নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা তিতাবৰত অসম-নাগালেণ্ডৰ সম্প্ৰীতিমূলক ভলীবল প্ৰতিযোগিতা

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰ : তিতাবৰ মহকুমাৰ বৰহোলা ৰজাবাহৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অসম-নাগালেণ্ডৰ সম্প্ৰীতিমূলক ভলীবল প্ৰতিযোগিতা। ৰূপালীম সাংস্কৃতিক সন্থাৰ উদ্যোগত ১৮ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ ৰজাবাহৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ গোলোক চন্দ্ৰ গগৈ সোঁৱৰণী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনত অসম-নাগালেণ্ড উভয় ৰাজ্যৰ ২৪ টাৰো অধিক দলে অংশগ্ৰহণ কৰিব। ইতিমধ্যে উদযাপন সমিতিয়ে মঞ্চ, খেলপথাৰ আদিৰ লগতে সকলো প্ৰকাৰৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। উভয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব লগা দল সমূহ যাতে কোনো ধৰণৰ সমস্যাত নপৰে তাৰ বাবেও উদযাপন সমিতিয়ে শৃংখলাবদ্ধভাৱে সু-ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে ১৮ ডিচেম্বৰৰ আবেলী ২ বজাৰ পৰা প্ৰতিযোগী দল সমূহৰ পঞ্জীয়ন আৰম্ভ হ’ব। ১৯ ডিচেম্বৰত আছে উদ্বোধনী অনুষ্ঠান। ২০ আৰু ২১ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা ভলীবল প্ৰতিযোগিতা আৰম্ভ হ’ব। ২১ ডিচেম্বৰৰ আবেলী প্ৰতিযোগিতা সামৰণি পৰাৰ লগে লগে বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব। উল্লেখ্য যে অসম আৰু নাগালেণ্ডৰ সীমামূৰীয়া লোক সকলৰ মাজত সৃষ্টি হোৱা সংঘাতে প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰে। ইয়াৰ বিপৰীতে কিন্তু এই ফ্ৰেণ্ডলী ভলীবল টুৰ্ণামেণ্টেখনে বিগত ১৯ বছৰে উভয় ৰাজ্যৰ মাজত বন্ধুত্বমূলক ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি সীমান্তৰ পৰা সমন্বয়ৰ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰি আহিছে। প্ৰতিযোগিতাত সকলো ৰাইজৰ উপস্থিতি আৰু দিহা পৰামৰ্শ কামনা কৰিছে ৰূপালীম সাংস্কৃতিক সন্থাৰ সম্পাদক দিপক ৰাজখোৱাই।

প্ৰেৰক অজয় শইকীয়া

You might also like