নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুক্তকণ্ঠ : নগেন শইকীয়া

মাধৱ কন্দলী ৰামায়ণৰ প্রাচীনত্ব নিৰূপণ

‘মহাকাব্য অধ্যয়ন কেন্দ্র’, যোৰহাট ধন্যবাদৰ পাত্র যে ভ্রান্তিবশতঃ চতুর্দশ শতিকাত মাধৱ কন্দলীকৃত অসমীয়া ৰামায়ণৰ সাতটা কাণ্ডৰ আদি আৰু উত্তৰাকাণ্ড নোপোৱাৰ ফলত ষোডশ শতিকাত শংকৰদেৱ আৰু মাধৱদেৱে দুয়োটা কাণ্ড দুগৰাকীয়ে কৰি সম্পূর্ণ কৰাৰ পিছত ১৭ (সোতৰশ) শতিকাৰ কবি কৃত্তিবাসে বাংলাত কৰা ৰামায়ণৰ গৌড়ীয় পাঠৰ সময়–চক্র অন্তর্ভুক্ত কৰা পণ্ডিতসকলৰ ভ্রান্তি দূৰ কৰাৰ এটা গুৰুত্বপূর্ণ কাম হাতত ল’লে৷ দেখা যায় যে চতুর্দশ শতিকাতে মাধৱ কন্দলীয়ে বাল্মীকি ৰামায়ণৰ কাহিনীৰ কোনো সলনি নকৰাকৈ জতুৱা অসমীয়ালৈ ৰামায়ণৰ সাহিত্যৰস ৰক্ষা কৰি অনুবাদ কৰাৰ বিষয়টো ভৰতবর্ষৰ আৰু পশ্চিমৰ ৰামায়ণ সম্পর্কে চর্চা কৰা পণ্ডিতসকলে জনা নাছিল নাইবা জানিবৰো চেষ্টা কৰা নাছিল৷ ইয়াৰ এটা ডাঙৰ কাৰণ হ’ব পাৰে যে যিহেতু পুৰণি কামৰূপ আৰু পৰৱর্তী কালৰ অসম ভাৰতবর্ষৰ আর্যৱর্তৰ ভিতৰত নাছিল, সেইবাবে বংগকে ধৰি ভাৰতৰ অন্যান্য অঞ্চলৰ সাধাৰণ মানুহৰ কথা নকওঁৱেই, পণ্ডিতসকলেও অসম, অসমীয়া ভাষা, সাহিত্য সম্পর্কে সঠিকভৱে জনা নাছিল বা অনুসন্ধান কৰা নাছিল৷ আনকি ঊনবিংশ শতিকা পর্যন্ত অসম সম্পর্কে বংগৰ পৰা আৰম্ভ কৰি ভাৰতবর্ষৰ অন্যান্য অঞ্চলৰ মানুহৰ বাবেও এই কথা অজ্ঞাত হৈ আছিল যে খ্রীষ্টপূর্ব কেইবাশতিকাৰো আগতেই বর্মন বংশৰ ৰজাসকলৰ দিনতে প্রাচীন কামৰূপত সংস্কৃত ভাষাৰ চর্চা আৰম্ভ হৈছিল৷ তদুপৰি ব্রহ্মপুত্র উপত্যকাৰ প্রাচীন সৰু সৰু জনগোষ্ঠীসকলৰ অনেকেই লাহে লাহে আর্য ভাষা আৰু সংস্কৃতিৰ বৃত্ত লৈ সোমাই আহি পৰৱর্তী কালত আর্যকুলৰ অন্তর্ভুক্ত হৈছিল৷ সেই বাবে আর্য কুলেদ্ভৱ বুলি দাবী কৰা বহুসংখ্যক অসমীয়া মানুহৰ নৃতাত্ত্বিক বৈশিষ্ট্য আলপাইনসকলৰ লগত বহুক্ষেত্রত মিলিলেও ককেচীয়সকলৰ লগত মিলা নাছিল৷ তদুপৰি আহোম ৰজাসকলৰ শাসনৰ শেহলৈকে অসমৰ বাহিৰৰ কোনো লোক অসমলৈ আহিলে নাইবা বিভিন্ন বৃত্তিৰ অভিজ্ঞ লোকক ৰজাই আন দেশৰ পৰা অনালেও ইয়াৰ পৰা ঘূৰি যাবলৈ দিয়া নাছিল৷ এই বিষয়টো ড০ সূর্য কুমাৰ ভূঞাই তেওঁৰ ‘এংলো–আছামিজ ৰিলেচন্ছ’ শীর্ষক গ্রন্থত উল্লেখ কৰি গৈছে৷ এতেকে বাহিৰৰ মানুহে অসম সম্পর্কে বিশেষভাৱে আগ্রহান্বিত হোৱাৰ বা পৰিচয় লাভ কৰাৰ উপায় নাছিল৷

