নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ ইংৰাজী নতুন বছৰ আৰু থাৰ্টীফাষ্টৰ প্ৰাকক্ষণত সোণাৰি চাপৰি ইউ লাইক ৱাইনছপত চোৰে চাফাই অভিযান চলাই চিচিটিভিৰ (চিপিঅ) ডেস্কটপ আৰু ২৫ কাৰ্টুন বিলাটি সুৰাৰ সহ লক্ষাধিক টকা লৈ উধাও হোৱা ঘটনাই পুণৰ আতংকিত কৰিছে অঞ্চলবাসীক৷ সোণাৰি চাপৰি চাৰিআলিৰ মাজমজিয়াতে থকা বিলাতী সুৰাৰ দোকানখনত সন্মুখৰ পাল্লাৰ তলা অভিনৱ পদ্ধতিৰে খুলি চোৰে ভিতৰ সোমাই নগদ ধন, ২৫ কাৰ্টুন বিলাতী সুৰা আৰু চিচিটিভিৰ ডেস্কটপ সহ লৈ উদ্ধাও হয় ৷ আজি পুৱা ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে ৱাইনশ্বপৰ মালিকে সোণাৰি চাপৰি আৰক্ষী চকীত গোচৰ তৰাত আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি থকাৰ সময়তে সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলৰ মুল তোৰণৰ পকী ৱাল আৰু মাটিত তেজৰ চেকুৰা দেখা পোৱা ঘটনাই আন এক প্ৰতিক্ৰিয়া স্ষ্টি কৰিছে ৷ বিদ্যালয়খনৰ মুল তোৰণৰ পৰা শৌচগাৰলৈকে গধুৰ বস্তু চোচৰাই নিয়া আৰু তেজৰ চেকুৰা পৰি থকা প্ৰতক্ষ্য কৰি বিদ্যালয় কৰ্তৃপক্ষই সোণাৰি চাপৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে দুয়োটা ঘটনাৰ মাজত কিবা যোগসূত্ৰ থকাৰ সন্দেহ কৰি ঘটনাৰ জোৰ তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰৰ লৈকে কাকো আতক কৰিবলৈ সক্ষম হোৱা নাই ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি