আইপিএলৰ সৰ্বাধিক উপাৰ্জনকাৰী খেলুৱৈ ৰোহিত শৰ্মা
বিশেষ বাৰ্তা, ২৯ ডিচেম্বৰঃ আই পি এলৰ ইতিহাসৰ সফল দল মুম্বাই ইণ্ডিয়ানছ। একে সময়তে এই দলৰ অধিনায়ক ৰোহিত শৰ্মা। আচলতে ৰোহিত শৰ্মা ২০১১ চনৰ পৰাই মুম্বাই ইণ্ডিয়ানৰ সৈতে জড়িত। ইয়াৰ পূৰ্বে ৰোহিত শৰ্মা ডেকান চাৰ্জাৰ্ছৰ হৈ খেলিছিল। তথাপিও আই পি এলৰ ইতিহাসত সৰ্বাধিক উপাৰ্জনকাৰী খেলুৱৈ হিচাপে পৰিগণিত হৈছে ৰোহিত শৰ্মা। এইক্ষেত্ৰত ৰোহিত শৰ্মাই চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীক পিছ পেলাই গৈছে। এইপৰ্যন্ত ৰোহিত শৰ্মাই আই পি এলৰ পৰা ১৭৮.৬ কোটি টকা উপাৰ্জন কৰিছে। আই পি এলৰ ১৬ বছৰীয়া ইতিহাসত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাই মুঠ ১৭৮.৬ কোটি টকা উপাৰ্জন কৰিছে। আনহাতে, আই পি এলৰ ১৬ বছৰীয়া ইতিহাসত মহেন্দ্ৰ সিং ধোনীয়ে ১৭৬.৮৪ কোটি টকা উপাৰ্জন কৰিছে। ইয়াৰ বাহিৰেও এই তালিকাত বিৰাট কোহলি আৰু সুৰেশ ৰাইনাৰ নাম সন্নিবিষ্ট আছে। বিৰাট কোহলিয়ে এই পৰ্যন্ত আই পি এলত ১৭৩.২ কোটি টকা উপাৰ্জন কৰিছে। আনহাতে চেন্নাই ছুপাৰ কিংছৰ প্ৰাক্তন খেলুৱৈ সুৰেশ ৰাইনা চতুৰ্থ স্থানত আছে। সুৰেশ ৰাইনাই ১৪ বছৰত লীগৰ পৰা ১১০.৭ কোটি টকা উপাৰ্জন কৰিছে। উল্লেখ্য যে ২০০৮ চনত আই পি এলৰ প্ৰথম সংস্কৰণত ডেকান চাৰ্জাৰ্ছে ৰোহিত শৰ্মাক ৩ কোটি টকাত ক্ৰয় কৰিছিল। ইয়াৰ পিছত ৰোহিত শৰ্মাই পৰৱৰ্তী দুটা ছিজনৰ দৰমহা হিচাপে ৩ কোটিকৈ টকা লাভ কৰিছিল যদিও ২০১১ চনত মুম্বাই ইণ্ডিয়ানছে ৯.২ কোটি টকাত ৰোহিত শৰ্মাক ক্ৰয় কৰিছিল। ইয়াৰ উপৰি মুম্বাই ইণ্ডিয়ানছে ২০১৪ চনত ৰোহিত শৰ্মাক ১২.৫ কোটি টকাত ক্ৰয় কৰিছিল। আনহাতে মুম্বাই ইণ্ডিয়ানছে ২০১৮ চনত ৰোহিত শৰ্মাক ১৫ কোটি টকাৰ বিনিময়ত ধৰি ৰাখিছিল। একে সময়তে আই পি এল নিলাম ২০২২ৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানে ১৬ কোটি টকাত ৰোহিত শৰ্মাক ক্ৰয় কৰিছিল।