আন এটা কথাও এইক্ষেত্রত প্রসংগক্রমে উল্লেখযোগ্য যে চর্যাপদ ৰচনাৰ দিনৰে পৰাই ঊনবিংশ শতিকালৈকে অসমীয়া ভাষাৰ প্রাচীন পুথিসমূহ সাঁচিপাতত লিখা হৈছিল৷ এই সাঁচি গছ ব্রহ্মপুত্র উপত্যকাৰ বাহিৰে আন ক’তো প্রকৃতিজাতভাৱে নাছিল আৰু এতিয়াও নাই৷ তদুপৰি বর্তমানৰ বাংলাদেশকো সামৰি কামৰূপ ৰাজ্যৰ সীমা কৰতোৱালৈকে বিয়পি আছিল৷ এতেকে পশ্চিমবংগ, বাংলাদেশ, বর্তমানৰ ত্রিপুৰা আদিলৈকে যিমানবোৰ সাঁচিপাতৰ পুথি উদ্ধাৰ হৈছে, সেই সাঁচিপাত আৰু তাত ব্যৱহাৰ কৰা লিপি যে প্রাচীন অসমীয়া লিপিৰে একোটি ৰূপ, সেই বিষয়ে নিশ্চিত হ’ব পাৰি৷ কিন্তু ব্রিটিছসকল আহি বেংগলত খোপনি পোতাৰ পিছত তাত পোৱা পুৰণি পুথি আৰু তাত ব্যৱহূত লিপি বাংলা লিপি আৰু বাংলা ভাষা বুলিয়েই স্বাভাৱিকতে ভাবিছিল৷ ঊনবিংশ শতিকাত ব্রিটিছ শক্তিয়ে অসম অধিকাৰ কৰাৰ পিছত ইয়াত ব্যৱহূত ভাষা আৰু লিপি বাংলা ভাষাৰ এটা ভাগ বুলি বিশ্বাস কৰিছিল আৰু বাঙালীসকলেও সেই বিশ্বাস কৰি আহিছিল আৰু এতিয়াও অনেকেই তেনেদৰে ভাবে৷ তেওঁলোকে ধাৰণা কৰিব পৰা নাছিল যে ৰামায়ণ, মহাভাৰতৰ দৰে প্রাচীন গ্রন্থসমূহ অসমত প্রায় দশম শতিকাৰ পৰাই পঠিত হৈ আহিছিল৷

এতিয়া অসমীয়া ভাষা–সাহিত্যৰ বিষয়ে ভাৰতবর্ষৰ শিক্ষিত লোকৰ একাংশই কিছু কথা জানে যদিও এতিয়াও অনেকে সঠিকভাৱে এই ভাষা–সাহিতৰ প্রাচীন কালৰে পৰা আধুনিক কাললৈকে হোৱা বিকাশ আৰু বিস্তাৰৰ কথা নাজানে৷ সেই বাবে বহু সময়ত ভ্রান্তিৰ সৃষ্টি নোহোৱাকৈও থকা নাই৷ ২০২০ খ্রীষ্টাব্দত অযোধ্যাত ৰাম মন্দিৰ নির্মাণকার্য আৰম্ভ কৰাৰ সময়ত ভাৰতৰ মাননীয় প্রধানমন্ত্রী নৰেন্দ্র মোদী ডাঙৰীয়াই অৱধি ভাষাত লিখা গোস্বামী তুলসী দাসৰ ‘ৰাম–চৰিতমানস’ বাংলা ভাষাৰ ‘কৃত্তিবাসী ৰামায়ণ’কে ধৰি বিভিন্ন ভাষাৰ ৰামায়ণৰ কথা উল্লেখ কৰিলে যদিও চতুর্দশ শতিকাৰ অসমীয়া ভাষাৰ মাধৱ কন্দলী ৰামায়ণৰ বিষয়ে তেওঁ কোনো উল্লেখ কৰা নাছিল৷ বৰং অসমৰ ৰামায়ণ গৌড়ীয় পাঠৰ অন্তর্ভুক্ত বুলি ভাবিছিল৷ এই কথাই প্রমাণ কৰে যে এতিয়াও ভাৰতৰ অনেক শিক্ষিত লোক অসমীয়া ভাষা–সাহিত্যৰ বিষয়ে সঠিকভাৱে অৱগত হোৱা নাই৷ হোৱা হ’লে প্রধানমন্ত্রীক এই বিষয়ত তথ্য যোগাওঁতাসকলেই যে এই বিষয়ে জনা নাছিল বা জনা নাই, তাৰ ইংগিত কন্দলী ৰামায়ণৰ অনুল্লেখেই ঘোষণা কৰিছে৷
উল্লেখ্য যে ২০১১ খ্রীষ্টাব্দতে যোৰহাটত গঠন কৰা ‘মহাকাব্য অধ্যয়ন কেন্দ্র’ নামৰ অনুষ্ঠানটোৰ সচিব ড০ মালিনীয়ে এই বিষয়টো উল্লেখ কৰি মাননীয় প্রধানমন্ত্রীলৈ মাধৱ কন্দলী ৰামায়ণৰ তথ্য–পাতিৰ সৈতে এখন পত্র দিছিল যদিও তেখেতে পৰৱর্তী কালত এই বিষয়ে কোনো উত্তৰ–প্রত্যুত্তৰ পোৱা নাই৷ মহাকাব্য অধ্যয়ন কেন্দ্রই এই বিষয়ে প্রকৃত শুদ্ধ তথ্য দাঙি ধৰিবলৈ ভাৰতীয় প্রান্তীয় ভাষাসমূহত ৰামায়ণ ৰচনাৰ সময়ানুক্রমিক তথ্যৰ ভিত্তিত অসমীয়া ৰামায়ণ সম্পর্কে প্রকৃত সত্য দাঙি ধৰিবৰ নিমিত্তে এখন আঠজনীয়া উপ–সমিতি গঠন কৰি ড০ মালিনীক সেই উপ–সমিতিৰ সভাপতিস্বৰূপে দায়িত্ব দিয়ে৷ তদুপৰি ড০ কৰৱী ডেকা হাজৰিকা, ড০ পৱিত্রপ্রাণ গোস্বামী আৰু মোক উপদেষ্টা স্বৰূপে থাকিবৰ বাবে অনুৰোধ কৰে৷ এই উপ–সমিতিখনে সংগ্রহ কৰা সকলো তথ্য–পাতি বিশ্লেষণ কৰে আৰু তাৰে ভিত্তিত প্রথমে অসমীয়াত এখনি গ্রন্থ প্রণয়ন কৰিবৰ বাবে ড০ মালিনী, ড০ প্রাপ্তি ঠাকুৰ আৰু ৰেৱত মহন্তক দায়িত্ব দিয়ে৷

এই কথা সহজেই অনুমান কৰিব পাৰি যে ‘ভাৰত–তত্ত্ব’ সম্পর্কে চর্চা কৰা বেলজিয়ামৰ পণ্ডিত ড০ কামিল বুল্কেই ৰচনা কৰা ৰামকথা বিষয়ক গ্রন্থত আৰু পণ্ডিত বলদেৱ উপাধ্যায়ৰ দৰে পণ্ডিতেও অসমীয়া ভাষাৰ ৰামায়ণ সম্পর্কে ঐতিহাসিক গৱেষণা নকৰাকৈয়ে মাধৱ কন্দলীৰ ৰামায়ণক বাংলাৰ গৌডীয় ৰামায়ণ অর্থাৎ কৃত্তিবাসী ৰামায়ণৰ ধাৰাৰ ভিতৰত অন্তর্ভুক্ত কৰি গ’ল৷ আৰু এই ৰামায়ণত বিশেষকৈ মাধৱদেৱে কৰা আদিকাণ্ড কৃত্তিবাসী ৰামায়ণৰ আধাৰত লিখা বুলি তথ্য, যুক্তি নোহোৱাকৈ কেৱল অনুমানসিদ্ধ সিদ্ধান্ত লিপিবদ্ধ কৰি গ’ল৷ দুখৰ কথা এয়ে যে সৃষ্টিশীল লেখকস্বৰূপে সর্বভাৰতীয় স্বীকৃতি লাভ কৰা