নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলত নির্মাণ হ’ব ১,৮৫৯ কিলোমিটাৰ দৈর্ঘ্যৰ ফ্রণ্টিয়াৰ হাইৱে’

  • টাৱাং সংঘাতৰ পাছতে তৎপৰ হৈ পৰিছে কেন্দ্রীয় চৰকাৰ
  • এলএচিৰ সমীপতে নাফ্রাৰ মেগ’ৰ পৰা টাৱাং–আপাৰ সোৱণশিৰি–আপাৰ চিয়াং–দিবাং–ডেছালি হৈ বিজয় নগৰলৈ নির্মাণ হ’ব গুৰুত্বপূর্ণ পথটো ঃ
  • প্রকল্পটোৰ বাবে কেন্দ্রই ব্যয় কৰিব ৪০ হাজাৰ টকা
  • ফ্রণ্টিয়াৰ হাইৱে’ৰ পৰা লাভান্বিত হ’ব অসম
  • নির্মাণ হ’ব মূল পথ সংলগ্ণ ৬টা আন্তঃঘাইপথ কৰিড’ৰ
  • চাৰি কৰিড’ৰেৰে সংযোগ হ’ব অসমৰ ঠেলামৰা–ইটাখোলা
  • ২০২৬–২৭ চনৰ ভিতৰত নির্মাণকার্য সম্পূর্ণ কৰাৰ তৎপৰতা আৰম্ভ

 

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ: ভাৰত–চীন আন্তঃৰাষ্ট্রীয় সীমান্তৰ সমীপৰ টাৱাঙত কিছুদিন পূর্বে অনুপ্রৱেশকাৰী পিপলছ লিবাৰেচন আর্মী ৰূপী (পি এল এ) চীনা সৈন্যক ভাৰতীয় সেনাই যোগ্য প্রত্যুত্তৰ দি খেদি পঠিওৱাৰ পাছত ভাৰত চৰকাৰে অৰুণাচল প্রদেশৰ চীন সীমান্তৰ ক্ষিপ্র যাতায়াত তথা যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বিষয়টো অতি গুৰুত্ব সহকাৰে গ্রহণ কৰিছে৷ প্রায় ডেৰ মাহ পূর্বে কেন্দ্রীয় পথ পৰিবহণ আৰু ৰাষ্ট্রীয় ঘাইপথ মন্ত্রী নীতিন গাডকাৰিয়েও গুৱাহাটীলৈ কেইবাটাও চৰকাৰী কার্যসূচী লৈ আহঁোতে অৰুণাচল প্রদেশত পথ যাতায়াত ব্যৱস্থাৰ উন্নতি সাধনৰ বাবে প্রায় ৫৫ হাজাৰ কোটি টকা বিনিয়োগ কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ ইয়াৰ ভিতৰত নতুনকৈ নির্মাণ কৰিবলগীয়া গুৰুত্বপূর্ণ পথটো আছিল ১,৮৫৯ কিলোমিটাৰ দৈর্ঘ্যৰ ফ্রণ্টিয়াৰ হাইৱে’৷ টাৱাং সীমান্তৰ সমীপৰ নাফ্রাৰ পৰা বহু দুর্গম পর্বত, গভীৰ সেউজ বনাঞ্চলৰ মাজৰে ড্রাই জংচন হিচাপে পৰিচিত (ভাৰত–চীন–ম্যানমাৰ্) বিজয় নগৰলৈ নির্মাণ কৰা হ’ব এই পথটো৷ আনহাতে নতুন ফ্রণ্টিয়াৰ হাইৱে’টো ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ, ৰাষ্ট্রীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (এন আই ডি চি এল) আৰু প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনৰ সীমান্ত পথ সংস্থাই (বি আৰ অ’) সন্মিলিতভাৱে নির্মাণ কৰিব বুলি কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰিয়ে