নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ম গুৱাহাটী থিয়েটাৰ মহোৎসৱৰ সামৰণি : দুলাল ৰয়লৈ জীৱনজোৰা সাধনা বঁটা

বিশেষ বাৰ্তা, ১৪ নৱেম্বৰঃ ১৩ নৱেম্বৰত মেহেৰজাদ পেটেলৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ৰষ্টি স্কুছ নাটৰ সৈতে সফল সামৰণি পৰে পঞ্চম গুৱাহাটী থিয়েটাৰ মহোৎসৱৰ। এইখন হৈছে এক ব্যংগাত্মক কৌতুকধৰ্মী নাটক যিয়ে দৰ্শকসকলক হাস্যৰসৰ লগতে প্ৰচুৰ আমোদ দিবলৈ সক্ষম হয়। ৯০ মিনিটৰ নাটখনত সম্ভৱত কোনো আমনিদায়ক মুহূৰ্ত আছিল। জীৱন আৰু মিছাকথাৰ ওপৰত আধাৰিত ব্যংগাত্মক নাটকখনত ডেনিছ ইৰাণীৰ নেতৃত্বত কলাকুশলীসকলে এক সুন্দৰ অভিনয়ৰ পৰিচয় দাঙি ধৰিছিল। দিনটোৰ মুখ্য আকৰ্ষণ আছিল ২০২২ বৰ্ষৰ লাইফ ইন দ্য থিয়েটাৰ এৱাৰ্ড । বিশিষ্ট নাট্যশিল্পী, অভিনেতা, পৰিচালক, বহুমুখী নাটকৰ ব্যক্তিত্ব  দুলাল ৰয়ক বহু দশক ধৰি থিয়েটাৰলৈ আগবঢ়োৱা তেওঁৰ ব্যতিক্ৰমী অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি ৰয়ে কয়, “মোক লাইফ ইন দ্য থিয়েটাৰ বঁটা প্ৰদান কৰাৰ বাবে মই জি প্লাছ আৰু গুৱাহাটী থিয়েটাৰ মহোৎসৱৰ উদ্যোক্তাসকলক অত্যন্ত ধন্যবাদ জনাইছো। এই বঁটাটোৱে মোক অসমত অৰ্থপূৰ্ণ থিয়েটাৰ প্ৰচাৰ কৰিবলৈ আৰু অধিক অনুপ্ৰেৰণা দিব আৰু লগতে মোৰ অনুজসকলক সপোন দেখিবলৈ আৰু থিয়েটাৰত কাম কৰাৰ বাবে উৎসাহ প্ৰদান কৰিব।” সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত ৰয়ে সংগীত, পোহৰ, শব্দ, মঞ্চ শিল্প, আধুনিক কৌশলৰ উদ্ভাৱনী প্ৰণালী, প্ৰযোজনাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত৷ তেওঁ সত্ৰীয়া নৃত্য আৰু অংকিয়া নাট ভাওনাৰ দৰে পৰম্পৰাগত কলা ৰক্ষা আৰু প্ৰচাৰৰ বাবেও নিৰন্তৰ কাম কৰিছিল। লাইফ ইন দ্য থিয়েটাৰ এৱাৰ্ড হৈছে জি প্লাছ আৰু গুৱাহাটী থিয়েটাৰ মহোৎসৱৰ আৰম্ভণিৰ পৰাই থিয়েটাৰ জগতৰ ব্যক্তিত্বসকলক এক স্বীকৃতি দিয়াৰ সামান্য প্ৰয়াস। পূৰ্বতে এই বঁটা লাভ কৰিছে কুলদা কুমাৰ ভট্টাচাৰ্য, প্ৰয়াত অৰুণ শৰ্মা, প্ৰয়াত সূৰ্য ৰাভা আৰু প্ৰয়াত নিপন গোস্বামীয়ে। গুৱাহাটী থিয়েটাৰ মহোৎসৱৰ উপদেষ্টা নন্দিনী কলিতাই ৰয়ক সম্বৰ্ধনা জনায় আৰু ৰয়ক এখন চেলেং চাদৰ, এখন প্ৰশংসাপত্ৰসহ ৫০,০০০ টকাৰ এখন চেক প্ৰদান কৰে। গুৱাহাটী থিয়েটাৰ মহোৎসৱৰ অধ্যক্ষ সুনীত জৈনে কয়, “মই সুখী যে এই মহোৎসৱটো সফলতাপূৰ্বক সমাপ্ত হৈছে আৰু আমি গুৱাহাটীৰ দৰ্শকসকলৰ মাজত ভিন্ন বিষয়সম্বলিত কেইখনমান আগশাৰীৰ উল্লেখযোগ্য প্ৰযোজনাসম্পন্ন নাটক উপস্থাপন কৰিবলৈ সক্ষম হৈছো।” ১১ নৱেম্বৰত মাছখোৱাৰ প্ৰাগজ্যোতি আইটিএ কেন্দ্ৰত জি প্লাছ গুৱাহাটী থিয়েটাৰ মহোৎসৱৰ পঞ্চম সংস্কৰণ উদ্বোধন কৰা হৈছিল। উদ্বোধনী দিনটোত অতুল কুমাৰৰ দ্বাৰা পৰিচালিত ‘টেকিং চাইডছ’ নামৰ নাটকখন মঞ্চস্থ কৰা হৈছিল। নাটকখনত অতুল কুমাৰ, সুকান্ত গোৱেল, মল্লিকা সিং, ৰিচা জৈন, কাশীন চেট্টী, কেনি দেশাই আৰু কাশীশ চালুজাৰে অভিনয় কৰিছিল। ১২ নৱেম্বৰত, লিলেট ডুবেৰ দ্বাৰা পৰিচালিত শোভা দেৰ “লকডাউডন লিয়াজনছ” নামৰ কিতাপখনৰ ‘ভদকা আৰু ন’ টনিক’ শীৰ্ষক নাটকখন মঞ্চস্থ কৰা হৈছিল। এই নাটখনে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল আৰু লিলেট ডুবে, ইৰা ডুবে আৰু জয় সেনগুপ্তাৰ সুন্দৰ প্ৰদৰ্শনে দৰ্শকৰ মন ধৰি ৰাখিবলৈ সক্ষম হৈছিল। এই মহোৎসৱত ৬ নৱেম্বৰত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত সদৌ অসম ভিত্তিক থিয়েটাৰ প্ৰতিযোগিতাৰ বিজয়ীসকলক স্বীকৃতি প্ৰদানৰ লগতে পুৰস্কৃত কৰা হয়। যুৱপ্ৰজন্মক নাটকৰ তাৎপৰ্য মহোৎসৱত সদৌ অসম ভিত্তিক থিয়েটাৰ প্ৰতিযোগিতা আৰম্ভ কৰা হৈছিল। গুৱাহাটী থিয়েটাৰ মহোৎসৱ ২০১৬ চনত আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰা ই অঞ্চলটোৰ থিয়েটাৰ উৎসাহীসকলৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে প্ৰশংসিত নাটকসমূহ মঞ্চস্থ কৰাৰ লগতে স্থানীয় সাংস্কৃতিক জগতত এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হৈ পৰিছে।

You might also like