নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ: বর্ষটোৰ শেষৰটো ‘মন কী বাত’ অনুষ্ঠানত আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীক সম্বোধি ক’ভিড প্রতিৰোধৰ ক্ষেত্রত সজাগ হ’বলৈ আহ্বান জনালে৷ ৰেডি’ৰ ‘মন কী বাত’ অনুষ্ঠানত প্রধানমন্ত্রী মোদীয়ে সাধাৰণ জনতাক মাস্ক পৰিধান, নিয়মিত হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰি হাত ধোৱাৰ পৰামর্শ আগবঢ়ালে৷ আজি আছিল প্রধানমন্ত্রীৰ ৯৬সংখ্যক ‘মন কী বাত’৷ মোদীয়ে উল্লেখ কৰে যে বিশ্বৰ কেইবাখনো দেশত ক’ৰোনা বৃদ্ধি পাইছে৷ এনে পৰিস্থিতিত ভাৰতবাসী সতর্ক থাকিব লাগিব৷ ক’ৰোনাৰ বিৰুদ্ধে মোকাবিলাৰ ক্ষেত্রত আয়ুর্বেদত বিশ্বাস ৰাখিব লাগিব বুলিও উল্লেখ কৰে মোদীয়ে৷ উৎসৱৰ আনন্দত দেশবাসীক চামিল হ’বলৈ আহ্বান জনাই মোদীয়ে কয় যে সতর্কতাৰে এই উৎসৱ পালন কৰিব লাগিব৷ উল্লেখনীয় যে অ’মিক্রনৰ নতুন প্রজাতি বিএফ–৭ৰ সংক্রমণে বৃদ্ধি কৰিছে উদ্বেগ৷ প্রথমবাৰৰ বাবে ক’ৰোনাৰ এই প্রজাতিয়ে সংহাৰ সৃষ্টি কৰিছে ১৪০ কোটি জনসংখ্যাৰ দেশ চীনত৷