঁ৷ ইও কিন্তু অজানিতে কৰা পক্ষপাত৷ আমি তাৎক্ষণিকভাৱেও পক্ষপাত কৰোঁ৷ আগতে হৈ যোৱা ঘটনাতকৈ অলপতে হোৱা ঘটনাক আমি বেছি গুৰুত্ব দিওঁ৷ কেতিয়াবা আকৌ আমি খেয়াল–খুচিমতে অত্যন্ত মেজাজী হৈ সিদ্ধান্ত লওঁ৷ খেয়ালি পক্ষপাত৷
অনবহিত পক্ষপাত এনেদৰে সকলোতে আছে৷ আমি বাস কৰা চুবুৰিটোৰ পৰা আৰম্ভ কৰি আমাৰ কর্মক্ষেত্রলৈকে, আমাৰ ব্যক্তিগত অগ্রাধিকাৰৰ পৰা সামূহিক সিদ্ধান্তলৈকে প্রায় প্রতিটো কথা–কামতেই আমি নিজৰেই অলক্ষিতে পক্ষপাতমূলকভাৱে কাম কৰি থাকোঁ৷
গাট্ ফিলিং৷ কথাই কথাই কওঁ৷ গাট্ ফিলিঙত কামো কৰোঁ৷ আমি জাষ্টিফাই কৰিবলৈও চেষ্টা কৰোঁ– গাট্ ফিলিঙত কাম কৰিছো যেতিয়া সেয়া যুক্তিসংগত৷ আচলতে কিন্তু গাট্ ফিলিং মূলতঃ আমি উপলব্ধি নকৰাকৈ কৰা পক্ষপাত৷ কোনো যুক্তি নথকাকৈ হোৱা তাৎক্ষণিক অনুভৱ বা প্রতিক্রিয়াই হৈছে গাট্ ফিলিং৷ আমি কিন্তু গ্ল’ৰিফাই কৰিবলৈ চেষ্টা কৰোঁ৷ ‘গাট্ ফিলিঙত কাম কৰিছো, মোৰ কেনেকৈ ভুল হ’ব পাৰে’ মানে লগতে নিজকে ছুপিৰিয়ৰ বুলি ভবাৰ পৰা হোৱা পক্ষপাত৷
অৱচেতন মনত সোমাই থকা এই পক্ষপাতে আচলতে আমাক আমি ভবাতকৈও বেছিকৈ প্রভাৱিত কৰে৷ অজানিত পক্ষপাতে অৱচেতন মানসিক প্রক্রিয়াক প্রভাৱিত কৰি আমাৰ মনৰ ভিতৰতে এক বৈষম্যমূলক আইনৰ সৃষ্টি কৰে৷ আমাৰ পৰিজ্ঞান–প্রতীতিৰ ওপৰত নির্ভৰ কৰি আমি চিন্তা কৰোঁ, সিদ্ধান্ত লওঁ, কাম কৰোঁ৷ এই সমগ্র প্রক্রিয়াটোৱে আমাক ডিফাইন কৰে৷ আমাৰ ব্যক্তিত্ব গঢ়ি তোলে৷ ভুলক সাৰ কৰি আমি নিশ্চয় আমাৰ সত্তা গঢ়ি তুলিব নিবিচাৰিম৷
প্রথমতে আমি মানি ল’ব লাগিব আমি বায়াচ্ড৷ অপৰিজ্ঞাত হ’ব পাৰোঁ৷ কিন্তু হয়৷ নিজে নজনাকৈয়ে যে আমি বায়াচ্ড সেই কথা মানি লোৱাৰ লগে লগে আমাৰ আধা প্রব্লেম শেষ৷
তোমাৰ যদি মগজ আছে তুমি বায়াচ্ড৷ কাৰণ আমাৰ মগজে অনবৰতে কাম কৰি থাকে, কিন্তু বুজিয়েই নাপায় যে অজানিতে বিভিন্ন কাৰকৰ পৰা প্রভাৱিত হৈ আছে৷ সেই কাৰণে কথা এটা শুনি শেষ হোৱাৰ আগতেই আমি মনতে এটা নিজা অ’পিনিয়ন ফর্ম কৰি লওঁ৷ কথাটো যেনেকুৱা আমি তেনেকৈ নাচাওঁ, আমি যেনেকৈ চাব বিচাৰো তেনেকৈহে চাওঁ৷ কাৰণ আমাৰ ব্রেইনটো আমাৰ অগোচৰে তেনেকৈয়ে প্রগেম্ড হৈ থাকে৷ এই পূর্ব ধাৰণাবোৰ আমাৰ মন–মগজুত এনেকৈয়ে অন্তর্নিহিত হৈ থাকে যে আমাৰ সজ্ঞান–সচেতন বিশ্বাসকো ই উৰুৱাই দিব পাৰে৷ সকলোৱে জানো আমি জাতি–ধর্মৰ ঊর্ধ্বত থাকিব লাগে৷ কিন্তু নিজৰ জাতি–ধর্মৰ কাৰোবাক পোৱাৰ লগে লগে অনেকেই পক্ষপাতী হৈ পৰে৷
এইটো এটা সার্বজনীন সমস্যা৷ আমি যদি সঁচাই যুক্তিবাদী হ’ব খোজো এই বায়াচ্বোৰ চিনাক্ত কৰিব লাগিব আৰু এইবোৰে যাতে আমাৰ মগজুত ক্রিয়া কৰিব নোৱাৰে জাগ্রত আৰু সজাগ হ’ব লাগিব, তেতিয়াহে আমি এখন সমেত আৰু অগ্রগামী সমাজ গঢ়ি তুলিব পাৰিম৷
সেয়েহে আত্মবিশ্লেষণৰ কাৰণে আমি কিছু সময় নিজকে আছুতীয়াকৈ দিব লাগিব৷ নিজৰ বায়াচ্বিলাক উপলব্ধি কৰি নিজেই নিজৰ ওপৰত চকু ৰাখিব লাগিব৷ অলপ পক্ষপাতী হোৱা যেন লাগিলে বিষয়টোৰ ওপৰত আমি আনৰো মত ল’ব পাৰোঁ৷ দুই–তিনিটা অ’পিনিয়নতে বায়াচ্ ওলাই পৰে৷ প্রয়োজন হ’লে ধীৰে–সুস্থিৰে সিদ্ধান্ত ল’ব লাগিব৷ যিমানে খৰ হ’ব সিমানে ভুল হ’ব৷ কাৰণ ইম’চন, ছুপিৰিয়ৰিটী একোৱেই নিয়ন্ত্রণ নহ’ব৷ সেইকাৰণে কথা এটা দুনাই চিন্তা কৰা ভাল৷ প্রতিক্রিয়া এটা দুবাৰ ভাবি দিয়া ভাল৷
আমাৰ অনবহিত পক্ষপাত আছে বুলি আমি মানি ল’ম নেকি বাৰু?