বজালীৰ বামাখাটাত অসম আন্দোলনৰ শ্বহীদ অক্ষেন্দ্ৰ তালুকদাৰৰ আৱক্ষ মূৰ্তি উন্মোচন মন্ত্ৰী ৰণজিৎ দাসৰ
নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ “নিজ মাতৃভূমিক বহিৰাগতৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰাৰ হেতু অসমত আৰম্ভ হৈছিল ঐতিহাসিক অসম আন্দোলন৷ এই সৰ্ববৃহৎ গণ আন্দোলনত দেশ আৰু জাতিৰ সুৰক্ষাৰ স্বাৰ্থত বিভিন্নজনে আত্মবলিদান দিছিল আৰু বহুজন চিৰদিনলৈ ঘূণীয়া হৈছিল৷ এই আন্দোলনৰ জাতীয় বীৰসকলক প্ৰতিগৰাকী অসমীয়াই চিৰদিন স্মৰণ কৰি থাকিব৷” এই মন্তব্য ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসৰ৷ আজি বজালী জিলা সদৰ পাঠশালাৰ নিকটৱৰ্তী বামাখাটাত অসম আন্দোলনৰ এগৰাকী শ্বহীদ অক্ষেন্দ্ৰ তালুকদাৰৰ এটি আবক্ষ মূৰ্তি উন্মোচন কৰি মন্ত্ৰী দাসে কয় যে অসম আন্দোলনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অসম সন্তানসকলৰ লগতে সক্ৰিয়ভাৱে সহযোগিতা আগবঢ়াইছিল বজালী জিলাৰ বামাখাটা অঞ্চলৰ অসমী আইৰ বীৰ সন্তান অক্ষেন্দ্ৰ তালুকদাৰে৷ দেশ, জাতি, মাটি, ভেটিৰ সুৰক্ষাৰ হকে আন্দোলনত জপিয়াই পৰা অক্ষেন্দ্ৰ তালুকদাৰে নিজৰ প্ৰাণ বিসৰ্জন দিবলৈও কুণ্ঠাবোধ কৰা নাছিল৷ এইগৰাকী শ্বহীদৰ স্মাৰক হিচাবে আজি তেওঁৰ আৱক্ষ মূৰ্তিটো শুভ উদ্বোধন কৰি তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰাৰ কথা মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত দোহাৰে৷ উল্লেখ্য যে অসম আন্দোলনৰ শ্বহীদ অক্ষেন্দ্ৰ তালুকদাৰৰ পাঠশালাৰ বামাখাটাস্থিত নিজ বাসভৱনত মন্ত্ৰী ৰঞ্জিত দাসৰ বিশেষ তৎপৰতাত আৰু পৰিয়ালৰ সহযোগত স্থাপন আবক্ষ মূৰ্তিটো স্থাপন কৰি মন্ত্ৰী দাসে আজি আনুষ্ঠানিক শুভ উদ্বোধন কৰে৷ অগপৰ পাটাছাৰকুছি সমষ্টি সমিতিৰ সভাপতি জিণ্টু চৌধুৰী, বিজেপিৰ বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰী সমন্বিতে ভালেসংখ্যৰ বিশিষ্ট লোক তথা অঞ্চলবাসী ৰাইজ উপস্থিত থাকি শ্বহীদগৰাকীৰ স্মৃতিচাৰণ কৰে৷
প্ৰেৰকঃ কল্যাণ কলিতা