নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয় কংগ্ৰেছত খহনীয়াঃ প্ৰাক্তন মন্ত্ৰী আম্পাৰিন লিংডোহৰ কংগ্ৰেছ ত্যাগ

নিয়মীয়া বাৰ্তা, ১৯ডিচেম্বৰ: কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছে মেঘালয়ৰ পূৱ শিলঙৰ বিধায়ক আম্পাৰিন লিংডোহে। আজি তেওঁৰ অফিচিয়েল হেণ্ডেলৰ পৰা টুইট কৰি কংগ্ৰেছৰ পৰা আনুষ্ঠানিক পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে।

সোমবাৰে পুৱা ৯:২০ বজাত তেওঁ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে, দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাক টেগ কৰি পদত্যাগ পত্ৰখন টুইট কৰে।

পদত্যাগত লিংডোহে লিখিছে, “মোৰ জীৱনৰ বেছিভাগ সময় ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন কট্টৰ সমৰ্থক আৰু এজন সৈনিক হিচাপে কটালোঁ। দলটোৱে মোক এজন মন্ত্ৰী আৰু মোৰ সমষ্টি পূব শ্বিলঙৰ প্ৰতিনিধি হিচাপে মেঘালয়বাসীৰ সেৱা কৰাৰ সুযোগ দিলে। মোক নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক হিচাপেও নিযুক্তি দিয়া হৈছিল। এই পৰ্যন্ত দলৰ পৰা যি সমৰ্থন পাইছোঁ তাৰ বাবে মই কৃতজ্ঞ।”

উল্লেখ্য যে মেঘালয়ৰ উপৰি ২০২৩ চনত উত্তৰ-পূবৰ ত্ৰিপুৰা, নাগালেণ্ড আৰু মিজোৰামতো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ইতিমধ্যে এই ৰাজ্যসমূহত বিজেপিয়ে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। দেওবাৰে (১৮ ডিচেম্বৰ) উত্তৰ-পূবৰ ৰাজ্য মেঘালয় আৰু অৰুণাচল প্ৰদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণো এই ৰূপত দেখা গৈছে।

You might also like