নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঘোণৰ পথাৰত ব্যস্ততাৰ ওৰ নাই জোনাইৰ কৃষক-দাৱনীৰ

নিয়মীয়া বাৰ্তা, ৩ডিচেম্বৰ: চৌদিশে মাথোঁ পকা ধানৰ আমোলমোল গোন্ধ। আঘোণী মলয়াৰ বা লাগি লহপহকৈ বাঢ়িলে কৃষকৰ সপোনৰ খেতিডৰা। শাওন মাহৰ হাড়ভগা শ্ৰম, বোকা পানী, ৰ’দৰ উত্তাপকো নেওচি মনৰ আনন্দৰে ৰুই থৈ অহা ধাননি পথাৰখনৰ সেউজীয়াবোৰ এতিয়া হ’ল সোনোলী। সোণগুটি বুটলাৰ ব্যস্ততাৰ এতিয়া অন্ত নাই গ্ৰামাঞ্চলৰ কৃষকৰ। এনে সময়তে জোনাইৰ শান্তিপুৰ গাঁৱৰ আঘোণৰ সোনোৱালী পথাৰখন ঐ-নিতমেৰে জীপাল কৰি তুলিছে শান্তিপুৰ গাঁৱৰ জীয়ৰী- বোৱাৰী দাৱনীসকল।

 

পৰম্পৰাই ধৰি ৰাখে এটা জাতিৰ পৰিচয়, পৰম্পৰাই ধৰি ৰাখে এটা জাতিৰ বা সমাজৰ ঐক্য৷ এই উদ্দেশ্যে জোনাইৰ শান্তিপুৰ গাঁৱৰ ৰাইজেও মিচিংসকলৰ পূৰ্বপুৰুষৰ পৰাই চলি অহা ধান কটা, হাল বোৱা, ঘৰ সজা আদি বিভিন্ন ৰৗগব্ (Rigbo)বা হাৰিয়া আজিও জীয়াই ৰাখিছে সমাজৰ মাজত৷ এয়া বৃহস্পতিবাৰৰ দৃশ্য৷ শান্তিপুৰ গাঁৱৰ সোনোৱালী পথাৰত প্ৰায় ডেৰ শতাধিক জীয়ৰী-বোৱাৰীয়ে একেলগে ধান দাই বজায় ৰাখিছে গাঁৱখনৰ ঐক্যতাৰ পৰিচয়৷ শান্তিপুৰ গাঁৱৰ  সোনোৱালী পথাৰত হাঁহি ধেমালিৰ মাজেৰে ধান দাই থকা শ শ জীয়ৰী-বোৱাৰী মুখেৰে অজানতি নিগৰিছে ঐঃনিতম,কাবান৷ সোনোৱালী পথাৰৰ পকা ধানৰ আমোলমোল গোন্ধৰ মাজতে একেলগে বহি ৰবাব টেঙা,লাঃচৰ অইং আৰু নামচিঙেৰে তৃপ্তিৰে খাইছে একেলগে এসাজ৷
ইফালে গাঁৱখনৰ কোনোবা ব্যক্তিৰ  পথাৰত একেলগে গাঁৱখনৰ জীয়ৰী-বোৱাৰীয়ে ৰিগব্ যোৱাৰ দৰেই গাঁৱখনৰ যিকোনো সামাজিক অনুষ্ঠান বা উৎসৱৰ বাবেও এনে দৰে গাঁৱৰ ৰাইজে কাৰোবাৰ পথাৰৰ ধান দাই সংগ্ৰহ কৰে পুজি৷ হয়,জোনাইৰ শান্তিপুৰ গাঁৱৰ ৰাইজেও ২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উদযাপন কৰিব মিচিং সকলৰ পঃৰাগ উৎসৱ৷এই লৈ ত’ত নাই গাঁৱখনৰ ৰাইজৰ মাজত৷ত’ত নাই ডেকা-গাভৰু, বোৱাৰী-বৃদ্ধ-বৃদ্ধালৈ৷ প্ৰতিদিনে এনেদৰে গাঁও খনৰ বিভিন্ন জনৰ পথাৰত শ শ জীয়ৰে,বোৱাৰী আনকি বৃদ্ধা পৰ্যন্ত ওলাই আহি ধান দাই পঃৰাগ উৎসৱৰ বাবে সংগ্ৰহ কৰিছে পুঁজি৷
You might also like