২০২৮ত মুকলিৰ সম্ভাৱনা মাজুলী-যোৰহাট, পলাশবাৰী-শুৱালকুছি দলং!
ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নির্মীয়মাণ মাজুলী-যোৰহাট দলঙৰ নিৰ্মাণকাৰ্য্য অহা ২০২৭ বৰ্ষৰ ডিচেম্বৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য বিভাগে নির্ধাৰণ কৰিছে। অৰ্থাৎ মুঠ ৬.৮১ কি. মি. দৈৰ্ঘৰ এই দলংখন অহা ২০২৮ বৰ্ষৰ আৰম্ভণিতে অসমৰ ৰাইজৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে৷
চলিত ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সোমবাৰে অসম গণ পৰিষদৰ বিধায়িকা দীপ্তিময়ী চৌধুৰীৰ এক প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰি কৰে লোকনিৰ্মাণ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷
তেওঁ লগতে সদনত জনোৱা অনুসৰি, উক্ত দলংখনৰ নিৰ্মাণৰ মুঠ ব্যয় ১১০৮.২০ কোটি টকা। বর্তমানলৈকে দলংখনৰ ৩৪.৩৫% কামৰ অগ্রগতি হৈছে। আনহাতে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মানকাৰ্য চলি থকা আন কেবাখনো দলঙৰ বিষয়ে উল্লেখ কৰি সদনত দিয়া তথ্য অনুসৰি, ব্রহ্মপুত্র নদীৰ ওপৰত নির্মীয়মান পলাশবাৰী-শুৱালকুছি দলংখনৰ নিৰ্মাণকাৰ্য্য ২০২৮ বৰ্ষৰ জুন মাহত সম্পূৰ্ণ কৰাৰ লক্ষ্য বিভাগে নির্ধাৰণ কৰিছে।
উক্ত দলংখনৰ মূল দৈর্ঘ্য-৩.৬ কিঃমিঃ। দলংখনৰ নিৰ্মাণৰ মুঠ বায় ৩১৯৭.২০ কোটি টকা। বৰ্তমানলৈকে দলংখনৰ ৫০% কামৰ অগ্রগতি হৈছে। একেদৰে যোগীঘোপাৰ দ্বিতীয়খন ব্রহ্মপুত্র দলঙৰ নির্মাণকার্য্য ২০২৭ বৰ্ষৰ মাৰ্চত সম্পূৰ্ণ কৰাৰ লক্ষ্য বিভাগে নির্ধাৰণ কৰিছে। উক্ত দলংখনৰ মূল দৈর্ঘ্য- ৪.৩৮৫ কিঃমিঃ। দলংখনৰ নিৰ্মাণৰ মুঠ বায় ৭৪৬.৭৬ কোটি টকা।
বর্তমানলৈকে দলংখনৰ ৮২% কামৰ অগ্রগতি হৈছে। আনহাতে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নতুন দলং নিৰ্মাণৰ প্ৰস্তাৱ সন্দৰ্ভত লোকনিৰ্মাণ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লগতে জনায় যে, ৰাষ্ট্ৰীয় ঘাইপথ-৭১৫ (এ)ত মৰিগাঁওৰ ভুৰাগাঁওৰ পৰা দৰঙৰ বুৰিগাঁওলৈ ব্ৰহ্মপুত্র নদীৰ ওপৰত এখন নতুন দলং নিৰ্মাণৰ বাবে বিশদ প্রকল্প প্রতিবেদন (ডিপিআৰ)ৰ চূড়ান্ত অনুমোদনৰ বাবে ৩,২৫০.৯৮ কোটি টকা ব্যয় সাপেক্ষে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়লৈ দাখিল কৰা হৈছে। অনুমোদন সাপেক্ষে ইয়াৰ কাম আৰম্ভ কৰা হ’ব৷
ইফালে বঙাইগাঁও নগৰত প্ৰৱেশৰ বাবে বিকল্প পথ চিনাক্ত কৰাৰ উদ্দেশ্যে লোক নির্মাণ পথ বিভাগে ২০২৩-২৪ বর্ষত এক জৰীপ সম্পন্ন কৰিছিল বুলি সদৰি কৰি তেওঁ জনায় যে, উক্ত জৰীপৰ ভিত্তিত বুনিয়াদী চত্ৰৰ পৰা ছিটকা গাঁও হৈ হাসান্দৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ লৈ সংযোগ স্থাপন কৰা পথটো বঙাইগাঁও নগৰলৈ যাতায়াতৰ এক বিকল্প পথ হিচাপে চিনাক্ত কৰা হৈছে।
