মৰিয়নি প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ অন্ত
- মফচলীয় সাংবাদিকৰ ভূমিকা অপৰিসীম – জাৰিৰ হুছেইন
- তিলটোক তিল হৈ থাকিব দিয়ক – তাল কৰি বাতৰি কৰিব নালাগে – দিলীপ মহন্ত
নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: ‘এখন সংবাদ পত্ৰ বা এটা নিউজ চেনেলৰ বাবে মফচলীয় সাংবাদিকসকলৰ গুৰুত্ব আৰু ভূমিকা অপৰিসীম । তেওঁলোকৰ সংবাদ নহ’লে এখন বাতৰি কাকত বা এটা নিউজ চেনেল চলিব নোৱাৰে ।’ মৰিয়নি প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী উৎসৱৰ বৰ্ষজোৰা কাৰ্য্যসূচীৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি এইদৰে কয় বিশিষ্ট সাংবাদিক তথা নিউজ লাইভৰ পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনে । তেওঁ লগতে সম্প্ৰতি নিয়ন্ত্ৰণহীন হৈ পৰা নিউজ প’ৰ্টেল বা পেজ সমূহক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত প্ৰেছ ক্লাৱৰো ভূমিকা আছে বুলি মন্তব্য কৰে । বৰ্তমান সংবাদ মাধ্যম আৰু সাংবাদিকৰ প্ৰতি ৰাইজে প্ৰশ্ন উত্থাপন কৰাতো শুভলক্ষন নহয় বুলি উদ্বেগ প্ৰকাশ কৰি তেওঁ কয়- সময় থাকোঁতেই এই ক্ষেত্ৰত ব্যৱস্থা ল’ব লাগিব । সাংবাদিক বুলি কৈ নিজকে নিয়ন্ত্ৰণ কৰিবও পাৰিব লাগিব । তাৰোপৰি এতিয়া অতি সহজ হৈ পৰা সাংবাদিকতাই সাংবাদিকতাৰ মূল সূঁতিৰ পৰা আঁতৰি গৈছো নেকি বুলি নিজকে প্ৰশ্ন কৰাৰ সময় আহি পৰিছে বুলিও বিশিষ্ট সাংবাদিকজনে উল্লেখ কৰে ।
আনহাতে, সভাত নিৰ্দিষ্ট বক্ত হিচাপে উপস্থিত থাকি দৈনিক অসমৰ কাৰ্য্যবাহী সম্পাদক দিলীপ মহন্তই বৰ্তমান অসমত নিউজ প’ৰ্টেল আৰু নিউজ পেজৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই অহাতো ইতিবাচক বুলি মন্তব্য কৰি কয়- ইয়াৰে একাংশই অৱশ্যে নেতিবাচক দিশ লোৱাতো শুভলক্ষন নিশ্চয় নহয় । তেওঁ তাৎপৰ্যপূৰ্ণভাৱে কয় – বননিত তিল এটা পতিলেও বাতৰি হয় । কিন্তু সংবাদ মাধ্যমে তিলটোক তিল বুলিয়েই বাতৰি পৰিবেশন কৰিব লাগে, তাল বুলি নহয় । তাৰোপৰি চৰকাৰৰ প্ৰতি আহ্বান জনাই তেওঁ কয়- চৰকাৰে কেতিয়াও সাংবাদিকসকলক শত্ৰুজ্ঞান কৰিব নালাগে । সাংবাদিকসকল ৰাইজ আৰু চৰকাৰৰ মাজত সংযোগৰ সেঁতু বুলি উল্লেখ কৰি তেওঁ কয় – চৰকাৰ বা মন্ত্ৰীৰ বিৰুদ্ধে বাতৰি এটা প্ৰকাশ বা প্ৰচাৰ কৰি তেওঁক অপদস্ত কৰাতো উদ্দেশ্য হয়তু নহয় – বৰং তেওঁক সচেতন কৰি দিয়া হয় যে আপোনাৰ বিভাগত এনে কাম হৈ আছে আপুনি সাৱধান হওক । প্ৰসংগক্ৰমে মহন্তই অন্য বৃত্তিত জড়িত থকা চৰকাৰে সাংবাদিকসকলক আঁতৰি যাবলৈ কোৱা বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায় ।
