নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিত ৰাস মহোৎসৱৰ শোভাযাত্ৰা উদ্বোধন মুখ্যমন্ত্ৰী অএছডি হেমন্ত চৌধুৰীৰ

বিশেষ বাৰ্তা, ৭ নৱেম্বৰঃ বস্ত্ৰনগৰী শুৱালকুছিত আজিৰে পৰা এঘাৰ দিনীয়াকৈ আৰম্ভ হৈছে শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ ৷ আজি পুৱা পতাকা উত্তোলনৰে ৰাস মহোৎসৱৰ কাৰ্যসূচী মুকলি কৰে সভাপতি প্ৰাণজিৎ দাসে ৷ বৃক্ষ ৰোপণ কৰে উপদেষ্টা যশপাল কলিতাই ৷ আবেলি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে৷ শোভাযাত্ৰা মুকলি কৰি দিয়া ভাষণত তেওঁ ৰাস মহোৎসৱ এক সমন্বয়ৰ প্ৰতীক বুলি উল্লেখ কৰি কয় যে শৰৎ কালৰ বিতোপন নিশা ৰাস উদযাপনে সকলোৰে মন প্ৰাণ সঞ্চাৰ কৰি তোলে৷ প্ৰানৱন্ত হৈ পৰে ডেকা গাভৰু আৰু জ্যেষ্ঠসকলো ৷ সকলো দুখ ভাগৰ পাহৰি ৰাস মহোৎসৱৰ আনন্দত আত্মহাৰা হৈ পৰে সৰ্বস্তৰ জনসাধাৰণ ৷ শ্ৰীকৃষ্ণৰ ৰাসলীলাই সকলো ভেদাভেদ এৰি এজনে আনজনক প্ৰেমেৰে ভাল পাব লাগে তাক বুজাই গৈছে বুলি উল্লেখ কৰি আমি সকলোৱে সকলো ভেদাভেদ আতৰ কৰি একতাৰ বান্ধোনৰে এক গোট হৈ সমাজখন অপসংস্কৃতিৰ পৰা ৰক্ষা কৰিবলৈ ওলাই আহিব লাগিব ৷ তেতিয়াহে সমাজত প্ৰকৃত শান্তি বাহাল থাকিব৷ তেওঁ শুৱালকুছিৰ ৰাইজে সমন্বয়ৰ প্ৰতিষ্ঠাৰে সকলোৱে মিলিজুলি ৰাস মহোৎসৱ উদযাপন কৰাত সঁচাকৈয়ে আনন্দিত হোৱা বুলি দোহাৰে৷ তেওঁৰ লগত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ সহায়ক দিগন্ত শৰ্মা৷ দুয়ো গৰাকীকে সমিতিৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচা আৰু সমিতিৰ বেজেৰে আদৰণি জনোৱা হয় ৷ শোভাযাত্ৰাত বিহু, খেৰাই নৃত্য, ঢোল, পেপা, আই মাতৃৰ নামৰ দল, বাৰ গোপাল আদিয়ে অংশ গ্ৰহণ কৰি শুৱালকুছিৰ ৰাজপথ জীপাল কৰি তোলে ৷

প্ৰেৰক দিলীপ মেধি

You might also like