‘এটা কাম কৰিবাচোন…’
মানে এটা দিহা–যুগুতি৷ আমি আমাৰ কাম কেনেকৈ কৰিব লাগিব, তাৰ ওপৰত এটা ফ্রী এডভাইচ৷ আমাৰ কিবা এটা সমস্যা হৈছে, লগে লগে দিহা–পৰামর্শ আহি যাব৷ সমস্যা হোৱা নাই, অথচ এটা ধাৰণা হৈছে যে এটা সমস্যা হৈছে, পৰামর্শ আহি যাব৷ সমস্যাও নাই, ধাৰণাও নাই, তেতিয়াও সমস্যা নাই– উপদেশ আহি যাব৷
মুঠতে, আনৰ কামটো আমি বেছি ভালকৈ জানো৷ কাৰোবাৰ অসুখ হৈছে, ডাক্তৰে কেনেকৈ চিকিৎসা কৰিব লাগে আমি জানো৷ এক্স–ৰে লাগে নে চিটি স্কেন লাগে নে এম আৰ আই লাগে– আমি জানো৷ দৰব কিয় এইটো দিলে, অমুকটোহে ভাল– আমি জানো৷ দৰব কেনেকৈ এভইড কৰিব লাগে, সেয়াও আমি জানো৷ সামাজিক অৱক্ষয় কেনেকৈ ৰোধ কৰিব লাগে আমি জানো৷ অথচ গোটেই জীৱন টেঁটুলৈকে মদ খালোঁ৷ নিজৰ অফিচতে বহি য’ৰ পৰা মই উদাত্ত কথা কওঁ, পাহোৱাল শব্দৰ পোহাৰ মেলোঁ৷ মোৰ ল’ৰা–ছোৱালীয়ে মই ঘটা টকাৰে (যেনেকৈয়ে নহওক) উদণ্ড ফাইভ ষ্টাৰ লাইফ এনজয় কৰক৷ ন’ প্রব্লেম৷ উচ্ছৃংখল যুৱ মানসিকতাৰ ওপৰত মই ভাষণ দিমেই, সমজুৱা মঞ্চত হওক বা ব্যক্তিগত ক্ষেত্রতেই হওক৷ বানপানী কি কৰিলে কেতিয়া শেষ হ’ব মই জানো, খোৱাপানীৰ সমস্যাৰ সমাধান সূত্র মোৰ হাতত, ট্রেফিক জাম নাইকিয়া কৰাৰ সূত্রও মোৰ হাতত৷ মই নজনা একো নাই৷ অৱশ্যে মই নিজে কৰিবলগীয়া কামখিনি কৰিছো নে নাই, সেইটো বেলেগ কথা৷
ফ্রী এডভাইচ৷ আনছ’লিচিটেড্ এডভাইচ৷ অযাচিত উপদেশ৷ নিবিচৰাকৈয়ে অহা দিহা৷ আমাৰ প্রায় সকলোৰে জীৱনত কম–বেছি পৰিমাণে থকা এটা সমস্যা৷ ব্যক্তিগত আৰু প্রফেচনেল উভয় ক্ষেত্রতে৷ আমি কোনেও ভাল নাপাওঁ, কিন্তু সহ্য কৰি থাকিবলগীয়া হয়৷
অলীক শ্রেষ্ঠত্ব৷ মই আনতকৈ বেছি জানো৷ জ্ঞান, যোগ্যতা, সামর্থ্য, অভিজ্ঞতা নথকাকৈও যেতিয়া মানুহে নিজকে আনতকৈ শ্রেষ্ঠ বুলি এটা ভ্রান্ত ধাৰণাত থাকে, সেয়াই অলীক শ্রেষ্ঠত্ব৷ ডেভিদ ডানিং আৰু জাষ্টিন ক্রুগাৰে এইক্ষেত্রত কৰা এটা অধ্যয়ন প্রথম প্রকাশ কৰিছিল ১৯৯৯ চনত৷ এই অধ্যয়নটোত তেওঁলোকে মানুহৰ স্ব–মূল্যায়ন আৰু প্রকৃত কর্মদক্ষতা তুলনা কৰি চাইছিল৷ দেখা গৈছিল যে আটাইতকৈ কম কর্মক্ষম মানুহখিনিয়ে স্ব–মূল্যায়ন কৰোঁতে নিজকে অতি কর্মক্ষম–কর্মদক্ষ্ বুলি ভাবিছিল৷ ইয়াৰ পাছত আৰু বহুত অধ্যয়ন হ’ল৷ তাতো সেই একে কথাই প্রতীয়মান হ’ল৷ বহু অযোগ্য মানুহে নিজকে সাংঘাতিক জ্ঞানী আৰু সকলোতে দক্ষ বুলি ভাবে৷
