নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰাত অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলা : ৰিণিকি ভূঞা শৰ্মাৰ পৰিদৰ্শন

বিশেষ বাৰ্তা, ১৮ ডিচেম্বৰঃ এয়া যেন শ্ৰমজীৱী কৃষকৰ আশাৰ পৃথিৱী। কংক্রিটৰ মহানগৰীত অফুৰন্ত কৃষি সম্ভাৰৰ সৈতে একাত্ম হোৱাৰ অকৃত্ৰিম পৰিবেশ। দেশী- বিদেশী, সভ্যজনৰ আগমনত উল্লসিত খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰৰ বাকৰি। “সপ্তম অসম আন্তজাৰ্তিক কৃষি-উদ্যান শস্য মেলা”ৰ দ্বিতীয় দিনাও চৌদিশে লোকাৰণ্য পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ । দেওবাৰৰ দিনটো যেন একপ্ৰকাৰ সমগ্ৰ গুৱাহাটীবাসীৰ বাবে অৱসাদ বিনোদনৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিল এই খেলপথাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি অংশগ্ৰহণ কৰা প্ৰায় ৪০ খন নাৰ্চাৰীতে দেশী বিদেশী পৰ্যটকৰ সমাহাৰ ঘটিল, বিশেষকৈ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল ৭ লাখ ৩০ হাজাৰ টকা মূল্যৰ বনছাই । “সপ্তম অসম আন্তজাৰ্তিক কৃষি-উদ্যান শস্য মেলা”ৰ দ্বিতীয়টো দিনত বিভিন্ন দেশৰ ক্ৰেতা বিক্ৰেতাসকলৰ সৈতে অনুষ্ঠিত হয় এক মতবিনিময় অনুষ্ঠানৰ । ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে মন্ত্ৰী পৰিমল শুক্লবৈদ্য, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব আৰু কৃষি উৎপাদন আয়ুক্ত আশীষ কুমাৰ ভুটানীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰি, ব্যৱসায় সম্প্ৰসাৰণৰ প্ৰসংগ ব্যক্ত কৰে নেপাল, ভিয়েটনাম, বাংলাদেশ, ঘানাৰ প্ৰতিনিধিসকলে। চুবুৰীয়া ৰাজ্য চিকিম, মিজোৰাম, অৰুণাচলৰ চৰকাৰী প্ৰতিনিধিয়ে অতিথি হিচাপে শোভাবৰ্ধন কৰা মিলন পৰ্বত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা ক্ৰেতাই অসমৰ কৃষকৰ পৰা হালধী, আদাৰ উপৰিও আন বিভিন্ন কৃষিজাত সামগ্ৰী কিনিবলৈ আগ্ৰহ প্ৰকাশ কৰে। ইয়াৰ উপৰিও উদ্যান শস্যত ক্ষেত্ৰীয় বিস্তাৰ, অসম মিলেট মিছনৰ সফল ৰূপায়নৰ প্ৰসংগকে ধৰি কেইবাটাও শিতানত চাৰিখনকৈ আলোচনাচক্রও অনুষ্ঠিত হয়। দেওবাৰৰ দিনটোত প্ৰতিখন নাৰ্চাৰিয়েই ব্যৱসায়িকভাৱে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। কেলেথিয়া এগ্ল’নিমা, বগেনভেলিয়া, ৰাম বুটম ইত্যাদিৰ লগতে আমৰ বিশেষ প্ৰজাতিৰ পুলিয়ে আকৰ্ষণ বৃদ্ধি কৰে মহা নাগৰিকৰ। বিভিন্ন প্ৰজাতিৰ ফুলৰ বিপণীসমূহ পৰিদৰ্শন কৰি ব্যৱসায়িকভাৱে ফুল খেতি কৰিবলৈ অধিক আকৰ্ষিত হৈ পৰিল যুৱ সমাজ। সমান্তৰালভাৱে জনজাতীয় খাদ্য আৰু থলুৱা খাদ্যৰ বিপনী সমুহেও সোণত সুৱগা চৰিছে। জনজাতীয় লোকসকলৰ খাদ্য সম্ভাৰৰ জুতি লবলৈ প্ৰতিখন বিপণীতে ভিৰ কৰিলে সহস্রাধিক ৰাইজে। দেওবাৰৰ দিনটোত খাদ্যৰ বিপণীসমূহে কেইবা লক্ষাধিক টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। “সপ্তম অসম আন্তজাৰ্তিক কৃষি-উদ্যান শস্য মেলা”ৰ অসম পেভিলিয়নত অনুষ্ঠিত হোৱা বিশেষ প্ৰদৰ্শনীত প্ৰতিখন জিলাৰ কৃষি বিভাগে নিজ নিজ জিলাৰ উৎকৃষ্ট উৎপাদিত কৃষিজাত সামগ্ৰী প্ৰদৰ্শন কৰিলে । সমান্তৰালভাৱে স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্রাংকন প্ৰতিযোগিতা, আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা, পুষ্প সজ্জা প্ৰতিযোগিতাও মেলাথলীত অনুষ্ঠিত কৰা হয় ।

কৃষি-উদ্যান শস্য মেলা পৰিদৰ্শন প্ৰাইড ইষ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাৰ

খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কালিৰ পৰা অনুষ্ঠিত কৃষি-উদ্যান শস্য মেলা পৰিদৰ্শন কৰে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাই। সন্ধিয়াৰ ভাগত তেওঁ মেলাখনত উপস্থিত হোৱাৰ লগে লগে কৃষিমন্ত্ৰী অতুল বৰাই আদৰণি জনায় তেওঁক। ইয়াৰ পিছতে মন্ত্ৰী বৰাৰ সৈতে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাই শস্য মেলাত থকা বিপণীসমূহ পৰিদৰ্শন কৰে।

You might also like