নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্রেইন যুদ্ধক লৈ ৰাছিয়াৰ ৰাষ্ট্রপতিৰ সৈতে বার্তালাপ মোদীৰ

নিয়মীয়া বাৰ্তা, ১৭ডিচেম্বৰ: ইউক্রেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধক লৈ আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমি পুটিনৰ সৈতে টেলিফোনিক বার্তালাপ কৰে৷ ইয়াৰ পূর্বেও প্রধানমন্ত্রী মোদীয়ে এই যুদ্ধ সন্দর্ভত শান্তিৰ স্বার্থত ৰাছিয়াৰ ৰাষ্ট্রপতিক যুদ্ধ বন্ধ কৰাৰ আহ্বান জনোৱাৰ পিছত আজি প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্রপতি পুটিনৰ সৈতে টেলিফোনিক বার্তালাপত একেই মন্তব্য কৰে৷ প্রধানমন্ত্রী মোদীয়ে কয় যে চলিত ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধৰ মাজত সমাধানৰ একমাত্র পথ হৈছে আলোচনা আৰু কূটনীতি৷ অর্থাৎ আলোচনা আৰু কূটনীতিয়ে দুয়োখন দেশৰ মাজত চলি থকা যুদ্ধ সমাধানৰ একমাত্র পথ৷ ইউক্রেইনৰ যুদ্ধ সন্দর্ভত দুয়োগৰাকী নেতাই আলোচনা কৰাৰ লগতে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পর্কক লৈও আলোচনা কৰে৷ শক্তি–বিদ্যুৎ, বাণিজ্য আৰু বিনিয়োগ প্রতিৰক্ষা সহযোগিতা আদি বিষয়ক লৈ দুয়ো দেশৰ মাজত সম্পর্ক অধিক উন্নীত কৰা সন্দর্ভত আলোচনাৰ সময়ত দুয়োগৰাকী নেতাই গুৰুত্ব দিয়ে৷ তদুপৰি ভাৰতৰ অধ্যক্ষতাত চলি থকা জি–২০ সন্দর্ভতো ৰাষ্ট্রপতি পুটিনক বিতংকৈ ব্যাখ্যা আগবঢ়ায় প্রধানমন্ত্রী মোদীয়ে৷ জি–২০ শীর্ষ সন্মিলনত কি কি বিষয়ত প্রাধান্য দিয়া হ’ব, তাক লৈও ৰাষ্ট্রপতি পুটিনৰ সৈতে আলোচনা কৰে মোদীয়ে৷

You might also like