চাবুৱাত “অইল লক্ষ্য ডেভলপমেণ্ট লীগ” শুভাৰম্ভ
নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰ – অইল ইণ্ডিয়া লিমিটেডৰ চি. এছ. আৰ আঁচনি অইল লক্ষ্য-ৰ উদ্যোগত আৰু চাবুৱা ক্ৰীড়া সন্থাৰ সহযোগত ডিব্ৰুগড় জিলাৰ চাবুৱা ত্ৰিনয়ন জ্যোতি সংঘ খেলপথাৰত যোৱা বুধবাৰে অইল লক্ষ্য ডেভলপমেণ্ট ফুটবল লীগ শুভাৰম্ভ হৈ যায়৷ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ মুঠ ৩৫ ফুটবল কেন্দ্ৰৰ ল’ৰা ১৩ আৰু ১৫ বছৰ অনুৰ্ধ, ছোৱালী ১৫ বছৰ অনুৰ্ধ শাখাৰ মুঠ ৭৬ টা দলে এই লীগত প্ৰতিনিধিত্ব কৰিছে । কালি উদ্বোধনী খেলখনত ল’ৰা ১৫ বছৰ অনুৰ্ধৰ শাখাত ‘দেওহাল ফুটবল একাডেমীয়ে’ ‘ইউনাইটেড চাবুৱা এফ. চিক ১ -০ গ’লত পৰাজিত কৰে। ইফালে ছোৱালী ১৫ বছৰ অনুৰ্ধ শাখাত ‘বাম ৰাজাবাৰী ক’চিং চেণ্টাৰ’ শিৱসাগৰ দলে ‘মাহমৰা ফুটবল ক’চিং চেণ্টাৰ’ চৰাইদেউ দলক ২ -০ গ’লত পৰাজিত কৰে। উক্ত উদ্বোধনী অনুষ্ঠানতে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ তথা এন. আই. এছ প্ৰশিক্ষক টচেন বড়াক এখনি চেলেংসহ জাপি আৰু স্মাৰকৰ লগতে কিছু মাননিয়ে তেখেতক সম্বৰ্ধনা জনোৱা হয়। ইফালে আজিৰ পৰা প্ৰতি শনিবাৰ আৰু দেওবাৰে সমান্তৰাল ভাবে ৮ টা মণ্ডলত অনুষ্ঠিত হ’ব লগীয়া লীগখন প্ৰায় তিনিমাহ ধৰি অনুষ্ঠিত হৈ দুলীয়াজান নেহৰু ময়দানত চূড়ান্ত খেল সমূহ অনুষ্ঠিত হ’ব। এই লীগৰ পৰাই প্ৰায় ৪০ গৰাকী ১৫ বছৰ অনুৰ্ধৰ প্ৰতিভাৱান খেলুৱৈক চিনাক্ত কৰি আমন্ত্ৰিত প্ৰশিক্ষকৰ দ্বাৰা উৎকৃষ্ট মানৰ বিনামূলীয়া এক আৱাসীক প্ৰশিক্ষণ দিয়া ব্যৱস্থা কৰা হ’ব । উক্ত প্ৰশিক্ষণ শিবিৰ পৰা ২০ গৰাকী প্ৰতিভাবান খেলুৱৈক চুবুৰীয়া ৰাজ্য মণিপুৰ অথবা মেঘালয়ৰ কিছু সংখ্যক প্ৰীতি মূলক খেলত অংশগ্ৰহণৰ উদ্দেশ্যে exposure tour লৈ নিয়া পৰিকল্পনা ‘অইল লক্ষ্য’ য়ে হাতত লৈছে বুলি জানিবলৈ দিয়ে দুলীয়াজান ফুটবল ক’চিং চেণ্টাৰ’ৰ সাধাৰণ সম্পাদক ভৱেন চাংমায়ে । উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অইল ইণ্ডিয়া লিমিটেডৰ জনসৰ্ম্পকৰক্ষী বিভাগৰ চি. এছ. আৰ ৰ জ্যেষ্ঠ প্ৰবন্ধক নয়না মধু দত্ত, জনসৰ্ম্পকৰক্ষী বিভাগৰ জ্যেষ্ঠ প্ৰবন্ধক নৱ দাস, ‘অইল লক্ষ্য’ মূল পৰিচালনা কেন্দ্ৰ ‘দুলীয়াজান ফুটবল ক’চিং চেণ্টাৰ’ ৰ সভাপতি তথা অসম ফুটবল সন্থাৰ উপ সভাপতি ৰমেশ ফুকন, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ স্বাধীন ডেকা ৰাজা, প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাৰদ্বয় অনিল বৰগোঁহাই, মঞ্জু শইকীয়া, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা প্ৰমুখ্যে কেইবাগৰাকী ৰাষ্ট্ৰীয় ক্ৰীড়াবিদ আৰু ডিব্ৰুগড়-চাবুৱাৰ ক্ৰীড়া সংগঠকসকল ।
কৃষ্ণা গগৈ