নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নকছাৰি মহাবিদ্যালয়ৰ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীৰ জয়

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰ: মৰিয়নিৰ নকছাৰি মহাবিদ্যালয়ত আজি অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আটাইকেইটা পদতেই সদৌ অসম ছাত্ৰ সন্থা সমৰ্থিত প্ৰাৰ্থী বিজয়ী হৈছে । উল্লেখযোগ্য যে, মুঠ ১২ পদৰ ভিতৰত ১০ টা পদতেই আছু সমৰ্থিত প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় । আজি কেৱল ছাত্ৰী জিৰণী চ’ৰাৰ সম্পাদিকা পদৰ নিৰ্বাচন সম্পন্ন হয় । আনহাতে, উপ- সভাপতি পদটোত নিৰ্বাচন নহ’ল । আজি অনুষ্ঠিত নিৰ্বাচনৰ একমাত্ৰ ছাত্ৰী জিৰণী চ’ৰাৰ পদটোত জিন্টি গগৈ বিজয়ী হয় । ইফালে, বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বিষয়ববীয়াসকল ক্ৰমে সভাপতিৰ পদত প্ৰিয়াশ্ৰী গগৈ, সহকাৰী সাধাৰণ সম্পাদকৰ পদত ৰাহুল হাজৰিকা, ছাত্ৰ জিৰণি কোঠা সম্পাদকৰ পদত সীমান্ত বৰা, আলোচনী বিভাগৰ সম্পাদকৰ পদত নয়নমনি গগৈ, সাংস্কৃতিক সম্পাদকৰ পদত প্ৰিয়ংকা সন্দিকৈ, সমাজ সেৱা সম্পাদকৰ পদত গায়ত্ৰী গগৈ, আন্তঃক্ৰীড়া সম্পাদকৰ পদত মানস প্ৰতিম বৰা আৰু বহিঃক্ৰীড়া সম্পাদকৰ পদত বিতুল ওৰাং । নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই নকছাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে মহাবিদ্যালয়ৰ পৰা দেবেৰাপাৰ চাৰিআলিলৈকে এক শোভাযাত্ৰা কৰি আতচবাজীৰে বিজয় উল্লাস কৰে । তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অবিনাশ ফুকন , নকছাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মাধুৰ্য গগৈ, সাধাৰণ সম্পাদক আশীষ ভূষণ গগৈ, উপদেষ্টা দেৱজিত গগৈ, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ঋতুৰাজ গগৈ আদিয়ে ফুলাম গামোচাৰে বিজয়ী বিজয়ী প্ৰাৰ্থী সকলক অভিনন্দন জ্ঞাপন কৰে । আনহাতে, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সংকল্প গগৈ তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মাধুৰ্য পাঠক আৰু নকছাৰিবাসী সচেতন ৰাইজে বিজয়ী বিষয়ববীয়াসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে ।

You might also like