নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেগিঙত অভিযুক্তক আতিথ্য : উজ্জ্বলৰ পিছত আন এক অভিযুক্তৰ ভাৰ্চুৱেলী ভাষ্য প্ৰদান

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ কালি বৰ্তমানৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰৰ পিছত পুনৰ এগৰাকী অভিযুক্তই (নাম প্ৰকাশ কৰা নাই কৰ্তৃপক্ষই) ভাৰ্চুৱেলী এণ্টি ৰেগিং সমিতিত ভাষ্য প্ৰদান কৰা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে। ৰাজ্য কঁপাই যোৱা ৰেগিং কাণ্ডৰ অভিযুক্তক কি কাৰণে ভাৰ্চুৱেলী ভাষ্য প্ৰদানৰ সুবিধা কৰা হৈছে, সেই কথা ৰহস্যজনক। আনহাতে আজি ভাৰ্চুৱেলী ভাষ্য প্ৰদান কৰা অভিযুক্ত কালপ্ৰীতৰ নাম পৰ্যন্ত প্ৰকাশত সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকে কৰ্তৃপক্ষ। ইয়ে এক আচৰিত কাণ্ড। ইফালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিং কাণ্ডৰ সন্দৰ্ভত আজি বিশ্ববিদ্যালয়খনৰ অতিথিশালাত পুৱা ১১ বজাৰ পৰা নিশালৈকে বিশ্ববিদ্যালয়ৰ এন্টি ৰেগিং সমিতি আৰু ৰেগিং কাণ্ডৰ ঘটনা সন্দৰ্ভত গঠন কৰা উচ্চস্তৰীয় তদন্ত সমিতিৰ দুখনকৈ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হয়। আজিৰ বৈঠকত অভিযুক্ত এজন ছাত্ৰই ভাৰ্চুৱেলী অংশগ্ৰহণ কৰাৰ বিপৰীতে আন পাঁচজন অভিযুক্ত ছাত্ৰৰ পৰা কাইলৈ ভাষ্য গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । তদন্ত সমিতিয়ে কাৰাগাৰত থকা ছাত্ৰকেইজনৰ সৈতে ভাষ্য লোৱাৰ অনুমতি নোপোৱাত আজিও বৈঠকত একো সিদ্ধান্ত ল’ব পৰা ন’গল বুলি জানিব পৰা গৈছে। তদন্ত সমিতিয়ে কাইলৈ অনুমতি পালে কাৰাগাৰত থকা অভিযুক্ত ছাত্ৰকেইজনৰ ভাষ্য গ্ৰহণ কৰিব। আনহাতে দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত বৈঠক দুখনত পঞ্জীয়ক, ৱাৰ্ডেন, শিক্ষক, ছিকিউৰিটী ইত্যাদি বিভিন্ন পক্ষৰ পৰা ভাষ্য গ্ৰহণ কৰিছে সমিতিয়ে। তদুপৰি সন্ধিয়া তদন্ত সমিতিয়ে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকাৰো ভাষ্য গ্ৰহণ কৰে। আজিৰ বৈঠকৰ অন্তত কাইলৈ তদন্ত সমিতিয়ে ঘটনাৰ সন্দৰ্ভত পূৰ্ণ প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷

প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই

You might also like