তিনিচুকীয়াৰ কাকপথাৰত ধান ক্ৰয় কন্দ্ৰৰ শুভ উদ্ধোধন উপায়ুক্ত নৰসিং পৱাৰৰ
নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰত আজি এটা PPC (Paddy Procurement Center) অৰ্থাৎ ধান ক্ৰয় কেন্দ্ৰৰ শুভ উদ্ধোধন কৰে । ২০২২-২৩ বৰ্ষৰ বাবে মুকলি কৰা এই ধান ক্ৰয় কেন্দ্ৰ (PPC)টোৰ শুভ উদ্ধোধন কৰে তিনিচুকীয়া জিলাৰ উপায়ুক্ত নাৰসিং পাৱাৰে। উদ্ধোধনী অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতি, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উপ-সঞ্চালক জয়ন্ত মহন্ত, ভাৰতীয় খাদ্য নিগমৰ মাণ্ডলিক প্ৰৱন্ধক সন্দীপন বৰঠাকুৰ, তিনিচুকীয়া জিলা কৃষি বিষয়া তপন নেওগ, কাকপথাৰ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া গ্ৰেফী মাৰাং উপস্থিত থাকে।
ধান ক্ৰয়ৰ কেন্দ্ৰটিৰ শুভ উদ্বোধন অনুষ্ঠানত কৃষকসকলক উৎপাদন কৰা ধান চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া MSP মূল্যত বিক্ৰী কৰি অধিক লাভাম্বিত হবলৈ আৰু উপাৰ্জন দ্বিগুণীকৰণ কৰিবলৈ আহ্বান জনোৱা হয়।
আনহাতে, কৃষকসকলক উৎপাদিত ধান বিক্ৰী কৰাত কিবা অসুবিধা পালে ধান ক্ৰয় কেন্দ্ৰৰ লগত জড়িত বিষয়া নতুবা বিভাগীয় কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হয়। উল্লেখযোগ্য যে, তিনিচুকীয়া জিলাত মাকুম আৰু পানীতোলাতো ধান ক্ৰয়ৰ কেন্দ্ৰ মুকলি কৰা হব।তিনিচুকীয়া জিলাৰ বাবে প্ৰতি কুইণ্টল ধানত ২০৪০ টকাকৈ ৮৫০০ মেট্ৰিক.টন ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে।
প্ৰেৰক:- বিবেক বড়া