নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি জিলা কৰ্মচাৰী পৰিষদৰ নৱম দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন

বিশেষ বাৰ্তা, ১৪ নৱেম্বৰঃ মৰিয়নি জিলা কৰ্মচাৰী পৰিষদৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনখনি আজি কৰঙা গজপুৰীয়া আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত কৰঙা গজপুৰীয়া হাইস্কুলত দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হয়। এই উপলক্ষ্যে পুৱা বিদ্যালয়ৰ পতাকা উত্তোলন কৰে প্ৰধান শিক্ষক বিষ্ণু বৰাই। আনহাতে কৰ্মচাৰী পৰিষদৰ পতাকা উত্তোলন কৰে মৰিয়নি জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি মনোজ কুমাৰ শৰ্মাই। শ্বহীদ তৰ্পন কৰে ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য ক্ষীৰোদ গগৈ। ইয়াৰ পিছত অনুষ্ঠিত প্ৰতিনিধি সভাত সভাপতিত্ব কৰে মনোজ কুমাৰ শৰ্মাই। শিক্ষক ধ্ৰুৱজ্যোতি বৰাই আঁ‌ত ধৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে মৰিয়নি জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰদীপ বৰাই। কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিৰ সদস্য নাজিৰাৰ দিলীপ দত্ত পৰ্য্যবেক্ষক হিচাপে থকা প্ৰতিনিধি সভাত কৰ্মচাৰী পৰিষদৰ দাবী চনদৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে বৃহত্তৰ মৰিয়নিৰ ৰাজ্যিক কৰ্মচাৰী সমাজৰ বিভিন্ন সমস্যাসমূহ আলোচনা কৰি সেইসমূহ সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ দাবী জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই সভাতেই মনোজ কুমাৰ শৰ্মাক সভাপতি আৰু প্ৰদীপ বৰাক সম্পাদক হিচাপে লৈ বৰ্তমানৰ কাৰ্য্যনিৰ্বাহক সমিতিখনকে আগন্তুক দুবছৰীয়া কাৰ্য্যকালৰ বাবে বাহাল ৰখা হয়। ইয়াৰ পিছতেই অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপ-সভাপতি প্ৰদীপ ৰাজখোৱাই কৰ্মচাৰী সমাজৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে হোহকা পিছলা কৰি থকা বুলি আক্ষেপ প্ৰকাশ কৰে। তেওঁ লগতে পুৰনি পেঞ্চন নীতি বাহাল ৰখাকে ধৰি মূল সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত প্ৰয়োজন হ’লে কৰ্মচাৰী পৰিষদ কঠোৰ হ’বলৈ বাধ্য হ’ব বুলিও সকিয়াই দিয়ে। সভাখনত কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন উপ-সভাপতি নৃপেন ভূঞা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। মৰিয়নি জিলা কৰ্মচাৰী পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি হীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, অৱসৰপ্ৰাপ্ত শিক্ষক গোলাপ গগৈ, নিৰঞ্জন দাস, ৰাজ্যিক কৃতী শিক্ষক নগেন গগৈ, প্ৰধান শিক্ষক বিষ্ণু বৰা, ক্ষীৰোদ গগৈ, প্ৰদীপ বৰা প্ৰমুখ্যে কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন আৰু বৰ্তমানৰ বিষয়ববীয়াসকলক সভাত সম্বৰ্ধনা জনোৱা হয়। বিষ্ণু বৰাই আদৰণি ভাষন প্ৰদান কৰা সভাখনতে কুকিল ফুকনক সভাপতি আৰু উৎপল বৰাক সম্পাদক হিচাপে লৈ এঘাৰজনীয়া কৰঙা গজপুৰীয়া আঞ্চলিক কৰ্মচাৰী পৰিষদখন পুনৰ গঠন কৰা হয়। জাতীয় সংগীত পৰিবেশনেৰে অধিৱেশনৰ সামৰণি পৰে।

প্ৰেৰক দিব্য়জ্য়োতি শইকীয়া

You might also like