উক্ত পথটোৰ উন্নীতকৰণ তথা বহলীকৰণৰ বাবে অসম মালা ২.০ আঁচনিৰ অধীনত ২০২৩-২৪ বর্ষত মুঠ ৫৯.৮৭কোটি টকাৰ এখন বিশদ প্রকল্প প্রতিবেদন প্রস্তুত কৰি বিভাগীয় অনুমোদনৰ বাবে প্রচেষ্টা চলাই থকা হৈছে। প্রস্তাবিত পথটোৰ বাবে প্রয়োজনীয় ভূমি অধিগ্রহণৰ ব্যয় অত্যধিক হোৱাত অনুমোদনত কিছু ব্যাঘাত হৈছে।
তথাপি, বিধায়কে উল্লেখ কৰা মর্মে বিভাগীয় অগ্রাধিকাৰ, ভূমি অধিগ্রহণ ব্যয় হ্রাসৰ সম্ভাৱনা, পৰিৱেশনত অনুমোদন, কাৰিকৰী আৰু বাস্তবায়নযোগ্যতা, পুঁজিৰ উপলব্ধতা তথা অন্যান্য প্রাসংগিক বিষয়সমূহ বিবেচনা কৰি উক্ত আঁচনিখন অগ্রাধিকাৰৰ ভিত্তিত ৰূপায়ণৰ বিষয়টো চৰকাৰে গুৰুত্বসহকাৰে বিবেচনা কৰিব।
আনহাতে বিধায়ক আব্দুছ ছৱাহান আলী সৰকাৰৰ আন এক প্ৰশ্নত লোকনিৰ্মাণ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনায় যে, ৰাজ্যত ২০২৪-২৫, ২০২৫-২৬ বিত্তীয় বর্ষত মুঠ ৮৮৭ খন পকী দলং নিৰ্মাণৰ অনুমোদন হৈছিল।
ৰাজ্যৰ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে ২০২৪-২৫ আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষত অসমৰ সকলো জিলাতে মুঠ ৮৮৭ খন নতুন দলং নিৰ্মাণৰ কাম হাতত লোৱা হৈছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ ৮ টা ভিন্ন আঁচনিৰ অধীনত এই দলংসমূহ নিৰ্মাণ কৰা হ’ব।
আটাইতকৈ বেছি দলং নিৰ্মাণ কৰা হ’ব ‘এ আৰ আৰ বি পি’ অর্থাৎ অসম ৰোড এণ্ড ব্ৰীজ ৰিনিউৱেল প্ৰজেক্ট ৰ অধীনত। এই আঁচনিৰ অধীনত ৬৪১ খন দলং নিৰ্মাণৰ প্ৰস্তাৱ আছে। তদুপৰি ‘পি এম জি এছ ওৱাই’ ৰ অধীনত ৬২ খন, ‘আৰ আই ডি এফ’ নাবাৰ্ডৰ অধীনত ৫৫ খন, অসম মালা ২.০ ৰ অধীনত ৪৫ খন আৰু অসম মালা ৩.০ ৰ অধীনত ৩০ খন দলং নিৰ্মাণ হ’ব।
কেন্দ্ৰীয় সাহায্যপ্ৰাপ্ত আন দুটা গুৰুত্বপূৰ্ণ আঁচনি ‘চি আৰ আই এফ’ ৰ অধীনত ২৬ খন আৰু ‘NESIDS’ৰ অধীনত ২২ খন দলং নিৰ্মাণৰ লক্ষ্য লোৱা হৈছে। ৰাজ্য চৰকাৰৰ ‘এছ অ’ পি ডি’-জি’ আঁচনিৰ অধীনত ৬ খন দলং নিৰ্মাণ কৰা হ’ব।
এই দলংসমূহ নিৰ্মাণৰ ফলত গাঁও আৰু চহৰ সংযোগ বৃদ্ধি পোৱাৰ লগতে বানপানী আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত যাতায়াত ব্যৱস্থা অধিক সুচল হ’ব। ইতিমধ্যে কেইবাখনো দলংৰ কাম আৰম্ভ হৈছে আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছে বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত উল্লেখ কৰে।
একেগৰাকী বিধায়কৰ আন এক প্রশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, বর্তমান অসমত লেকনির্মাণ বিভাগৰ হিচাবত ১৭৩ খন কাঠৰ দলং আছে। বাঁহৰ দলঙৰ কোনো হিচাব বিভাগৰ ওচৰত নাই যদিও প্রায় ১০০০ টা সংযোগহীন স্থান (Missing link) আছে বুলি জনা গৈছে।
ডিজিটেল ডেস্ক, ২৮ জুলাই