নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাকজানৰ শিক্ষানুষ্ঠান পৰিদৰ্শন কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে 

নিয়মীয়া বাৰ্তা, ১৭ডিচেম্বৰ: অসম চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যোৰহাট জিলাৰ কেবিনেটৰ পিছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ১৬ তাৰিখ শুক্ৰবাৰে কাকজানৰ শিক্ষানুষ্ঠানসমূহ পৰিদৰ্শন কৰে। ১৯৩৩ চনতে প্ৰতিষ্ঠা হোৱা কাকজান উচ্চতৰ বালক বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত মত বিনিময় কৰে। কাকজান বালক বিদ্যালয়ৰ এগৰাকী মেধাবী ছাত্ৰ দিননাথ লাহনৰ লগত কটন কলেজত একেলগে পঢ়া আৰু তেওঁ সেই সময়ৰ পৰা কাকজান উচ্চতৰ বালক বিদ্যালয়খন চিনাকী বুলি কয়।ইয়াৰ পিছত কাকজান উচ্চতৰ বালক বিদ্যালয়ৰ আন্ত: গাঁঠনি উন্নীতকৰণ, স্মাৰ্ট শ্ৰেণীকোঠা , পুথিভঁৰাল নিৰ্মাণ, বাণিজ্য শাখা প্ৰাদেশিকীকৰণৰ বাবে আহ্বান , বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু উপাধ্যক্ষ পদ দুটা অনুমোদনৰ বাবে আহ্বান, বিশুদ্ধ খোৱা পানী ব্যৱস্থা, ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা বিদ্যালয়লৈ অহা যোৱা কৰা পথটো পকীকৰণৰ আহ্বান জনাই বিদ্যালয়ৰ উপাধ্যক্ষ মনোৰঞ্জন ভৰালীৰ নেতৃত্বত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে কাকজান মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধ্যাপকসকলৰ লগত মত বিনিময় কৰি কাকজান মহাবিদ্যালয় সম্পৰ্কত বাৰ্তালাপ কৰে।মন্ত্ৰীগৰাকীয়ে কাকজান খেলপথাৰৰ ফুটবল কচিং কৰি থকা কণ – কণ ছাত্ৰ ছাত্ৰী সকলৰ সৈতে খত্নেক সময়ৰ বাবে ৰৈ ফটো তোলাৰ লগতে খেলুৱৈ সকলক খেলৰ সম্পৰ্কত দুআষাৰ কৈ উৎসাহ যোগায়।। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে একমাত্ৰ কাকজান উচ্চ বালিকা বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰী আৰু শিক্ষকসকলৰ লগত বিভিন্ন বিষয় সম্পৰ্কত মত বিনিময় কৰাৰ লগতে বিদ্যালয় খনৰ সমস্যাসমূহৰ বুজ লয়।বিদ্যালয়ৰ তৰফৰ পৰা তেওঁক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। আজি মন্ত্ৰী গৰাকীয়ে বিয়লি বেলা বিদ্যালয়সমূহত উপস্থিত হৈ পৰিচালনা সমিতিৰ সভাপতি আৰু শিক্ষক গোটৰ লগত মত বিনিময় কৰি সকলো দিশত সহায় আগবঢ়াব বুলি জনায়।তেওঁ কাকজান উচ্চতৰ বালক বিদ্যালয়ে অসম চৰকাৰে দিয়া ৩ কোটি টকা লাভ কৰিব বুলি কয়। বিদ্যালয় কেইখনৰ তৰফৰ পৰা তেওঁক বিপুলভাৱে আদৰণি জনায় ।

                দিলীপ দত্ত, কাকজান
You might also like