নদুৱাৰত ড্ৰাগছ আৰু সুৰা মুক্ত সজাগতাৰে আটছাৰ বৃহৎ বাইক ৰেলি
- আটছাৰ মহাৰজত জয়ন্তী (৭৫)বৰ্ষ পুৰ্ণ উপলক্ষে এই ৰেলিৰ আয়োজন
- কেইবা শতাধিক আটছা কতৰ্মীৰ অংশগ্ৰহণ
নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি নদুৱাৰ শাখা আটছাৰ সৌজন্যত ইটাখোলাস্থিত দিকৰাই উচ্চতৰ মাধ্যমিক খেল পথাৰৰ পৰা এক বিশাল বাইক ৰেলিৰ আয়োজন কৰা হয়। বিশেষকৈ সমাজখনত কালৰূপ ধাৰণ কৰা ড্ৰাগছ আৰু সুৰা সেৱনৰ অপকাৰিতাৰ প্ৰতি জনসাধাৰণক সজাগ সচেতন হবলৈ আহ্বান জনোৱাৰ উদ্দেশ্য আগত ৰাখিয়েই কালি সংগঠনটোৱে এই গঠন মুলক কাৰ্যসুচী হাতত লয় । সমগ্ৰ নদুৱাৰ অঞ্চলক সামৰি ইটাখোলাৰ পৰা আৰম্ভ কৰি কুসুমটলা,জামুগুৰি,ধলাইবিল,ৰঙা চকুৱা, বালিজুৰিৰ আদি অঞ্চলৰ পৰা সমবেত হোৱা দুই শতাধিক আটছা নেতা কৰ্মীৰ উপস্থিতিত ইটাখোলাৰ চৰকাৰী বঁটা প্ৰাপক জনপ্ৰিয় কন্ঠ শিল্পী সুজিৎ তচাই কাৰ্যসূচী ভাগৰ শুভ উদ্ধোধন কৰে । বিশ্বনাথ জিলা শিক্ষা ও সাহিত্য সম্পাদক অবিনাশ ৰাজৱাৰ,বিত্ত সম্পাদক বদন ওঁৰাঙ,বিশ্বনাথ শাখা আটছাৰ সভাপতি মহেশ ছত্ৰী,সহকাৰী সম্পাদক জ্যোতিষ তাঁতীয়ে অংশ গ্ৰহণ কৰা কাৰ্যসূচীভাত ৰাইজক উদ্দেশ্যি বক্তৱ্য আগবঢ়াই কেন্দ্ৰীয় আটছাৰ প্ৰচাৰ সম্পাদক মিন্টু ভুমিক আৰু নদুৱাৰ অঞ্চলৰ যুৱ নেতা তথা চতিয়া আঞ্চলিক পঞ্চায়ত সভাপতি লক্ষী কান্ত বৰাই। উল্লেখ্য যে অহা ২৬।২৭ আৰু ২৮ ডিচেম্বৰত গোলাঘাট জিলাত অনুষ্ঠিত হোৱা মহাৰজত জয়ন্তী উপলক্ষে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ড্ৰাগছ মুক্ত অসম গঢ়াৰ উদ্দেশ্য কালি নদুৱাৰতো এই অভিযান হাতত লোৱা হয় বুলি জানিব দিয়ে নদুৱাৰ শাখা আটছাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাধেশ্যাম তাঁতি আৰু সম্পাদক গ্ৰীন্দৰ কুৰ্মীয়ে । ৰেলিৰ পুৰ্বে আটছাৰ কেইবা গৰাকী বিষয় ববীয়া কাৰ্য সুচীৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে । নদুৱাৰ আটছাৰ বাইক ৰেলী কাৰ্যসূচীটোত নদুৱাৰ আটছাৰ অন্তৰ্গত উপ-শাখা আৰু প্ৰাথমিক গোটৰ সভাপতি সম্পাদকসহ অঞ্চলটোৰ কেইবাগৰাকীও ছাত্ৰ সন্থাৰ নেতৃবৃন্দ উপস্থিত থাকে।