নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ চীনত সংহাৰী ৰূপ লোৱা ক’ভিড বিএফ–৭ৰ সংক্রমণক লৈ দেশবাসী শংকিত হোৱাৰ সময়তে ভাৰত বায়’টেকে ক’ভিড ন’জেল ভেকচিন মুকলি কৰাৰ দিন ঘোষণা কৰিছে৷ ন’জেল ক’ভিড ভেকচিন মুকলি কৰাৰ সমান্তৰালকৈ এই ভেকচিনটোৰ মূল্যও নির্ধাৰণ কৰিছে ভাৰত বায়’টেকে৷ বিশ্বৰ প্রথম ন’জেল ভেকচিন বায়’টেকৰ ‘ইনক’ভেক’ ভেকচিনৰ ব্যক্তিগত হাস্পতালত কৰসহ মূল্য হ’ব ৮০০ টকা৷ আনপিনে কেন্দ্র আৰু ৰাজ্য চৰকাৰে এই ভেকচিন ৩২৫ টকাত ক্রয় কৰিব পাৰিব৷ বেজীৰে নিবিন্ধোৱাকৈ নাকেৰে প্রদান কৰা এই ভেকচিনটো ভাৰত বায়’টেকে বিকশিত কৰিছে৷ বিশ্বৰ প্রথম ন’জেল ভেকচিন হিচাপে স্বীকৃত ইনক’ভেক অহা জানুৱাৰী মাহৰ চতুর্থ সপ্তাহৰ পৰা ১৮ বছৰৰ ঊর্ধ্বৰ লোকক ব্যৱহাৰৰ বাবে মুকলি কৰা হ’ব৷ এই ন’জেল ক’ভিড ভেকচিনটো কো উইন প’র্টেলত আগতীয়াকৈ বুক কৰিব পাৰিব৷ বুষ্টাৰ ড’জ হিচাপে ব্যৱহাৰ কৰিবলগীয়া এই ন’জেল ভেকচিন ইনক’ভেক ভাৰতৰ ১৪টা স্থানত পৰীক্ষণ চলোৱা হৈছিল৷ তিনিটা পর্যায়ত ন’জেল ভেকচিনটো পৰীক্ষণৰ অন্তত এই ভেকচিনটো ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হৈছে৷ ভাৰত বায়’টেকৰ কার্যবাহী অধ্যক্ষ ড০ কৃষ্ণা ইলাই প্রকাশ কৰা মতে মহামাৰীৰ সময়ছোৱাতে আমি ভেকচিনক লৈ লক্ষ্যত উপনীত হ’ব পাৰিছোঁ৷ ক’ভাক্সিন আৰু ইনক’ভেক দুই ধৰণৰ ক’ভিড ভেকচিন কোম্পানীটোৱে বিকশিত কৰিছে৷ দুটা পৃথক ব্যৱস্থাৰ এই ভেকচিন৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়, চিডিএছচি’, ভাৰত চৰকাৰৰ জৈৱ প্রযুক্তি বিভাগ, প্রযুক্তি বিকাশ ব’ড আৰু ছেইণ্ট লুইছৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ক তেওঁলোকৰ সমর্থন আৰু নির্দেশনাৰ বাবে ধন্যবাদ জনাইছে৷