ইন্দিৰা গোস্বামী (মামণি গোস্বামী)য়েও তেখেতৰ ৰামায়ণ সম্পর্কীয় গৱেষণা গ্রন্থৰ বাবে ডক্টৰেট ডিগ্রী লাভ কৰা গ্রন্থখনিতো ড০ বুল্কেৰ সিদ্ধান্তৰ ওপৰতে গুৰুত্ব দিলে৷ উল্লেখযোগ্য যে বংগৰ কৃত্তিবাস ওজা নিঃসন্দেহে এগৰাকী স্বাভাৱিক কবিত্ব প্রতিভাসম্পন্ন ব্যক্তি৷ কিন্তু তেওঁ ৰচনা কৰা ৰামায়ণত বংগত প্রচলিত লোক–কাহিনী অনুসৰি শ্রীৰামচন্দ্রই ৰাৱণৰ লগত যুদ্ধ কৰিবলৈ যোৱাৰ আগতে শৰৎ কালত দুর্গা দেৱীক অকাল বোধন কৰি পূজা–র্চনা কৰাৰ কাহিনী সংযুক্ত কৰি গৈছে৷ কোনো পণ্ডিতে তেওঁক ষোড়শ শতিকাৰ কবি বুলি ক’ব খুজিলেও তেওঁৰ ৰচনাৰ মাজত সময়ৰ তথ্য লাভ কৰিবলৈ তেওঁ নিজৰ সময়ৰ কোনো ৰজাৰ নাম উল্লেখ কৰি যোৱা নাই৷ ড০ সুকুমাৰ সেনৰ দৰে প্রসিদ্ধ পণ্ডিতে তেওঁক সোতৰশ শতিকাৰ কবি বুলি দাঙি ধৰা তথ্যৰ ভিত্তিত কৃত্তিবাসৰ ৰচনা যে মাধৱদেৱ (১৪৮৯–১৫৯৬)ৰ পিছৰ কালৰ সেই সম্পর্কে নিশ্চিত হ’ব পাৰি৷ তদুপৰি ড০ নলিনীকান্ত ভট্টশালীয়ে কৃত্তিবাসৰ আদিকাণ্ড সম্পাদনা কৰোঁতে তাৰ মাজত পাঁচটা পৃষ্ঠা ‘আন কোনো বৈষ্ণৱ কবিৰ ৰচনাৰ পৰা লোৱা’ বুলি কৰা উল্লেখে এই ইংগিত দিয়ে যে সেই অংশ কৃত্তিবাসৰ পূর্বৱর্তী মাধৱদেৱৰ আদিকাণ্ডৰ পৰা সংগ্রহ কৰা অংশৰ বাহিৰে অন্য কোনো বেলেগ উৎস থকাৰ সম্ভাৱনা নাই৷ উল্লেখযোগ্য যে সাঁচি গছ কেৱল অসমতেই হয় আৰু খ্রীষ্টপূর্ব কালৰ পৰা আৰম্ভ হোৱা বর্মন বংশৰ ৰাজ্যৰ সীমা বংগলৈকে বিয়পি আছিল৷ তদুপৰি পৰৱর্তী কালতো আনকি কোচবিহাৰৰ পৰা পশ্চিমলৈ এটা ডাঙৰ অংশ অসমৰ ভিতৰত আছিল৷ উল্লেখযোগ্য যে মাধৱদেৱৰ জন্মস্থানো আছিল বর্তমান সীমাৰ বাহিৰৰ বন্দুকাত৷ এতেকে মাধৱদেৱৰ আদিকাণ্ড বংগদেশত সোমোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ এই কথাও উল্লেখযোগ্য যে ড০ বুল্কাৰ গৱেষণাৰ সময়লৈকে কৃত্তিবাসী ৰামায়ণৰ যিমান পাঠ পোৱা গৈছিল, সেই সকলোবোৰ শংকৰদেৱ আৰু মাধৱদেৱৰ পৰলোকপ্রাপ্তিৰ পিছৰ পাঠ৷ আন এটা মন কৰিবলগীয়া কথা এয়ে যে কৃত্তিবাসী ৰামায়ণ প্রথম শ্রীৰামপুৰৰ ব্রিটিছ মিছনেৰীয়ে ১৮০৩ খ্রীষ্টাব্দত ছপা কৰি উলিয়াইছিল৷ ঊনবিংশ শতিকালৈকে কিছু নতুন কথাও সোমোৱা কৃত্তিবাসী ৰামায়ণক বুল্কেই কি তথ্যৰ ভিত্তিত শংকৰদেৱ–মাধৱদে পিছৰ বুলি আনকি চতুর্দশ শতিকাৰ মাধৱ কন্দলীৰ ৰচনাকো ঐতিহাসিক স্থান দিয়াৰ উল্লেখ নকৰি কৰা গৱেষণাৰ ভিত্তিতে যে অসমীয়া ৰামায়ণ গৌডীয় পাঠৰ বৃত্তৰ ভিতৰত পৰে, সেই সিদ্ধান্তলৈ কেনেকৈ আহিল জনা নাযায়৷

