নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ অহা ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠান। বিগত ২০১৮ আৰু ২০১৯ বৰ্ষত বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠান অনুষ্ঠিত হোৱা নাছিল। সেয়ে এই বৰ্ষত সফলভাৱে উত্তীৰ্ণ হোৱা মুঠ ২,৫৩৪ গৰাকী শিক্ষাৰ্থীক মান-পত্ৰ প্ৰদান কৰা হ’ব এই সমাৱৰ্তন অনুষ্ঠানত।
আনহাতে এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব JNUৰ প্ৰাক্তন উপাচাৰ্য। এই অনুষ্ঠানত বিশিষ্ট সাহিত্যিক অৰূপ কুমাৰ দত্তলৈ ‘ডি লিট’ উপাধি আৰু বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহক প্ৰদান কৰা হ’ব ডক্টৰেট ডিগ্ৰী।