মৰিয়নিৰ মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ শৈক্ষিক সমন্বয় ক্ষেত্ৰত মৰিয়নি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি, তথা বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী ৰঞ্জিত গোহাঁইবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজহ, দুৰ্য্যোগ প্ৰশমন বিভাগৰ কেবিনেট মন্ত্ৰী যোগেন মহনে । তেওঁ চৰকাৰে ৰাইজৰ বাবে লোৱা বিভিন্ন উন্নয়নমূলক কামকাজৰ প্ৰসংগেৰে বক্তব্য প্ৰদান কৰে । সংবাদকৰ্মীসকলৰ কামৰ শলাগ লৈ তেওঁ ৰাজ্যৰ সাংবাদিকসকলৰ মাটিৰ বাবেও চৰকাৰে চিন্তা চৰ্চা কৰিব বুলি মন্তব্য কৰে । সভাখনত আমন্ত্ৰিত অতিথি হিচাপ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাটৰ জ্যেষ্ঠ সাংবাদিক নৱজ্যোতি বৰুৱা আদিয়েও বক্তব্য প্ৰদান কৰে । আনহাতে প্ৰেছ ক্লাৱৰ সম্পাদক দিব্যজ্যোতি শইকীয়াই আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত আদৰণি ভাষন প্ৰদান কৰে সভাপতি জীৱন চন্দ্ৰ দত্তই ।
সমিতিৰ সভাপতি দীপক দত্তই সভাপতিৰ অভিভাষন প্ৰদান কৰে । প্ৰতিষ্ঠাপক সম্পাদক জয়দ্বীপ বুঢ়াগোঁহায়ে ৰচনা কৰা মৰিয়নি প্ৰেছ ক্লাৱ শীৰ্ষক গীতটি মৰিয়নিৰ কিংশুক মহিলা চ’ৰাৰ ২৫ গৰাকী সদস্যাই পৰিবেশন কৰি সকলোকে মুগ্ধ কৰে । এই অনুষ্ঠানতে প্ৰাক্তন সাংবাদিক – শিক্ষক মনোজ কুমাৰ শৰ্মাৰ সম্পাদনাত প্ৰকাশ পোৱা প্ৰেছ ক্লাৱৰ মুখপত্ৰ ‘খোজ’ৰ দ্বিতীয় সংখ্যা উন্মোচন কৰে মুখ্য অতিথি ৰাজহ মন্ত্ৰী যোগেন মহন আৰু অন্যান্যসকলে । এই অনুষ্ঠানতে মৰিয়নি প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ এখন কেলেণ্ডাৰো মুকলি কৰা হয় । সভাখনত যোৰহাটৰ যুৱ সাংবাদিক অনিবেসন বৰুৱা, দেৱজিত বৰুৱা, যোৰহাট প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ বৰা, টিয়ক প্ৰেছ ক্লাৱৰ সভাপতি প্ৰান্তনু দত্ত, তিতাবৰ প্ৰেছ ক্লাৱৰ সম্পাদক দুলাল কলিতা, যোৰহাটৰ অজন্ত কুমাৰ বৰা, ব্যৱসায়ী সঞ্জয় আগৰৱালা আদিও উপস্থিত থাকে । আনহাতে, সন্ধিয়া অনুষ্ঠিত আকৰ্ষণীয় সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে যুৱ পৰিচালক, হেঙুল থিয়েটাৰৰ প্ৰযোজক সংকল্পজিত হাজৰিকা আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । সাংস্কৃতিক সন্ধিয়াৰ কাৰ্য্যসূচীত গায়ন বায়ন প্ৰদৰ্শন, বিহু প্ৰদৰ্শন, ঝুমুৰ প্ৰদৰ্শন আদিৰ লগতে ভৃগু কাশ্যপৰ সংগীতানুষ্ঠানে ৰাইজক আপ্লুত কৰে ।
দিব্যজ্যোতি শইকীয়া