এই মানুহখিনিয়ে আচলতে একধৰণৰ হীনমন্যতাত ভুগি থাকে আৰু এই হীনমন্যতাক তেওঁলোকে ঢ়াকিব খোজে৷ সেয়েহে তেওঁলোকে অনবৰতে যিকোনো পৰিৱেশ–পৰিস্থিতিতে নিজকে এক কমাণ্ড–কন্ট্ৰ’লৰ পজিচনত বিচাৰে৷ তেওঁলোকে এনেকুৱা এটা ইম্প্রেছন দিব বিচাৰে যে তেওঁলোকে সকলো জানে, সকলোতে পাকৈত আৰু তেওঁলোকে সকলোকে সকলো বিষয়তে উপদেশ দি সকলো নিয়ন্ত্রণ কৰিব পাৰে৷ তেওঁলোকে উপদেশ দিয়াৰ অর্থ এইটো নহয় যে তেওঁলোকে তোমাৰ কাৰণে খুব চিন্তা কৰে বা তোমাক টেনচনত থকা চাই থাকিব নোৱাৰে৷ যদি সুবিধা পাইছে, তেওঁ উপদেশ দিবই৷ এইটো তেওঁলোকৰ কম্পালছন৷ এইটো তেওঁলোকৰ তাড়না৷ তুমি কিবা এটা কৈ শেষ কৰিবলৈ নাপাবা, তেওঁলোকে প্রেছক্রিপচন দিয়া আৰম্ভ কৰিব৷ ‘উচিত’ আৰু ‘অনুচিত’ ভৰা এখন প্রেছক্রিপচন৷ এইটো কৰিবা, সেইটো নকৰিবা৷ কৰিলা নে নাই অৱশ্যে তেওঁলোকে মূৰ ঘমাই নাথাকে৷
কাৰণ তেওঁলোকে পাৱাৰ দেখুৱাব বিচাৰে৷ পাৱাৰফুল ফিল কৰিব বিচাৰে৷ আন এটা ইণ্টাৰেষ্টিং অধ্যয়ন হৈছিল৷ এমাজনৰ জৰিয়তে ২৯০জন লোকক নির্বাচন কৰা হ’ল৷ তেওঁলোকক তিনিটা বিকল্পৰ পৰা কোনোবা এটা মনত পেলাবলৈ কোৱা হ’ল৷ বিকল্পকেইটা হ’ল– তেওঁলোকৰ ওচৰলৈ যেতিয়া কোনোবাই উপদেশ বিচাৰি আহিছিল আৰু তেওঁলোকে যথাযথ উপদেশ দিছিল যেতিয়া তেওঁলোকে অযাচিত উপদেশ দিছিল যেতিয়া এক সাধাৰণ কথা–বার্তা হৈছিল, কোনেও কাকো উপদেশ দিয়া নাছিল৷ তেওঁলোকক সোধা হ’ল, কেতিয়া তেওঁলোকে পাৱাৰফুল ফিল কৰিছিল৷ অধিকাংশই ক’লে যে উপদেশ দিওঁতে তেওঁলোকে অধিক ক্ষমতাশালী অনুভৱ কৰিছিল আৰু আনে উপদেশ বিচাৰি আহোঁতে তাতোকৈও বেছি ক্ষমতাশালী অনুভৱ কৰিছিল৷
১২৪জন এমবিএৰ ছাত্রক লৈও এটা অধ্যয়ন কৰা হৈছিল৷ তেওঁলোকক দুজনকৈ সালসলনি কৰি কথা পাতিবলৈ দিয়া হ’ল আৰু প্রত্যেককে মূল্যায়ন কৰিবলৈ দিয়া হ’ল৷ দেখা গ’ল, যিখিনি ছাত্রই জীৱনত প্রভাৱশালী, ক্ষমতাশালী হ’ব খোজে, তেওঁলোকৰ আনক উপদেশ দিয়াৰ প্রৱণতা বেছি৷
অর্থাৎ আনক উপদেশ দি আমি প্রভাৱশালী অনুভৱ কৰোঁ আৰু প্রভাৱশালী অনুভৱ কৰিবলৈ আমি আনক উপদেশ দিওঁ৷
লগতে আমি নাজানো যে আমি নাজানো৷ আমি ভাবোঁ যে আমি সকলো জানো৷ বিশেষকৈ আনৰ কাম৷ আনৰ কামৰ ওপৰত কথা ক’বলৈ পালে, জ্ঞান জাহিৰ কৰিবলৈ পালে আমাক আৰু একো নালাগে৷ ই এক বেলেগ ধৰণৰ তৃপ্তি, এক অদ্ভুত সন্তুষ্টি৷
শুনি থকাজন ত্যক্ত–বিৰক্ত হৈ পৰে৷ কিন্তু প্রায়ে মনে মনে থাকে৷ বিভিন্ন কাৰণত৷ ইফালে, ভাষণ বাঢ়ি গৈ থাকে৷ মজাৰ কথাটো হ’ল ভাষণ বা উপদেশ দি থকাজনে আনে মনে মনে হাঁহি থাকিলেও গমেই নাপায়৷
সেই কাৰণেই কয়– মানুহে অভিজ্ঞতাৰ পৰা উপদেশ দিয়ে৷ কিন্তু জ্ঞানীজনে, অভিজ্ঞজনে আনে নিবিচাৰিলে উপদেশ নিদিয়ে, হকে–বিহকে এক্সপার্ট কমেণ্ট নিদিয়ে৷