নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রদ্ধাৰ আঙঠি অন্য বান্ধৱীক দিছিল প্রেমিক আফতাবে

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰ: শ্রদ্ধা ৱাকাৰক হত্যাৰ পিছত হাতৰ সোণৰ আঙঠি খুলি অন্য এগৰাকী বান্ধৱীক উপহাৰ হিচাপে দিছিল অভিযুক্ত প্রেমিক আফতাবে৷ শ্রদ্ধাৰ হত্যাকাণ্ডৰ তদন্তত নামি এনে চাঞ্চল্যকৰ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে দিল্লী আৰক্ষীয়ে৷ আৰক্ষীয়ে শ্রদ্ধাৰ হাতৰ সেই আঙঠি ইতিমধ্যে বিচাৰি পাইছে৷ দিল্লী আৰক্ষীৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি সেই আঙঠিটো শ্রদ্ধাই পিন্ধি আছিল নৃশংস হত্যাকাণ্ডৰ সময়ত৷ হত্যাকাণ্ডৰ পিছতেই আঙঠিটো খুলি নিছিল আফতাবে৷

You might also like