ঘোষণা কৰিছিল৷ গাডকাৰিয়ে প্রস্তাৱিত ফ্রণ্টিয়াৰ হাইৱে’টোৰ নির্মাণৰ কাম কেতিয়া আৰম্ভ কৰি কেতিয়া সম্পূর্ণ কৰিব, তাক ঘোষণা কৰা নাছিল৷ কিন্তু টাৱাঙত সংঘটিত শেহতীয়া ঘটনাৱলীয়ে ফ্রণ্টিয়াৰ হাইৱে’ নির্মাণৰ কাম শীঘ্রে আৰম্ভ হোৱাটো প্রায় নিশ্চিত কৰিছে সামৰিক দিশৰ বাবে গুৰুত্বপূর্ণ আৰু কৌশলগত প্রকল্প হিচাপে বিবেচিত প্রকল্পটোৰ নির্মাণকার্য এতিয়া ক্ষিপ্রতাৰে হ’ব বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে এই প্রকল্পটোৰ কাম নির্দিষ্ট কিছু অঞ্চলত আৰম্ভ কৰা হৈছে আৰু থলুৱাভাৱে উৎপাদিত সামগ্রী এই আন্তঃগাঁথনি নির্মাণৰ বাবে সৰবৰাহ কৰা হৈছে৷ বিগত সময়ত চীনে তীব্র আপত্তি কৰা সত্ত্বেও নতুন দিল্লীয়ে চুবুৰীয়া ৰাষ্ট্রখনৰ আপত্তিক আওকাণ কৰি মেকমোহন লাইনক অনুকৰণ কৰি এল এ চিৰ সমীপতে ১,৮৫৯ কিলোমিটাৰ দৈর্ঘ্যৰ ঘাইপথটো নির্মাণ কৰাৰ সিদ্ধান্ত লৈছে৷ নাফ্রাৰ মেগ’ৰ পৰা আৰম্ভ হৈ টাৱাং, আপাৰ সোৱণশিৰি, টুটিং, মেছুকা, আপাৰ চিয়াং, দেবাং ভেলী, ডেছালি, চাগলাগাম, কিবিথু, ডং হৈ বিজয়নগৰত পথটো সমাপ্ত হ’ব৷ অৰুণাচল প্রদেশৰ প্রকৃত নিয়ন্ত্রণ ৰেখা (এল এ চি) সংলগ্ণ এই বৃহত্তম আৰু কঠিনতম প্রকল্পৰ বাবে কেন্দ্রীয় চৰকাৰে ৪০ হাজাৰ কোটি টকা ব্যয় কৰিব৷ টাৱাং ঘটনাৰ পাছত ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে প্রকল্পটো পাঁচ বছৰৰ ভিতৰত নির্মাণ সম্পূর্ণ কৰাৰ বাবে লক্ষ্য নির্ধাৰণ কৰিছে৷ এই প্রকল্পত অৰুণাচল প্রদেশে তিনিটা ৰাষ্ট্রীয় ঘাইপথ লাভ কৰিব৷ ইয়াৰ ভিতৰত অৰুণাচল সীমান্ত ঘাইপথ, ট্রেন্স অৰুণাচল ঘাইপথ আৰু পূব–পশ্চিম ঔদ্যোগিক কৰিড’ৰ ঘাইপথ৷ সীমান্ত অঞ্চললৈ দ্রুতগতিত যান–বাহনৰ যাতায়াতৰ বাবে মূল ঘাইপথটো সংলগ্ণ কৰিবলৈ ৬টা আন্তঃঘাইপথ কৰিড’ৰ নির্মাণ কৰা হ’ব৷ এই ঘাইপথকেইটাৰ মুঠ দৈর্ঘ্য হ’ব ২,১৭৮ কিলোমিটাৰ৷ লক্ষণীয়ভাৱে এই প্রকল্পৰ পৰা অসমো বহুখিনি লাভান্বিত হ’ব৷ তাৰ ভিতৰত সংলগ্ণ কৰিড’ৰ এটা হৈছে অসমৰ শোণিতপুৰ জিলাৰ ঠেলামৰা–টাৱাং–নেলীয়্ ঘাইপথ৷ যাৰ দৈর্ঘ্য হ’ব ৪০২ কিলোমিটাৰ৷ তেনেদৰে ৩৯১ কিলোমিটাৰ দৈর্ঘ্যৰ ইটাখোলা–পাকে–কেচাং– ঘাইপথ, ২৮৫ কিলোমিটাৰ দৈর্ঘ্যৰ গোগামুখ–টালিহা–টাটে ঘাইপথ, ৩৯৮ কিলোমিটাৰ দৈর্ঘ্যৰ অকাজান–জৰগিং–পাং ঘাইপথ, ২৯৮ কিলোমিটাৰ দৈর্ঘ্যৰ পাছিঘাট–বিচিং ঘাইপথ আৰু ৪০৪ কিলোমিটাৰ দৈর্ঘ্যৰ কানুবাৰী–লংডিং ঘাইপথ৷ প্রাপ্ত খবৰ মতে অৰুণাচল সীমান্ত ঘাইপথটোৰে সামৰিক বাহিনীৰ জোৱানৰ লগতে যুদ্ধাস্ত্র কঢ়িয়াব পৰা বৃহৎ ক্ষমতাসম্পন্ন হ’ব৷ যাতে সামগ্রী অনায়াসে এই পথটোৰে কঢ়িয়াব পৰা যাব৷ প্রয়োজন সাপেক্ষে এই ঘাইপথত অধিক সেনা মোতায়েন কৰাৰো ক্ষমতা থাকিব৷ উল্লেখ্য যে ২০১৪ চনত তদানীন্তন গৃহ ৰাজ্যিক মন্ত্রী আৰু বর্তমানৰ কেন্দ্রীয় আইন মন্ত্রী কিৰেণ ৰিজিজুৱে এই বৃহত্তম আৰু কঠিনতম প্রস্তাৱিত প্রকল্পটো আগবঢ়াইছিল৷ সেই চনতে গৃহ মন্ত্রালয়ে প্রকল্পটোৰ ওপৰত গুৰুত্ব দি কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়ক বিতং প্রকল্প প্রতিবেদন দাখিল কৰিবলৈ নির্দেশ দিছিল৷ সেই সময়ত পৰিকল্পনা কৰা অৰুণাচল সীমান্ত ঘাইপথ সন্দর্ভত সেই সময়তে চীনে তীব্র আপত্তি দর্শাইছিল৷ সীমা বিবাদ সমাধান নোহোৱালৈকে নতুন দিল্লীক তেনে প্রকল্প কার্যকৰী নকৰিবলৈ চীনে একপ্রকাৰ সকীয়নি দিছিল যদিও কেন্দ্রীয় চৰকাৰে সেই সকীয়নিক আওকাণ কৰি প্রকল্পটো আগবঢ়াই নিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছিল আৰু সম্প্রতি এই প্রকল্পটো নির্মাণৰ বাবে প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷ কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়, সীমান্ত পথ সংস্থা আৰু কেইবাটাও সংস্থাৰ সমন্বয়ত এই প্রকল্পটো নির্মাণ কৰা হ’ব আৰু তাৰ বাবেই প্রস্তুতি আৰম্ভ হৈছে৷ জানিব পৰা মতে পথছোৱাৰ নির্মাণকার্যত সীমান্ত পথ সংস্থাই গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷ চীনৰ আগ্রাসনৰ পৰিপ্রেক্ষিতত চৰকাৰে এতিয়া ২০২৬–২৭ চনৰ ভিতৰত ফ্রণ্টিয়াৰ হাইৱে’ৰ নির্মাণকার্য সম্পূর্ণ কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে৷ আনকি সীমান্ত পথ সংস্থাৰ গুৱাহাটীস্থিত পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালকপ্রধান প্রবীণ কুমাৰ হনুমন্ত সিঙে বিগত দিনকেইটাত ফ্রণ্টিয়াৰ হাইৱে’টো পাৰ হৈ যাবলগীয়া আৰু সামৰিক দিশৰ পৰা গুৰুত্বপূর্ণ কেইবাটাও অঞ্চল সঘনাই পৰিদর্শন কৰি আছে বুলি জানিব পৰা গৈছে৷

You might also like