নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অর্থনৈতিকভাৱে দুর্বল শ্রেণীলৈ চাকৰি আৰু শিক্ষাৰ ক্ষেত্রত ১০ শতাংশ সংৰক্ষণক বৈধতা

নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰ: কেন্দ্রীয় চৰকাৰৰ সকাহ৷ চাকৰি আৰু শিক্ষাৰ ক্ষেত্রত দৰিদ্র তথা অর্থনৈতিকভাৱে দুর্বল শ্রেণী (ইডব্লিউএছ)ৰ ১০ শতাংশ সংৰক্ষণক বৈধতা প্রদান কৰিলে উচ্চতম ন্যায়ালয়ে৷ উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে ১০৩সংখ্যক সংবিধান সংশোধনীৰ অধীনত ৩–২ মতামতৰ ব্যৱধানত দৰিদ্র তথা ইডব্লিউএছৰ বাবে চাকৰি আৰু শিক্ষাত নামভর্তিত ১০ শতাংশ সংৰক্ষণৰ বৈধতা প্রদান কৰিলে৷ সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ইউ ইউ ললিতৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠৰ ন্যায়াধীশ দীনেশ মাহেশ্বৰী, বেলা এম ত্রিবেদী আৰু জে বি পর্ডিৱালাই ইডব্লিউএছৰ ১০ শতাংশ সংৰক্ষণৰ সন্মতি প্রকাশ কৰে যদিও বিদায়ী মুখ্য ন্যায়াধীশ ইউ ইউ ললিত আৰু ন্যায়াধীশ এছ ৰবীন্দ্র ভাটে এইক্ষেত্রত অসন্মতি প্রকাশ কৰে৷ অর্থাৎ পাঁচজনীয়া বিচাৰপীঠৰ ৩ঃ২ মতামতৰ ভিত্তিত চাকৰি আৰু শিক্ষাৰ নামভর্তিত ইডব্লিউএছৰ ১০ শতাংশ সংৰক্ষণত বৈধতা প্রদান কৰা হয়৷

বিচাৰপীঠৰ ৰায় মতে ইডব্লিউএছ সংৰক্ষণ বৈষম্যমূলক নহয় আৰু ইয়ে সংবিধানৰ বুনিয়াদী গাঁথনিক পৰিৱর্তন নকৰে৷ মন কৰিবলগীয়া যে ২০১৯ চনৰ লোকসভা নির্বাচনৰ পূর্বে মোদী চৰকাৰে ইডব্লিউএছৰ কাৰণে ১০ শতাংশ সংৰক্ষণৰ আঁচনি বলৱৎ কৰে৷ এই সংৰক্ষণৰ বৈধতাক লৈ প্রশ্ণ উত্থাপন হোৱাত বিষয়টো উচ্চতম ন্যায়ালয়ৰ দ্বাৰ পায়গৈ৷ সর্বোচ্চ ন্যায়ালয়ে এই সন্দর্ভত গুৰুত্বপূর্ণ ৰায়যোগে ইডব্লিউএছৰ বাবে চাকৰি আৰু শিক্ষাত নামভর্তি ১০ শতাংশ সংৰক্ষণত বৈধতা থকা বুলি কোৱাৰ লগে লগে কেন্দ্রীয় চৰকাৰে বৃহৎ সকাহ পালে৷ পাঁচজনীয়া বিচাৰপীঠৰ সংখ্যাগৰিষ্ঠ মতামত অনুসৰি এই সংৰক্ষণে সংবিধানৰ বুনিয়াদী গাঁথনি উলংঘন নকৰে৷ ন্যায়াধীশ দীনেশ মাহেশ্বৰীৰ মতামত অনুসৰি ১০৩সংখ্যক সংবিধান সংশোধনীয়ে সংবিধানখনৰ বুনিয়াদী গাঁথনিত আঘাত নকৰে৷ তেনেদৰে ইডব্লিউএছ কোটাই ক্ষমতা আৰু সংবিধানৰ বুনিয়াদী গাঁথনিকো উলংঘন নকৰে৷ চলিত সংৰক্ষণৰ উপৰি অতিৰিক্ত সংৰক্ষণে সংবিধানৰ ব্যৱস্থাক উলংঘন নকৰে বুলি কয় ন্যায়াধীশ মাহেশ্বৰীয়ে৷ তদুপৰি ইডব্লিউএছৰ অধীনত লাভৱান্বিত হোৱাটোৱে বৈষম্যতাক নুবুজায় বুলিও বিচাৰপীঠে মত ব্যক্ত কৰে৷ সংৰক্ষণে সামাজিক ন্যায় সুৰক্ষিত কৰে বুলিও ইডব্লিউএছৰ সংৰক্ষণৰ পক্ষত থকা তিনি ন্যায়াধীশে মত ব্যক্ত কৰে৷

ন্যায়াধীশ পর্ডিৱালাই ইডব্লিউএছ কোটাৰ বৈধতাক লৈ কয়– সংৰক্ষণ মানে সামৰণি নহয়৷ ইয়ে সামাজিক ন্যায়ো সুৰক্ষিত কৰে৷ পিছপৰা শ্রেণীৰ কাৰণে সংৰক্ষণৰ চিনাক্তকৰণ পদ্ধতি পুনৰীক্ষণৰো আৱশ্যক৷ ড০ আম্বেদকাৰে ১০ বছৰৰ কাৰণে সংৰক্ষণৰ ধাৰণাটো আনিছিল৷ কিন্তু ই এতিয়াও অব্যাহত আছে৷ স্বার্থজনিত কাৰণৰ বাবে সংৰক্ষণক অনুমতি দিয়া উচিত নহয়৷ আনপিনে, এই সংৰক্ষণক লৈ অসন্মতি ব্যক্ত কৰা ন্যায়াধীশ ৰবীন্দ্র ভাটে কয় যে কেন্দ্রীয় চৰকাৰৰ দ্বাৰা এনেধৰণৰ লাভান্বিত আঁচনিয়ে এনে পর্যায় পাইছে যে ইয়ে বুনিয়াদী গাঁথনিত ব্যাঘাত জন্মোৱাৰ লগতে সমতাৰ ধাৰণাক বৈষম্য কৰি তোলে৷ তদুপৰি ন্যায়াধীশ ভাটে কয় যে অধিকাংশ অর্থনৈতিকভাৱে দুর্বল শ্রেণীৰ লোক অনুসূচিত জাতি আৰু পিছপৰা সম্প্রদায়ক প্রতিনিধিত্ব কৰি আছে৷ ন্যায়াধীশ ভাটৰ মতত সহমত প্রকাশ কৰে মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে৷ পৰিপ্রেক্ষিতত ইডব্লিউএছৰ কাৰণে চাকৰি আৰু শিক্ষাত নামভর্তিৰ ১০ শতাংশ সংৰক্ষণৰ কেন্দ্রীয় চৰকাৰৰ আঁচনিয়ে বিচাৰপীঠৰ ৩ঃ২ মতামতত বৈধতা লাভ কৰে৷ উল্লেখ্য যে মুখ্য ন্যায়াধীশ ললিতৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে ইডব্লিউএছক লৈ ৰায় যোৱা ২৭ ছেপ্ঢেম্বৰত সংৰক্ষিত ৰাখিছিল৷

You might also like