নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰ: মন্দিৰ নগৰী অযোধ্যাৰ সকলো মন্দিৰতে গেৰুৱা ৰং বাধ্যতামূলক হ’ব৷ ইয়াৰ উপৰি বাণিজ্যিক প্রতিষ্ঠান তথা অন্যান্য প্রতিষ্ঠানসমূহতো নির্দিষ্ট ৰং লগোৱাৰ নির্দেশ দিব প্রশাসনে৷ অর্থাৎ ইচ্ছা কৰিলে নিজাববীয়াকৈ কোনোধৰণৰ ৰঙেৰে নিজৰ দোকান–প্রতিষ্ঠান সজাই তুলিব নোৱাৰিব গৰাকীয়ে৷ অযোধ্যা উন্নয়ন পৰিষদৰ তৰফৰ পৰা ইতিমধ্যে সামাজিক অনুষ্ঠান, ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ বাবে নির্দিষ্ট ৰঙৰ কথা চিন্তা কৰা হৈছে৷ কিন্তু মন্দিৰসমূহত গেৰুৱা ৰং বাধ্যতামূলক হ’ব বুলি ঘোষণা কৰিছে উন্নয়ন পৰিষদে৷