এনে ঐতিহাসিক পটভূমিত অসমত অধ্যাপক কেশদা মহন্তই অসমীয়া ৰামায়ণী সাহিত্য সম্পর্কে অধ্যয়ন আৰু গৱেষণা কৰি ৰচনা কৰা গ্রন্থখনিও এখনি বিচাৰযোগ্য গ্রন্থ৷ সমগ্র ভাৰতবর্ষৰে অনেক পণ্ডিতে অসমীয়া ৰামায়ণ সাহিত্য সম্পর্কে প্রকৃত গৱেষণা নকৰাকৈয়ে অসমীয়া ৰামায়ণক গৌডীয় পাঠৰ বৃত্তৰ ভিতৰলৈ সুমুৱাই অনাটো এটা অবৈজ্ঞানিক আৰু ক্ষতিকাৰক সিদ্ধান্তস্বৰূপেহে মান্যতা দিবলগীয়া সিদ্ধান্ত৷ সম্প্রতি মহাকাব্য গৱেষণা কেন্দ্রই ড০ মালিনীৰ তত্ত্বাৱধানত গঠন কৰি দিয়া সমিতিয়ে প্রাপ্ত সকলো তথ্যৰ ভিত্তিত প্রস্তুত কৰা গ্রন্থখনি আজি ৬ নৱেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে এগৰাকী সর্বভাৰতীয় স্তৰৰ পণ্ডিতক সন্মুখত ৰাখি উন্মোচন কৰিবলৈ কৰা ব্যৱস্থাই প্রথমতে অসমীয়া ভাষাৰ পণ্ডিতসকলৰ পৰা এই গ্রন্থৰ তথ্য আৰু সিদ্ধান্ত সম্পর্কে তেখেতসকলৰ মতামতৰ ভিত্তিত প্রয়োজন হ’লে সমগ্র গ্রন্থখনি মহাকাব্য অধ্যয়ন কেন্দ্রই অন্তিম ৰূপ দি ইংৰাজীলৈ অনুবাদ কৰাৰ ব্যৱস্থা কৰাৰ পিছত কবি কম্বই ৰচনা কৰা তামিল ৰামায়ণ, গোস্বামী তুলসী দাসে অৱধি ভাষাত লিখা ৰামচৰিত মানস আৰু বংগৰ কৃত্তিবাস ওজাই ৰচনা কৰা ৰামায়ণৰ লগত অসমীয়া ৰামায়ণ, বিশেষকৈ এই চাৰিওটা ভাষাৰ ৰামায়ণ বিশেষজ্ঞসকলক নিমন্ত্রণ কৰি দিল্লীত এখন দুদিনীয়া বা তিনিদিনীয়া আলোচনা সভাৰ আয়োজন কৰা উচিত হ’ব, যাতে এই বিষয়টোৰ সত্যতা সকলোৰে মাজত প্রতিষ্ঠিত হ’ব পাৰে৷ মই আশা কৰোঁ অসমীয়া ভাষাত প্রস্তুত কৰা এই পুথিখনিক আধাৰস্বৰূপে মহাকাব্য অধ্যয়ন কেন্দ্রই পৰৱর্তী কালত সর্বভাৰতীয় ক্ষেত্রলৈ বিষয়টিক লৈ যোৱাৰ বাবে ইংৰাজীত ৰচনা কৰাৰ বাবে সিদ্ধান্ত ল’ব পাৰিলেহে অসমীয়া ৰামায়ণৰ ৰচনাৰ ঐতিহাসিক কাল চিৰদিনৰ বাবে নিশ্চিত কৰিব পাৰিব৷

You might also like