নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰৰ নেত্রী ছ্যু কীক পুনৰ ৭ বছৰ কাৰাদণ্ড সেনা আদালতৰ

নিয়মীয়া বাৰ্তা, ৩১ডিচেম্বৰ: ম্যানমাৰৰ সামৰিক আদালতে দেশখনৰ গণতান্ত্রিক আন্দোলনৰ নেত্রী আং ছান ছ্যু কীক পুনৰ ৭ বছৰ কাৰাদণ্ডৰ ৰায় শুনাইছে৷ যোৱা বছৰ ফেব্রুৱাৰীত গণতান্ত্রিকভাৱে নির্বাচিত চৰকাৰখনক অভ্যুত্থানৰ জৰিয়তে উৎখাত কৰাৰ পাছত ছ্যু কীক বন্দী কৰি ৰাখিছে সামৰিক প্রশাসনে৷ এতিয়ালৈকে ছ্যু কীক কেইবাটাও গোচৰত দোষী সাব্যস্ত কৰি মুঠ ৩৩ বছৰ কাৰাদণ্ডৰ ৰায় শুনালে দেশখনৰ সামৰিক আদালতে৷ বিশ্বৰ মানৱ অধিকাৰ সংস্থাসমূহে এই কার্যক গৰিহণা দিছে৷

You might also like