নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভ্ৰাম্যমাণ থিয়েটাৰৰ অন্যতম নাট্যযোদ্ধা কৃষ্ণ ৰয়লৈ অসম সৌৰভ বঁটা

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ অসমৰ নাট্যনগৰী পাঠশালাৰ আৱাহন থিয়েটাৰৰ প্ৰতিস্থাপক প্ৰযোজক কৃষ্ণ ৰয়ক ৰাজ্য চৰকাৰে অসম সৌৰভ বঁটাৰ বাবে মনোনীত কৰা খবৰকলৈ বজালীত আনন্দৰ ঢৌ বৈছে৷ জীৱনৰ আশীটাকৈ বসন্ত পাৰ কৰিও এজন চফল তৰুণৰ দৰে জীৱন ধাৰণ কৰা বিশিষ্ট নাট্য যোদ্ধা কৃষ্ণ ৰয়ে এই বঁটা ঘোষণাৰ খবৰ পোৱাৰ লগে লগে যথেষ্ট উৎসাহী হৈ পৰে৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “আজি অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়ো অসম সৌৰভ বটাঁত মোৰ নামটো দেখি বহুত ভাল লাগিল৷ মই নিজকে লৈ কিছু হ’লেও গৌৰৱ অনুভ কৰিছো৷” সাংবাদিকৰ সৈতে মত বিনিময় কৰি নাট্যযোদ্ধা কৃষ্ণ ৰয়ে পুনৰায় কয়, “সুদীৰ্ঘকাল মই ভ্ৰম্যমাণ থিয়েটাৰ আৱাহনৰ যোগেৰে অসম বিভিন্ন প্ৰান্তত ৰাইজৰ পৰা আদৰ আৰু মৰম লাভ কৰিছো৷ এতিয়া মোৰ বয়স হৈছে, সেইবাবেই আৱাহন থিয়েটাৰ চলাই নিবলৈ বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক দায়িত্ব প্ৰদান কৰা হৈছে যদিও মাজে সময়ে বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই আহিছো৷ আৱাহন থিয়েটাৰৰ পূৰ্বে মঞ্চৰত্ন ৰতন লহকৰৰ সৈতে কহিনুৰ থিয়েটাৰৰ প্ৰযোজনা কৰা কৃষ্ণ ৰয়ে এই চেগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা  আৰু সকলো কেবিনেট মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বজালী আৰু অসমবাসী ৰাইজক তেওঁ লাভ কৰি অহা মৰমৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ অসম সৌৰভ বটাঁৰে সন্মানিত কৃষ্ণ ৰয়ক আজি বজালীৰ বিভিন্ন প্ৰান্তৰ ৰাইজে শুভেচ্ছা জ্ঞাপন কৰে৷ পাঠশালা প্ৰেছ ক্লাবৰ পৰা সাংবাদিক কৈলাস চৌধুৰী, প্ৰণৱ কুমাৰ গোস্বামী, ৰঞ্জিত দাস আৰু গৌতম দাসে ৰয়ক গামোচা পিন্ধাই অভিনন্দন জনায়৷ উল্লখ্য যে অতুল চন্দ্ৰ হাজৰিকা বঁটাপ্ৰাপ্ত কৃষ্ণ ৰয়ে ইতিপূৰ্বে দিনবন্ধু চলচ্চিত্ৰখনৰ জৰিয়তে ৰাষ্ট্ৰপতিৰ সন্মানো লাভ কৰিবলৈ সক্ষম হয়৷

 প্ৰেৰকঃ কল্যাণ কলিতা

You might also like