মটাপুং মাগুৰি বিললৈ আগমন আলহী পক্ষীৰ; পক্ষী নিধন কায্য অব্যাহত
নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: বৃহত্তৰ বাৰেকুৰি, বাঘজান আৰু নতুন ৰঙ্গাগড়া অঞ্চলক সাঙুৰি থকা মটাপুং মাগুৰি বিললৈ প্ৰতি বছৰে খৰালি কাল আৰম্ভ হোৱাৰ লগে লগে আগমন ঘটে শতকৰো অধিক প্ৰজাতিৰ দেশীবিদেশী আলহী পক্ষী, যাক লৈ গঢ়ি উঠিছে এক পয্যটনৰ আকৰ্ষণীয় কেন্দ্ৰবিন্দুলৈ ৷ দুটা বৰ্ষৰ পূৰ্বে সুন্দৰী পক্ষীখ্যাত মেণ্ডাৰিণ ডাকৰো আগমন ঘটিছিল বিলখনলৈ ৷ কিন্তু দুৰ্ভাগ্য যে বিলখনৰ কাষতে অৱস্থিত বাঘজানৰ বি জি আৰ-৫ তৈলখাদত সংঘটিত হোৱা অগ্নিকাণ্ড আৰু তাৰ পাছতে পুনৰ বিলৰ কাষতে আন দুটা অইল ইণ্ডিয়াৰ তৈল খাদ স্থাপন কৰাৰ পাছত যেন কিছু হ্ৰাস পাইছে আলহী পক্ষীৰ সংখ্যা ৷ ইমানৰ পাছতো যেন বিলখনলৈ আগমন ঘটা আলহী পক্ষীৰ ওপৰত হেন চকু পৰিয়েই আছে একাংশ দুষ্ট প্ৰকৃতিৰ লোকৰ ৷ একাংশ স্থানীয় দুষ্ট প্ৰকৃতিৰ লোকে বিলৰে সৰু সৰু মাছ ধৰি মাছত বিষ সানি পক্ষী চিকাৰৰ কাৰণে বিলখনৰ মেটেকা পাতৰ ওপৰত চিটিকা পাটে ৷ প্ৰাপ্ত তথ্য অনুসৰি এনেদৰে বিলৰ পক্ষীসমূহ বিষ দি চিকাৰ কৰি নিজে ভক্ষণ কৰাৰ লগতে বিক্ৰীও কৰি আহিছে ৷ এইসন্দৰ্ভত সৰৱ চৰ্চা থকাৰ পাছতো স্থানীয় পৰিবেশ কৰ্মী, বনবিভাগ, আৰক্ষী, জিলা প্ৰশাসনে এইপয্যন্ত কোনো বিহিত ব্যৱস্থা লোৱাৰ পৰিলক্ষিত হোৱা নাই ৷ কিছুবছৰৰ পূৰ্বে এনেদৰে পক্ষী চিকাৰ কৰি ভক্ষণ কৰাসকলৰ বিৰুদ্ধে বনবিভাগ, আৰক্ষীয়ে অভিযান চলোৱাৰ লগতে সজাগতা সৃষ্টি কৰাৰ পাছত কিছু পক্ষী চিকাৰকায্য হ্ৰাস পাইছিল যদিও এতিয়া পুনৰ এনেদৰে বিষ দি বিললৈ আগমন ঘটা পক্ষী চিকাৰ কৰাৰ ঘটনাই চিন্তিত কৰিছে সচেতন মহলক ৷ গতিকে এইক্ষেত্ৰত পৰিবেশকৰ্মী, বনবিভাগ, আৰক্ষী কিম্বা জিলা প্ৰশাসনৰ হস্তক্ষেপ নকৰিলে পক্ষীবিলখ্যাত মাগুৰি বিললৈ পক্ষী আগমন ঘটা বন্ধ হৈ পৰিব ৷
প্ৰেৰক:- বিবেক বড়া