অসম গ্রন্থমেলাত সিদ্ধার্থ শংকৰ ডেকাৰ ‘ৰণছন্দ’ মুকলি
বিশেষ বাৰ্তা, ৫ জানুৱাৰীঃ সদ্যসমাপ্ত কাটাৰ বিশ্বকাপৰ বিভিন্ন কাৰিকৰী দিশ সামৰি ফুটবল সংগঠক সিদ্ধার্থ শংকৰ ডেকাই ৰচনা কৰা তথা পূর্বায়ন প্রকাশনে প্রকাশ কৰা ‘কাটাৰ বিশ্বকাপৰ ৰণছন্দ’ নামৰ ব্যতিক্রমী গ্রন্থখন আজি অসম গ্রন্থমেলাত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷ কাটাৰ বিশ্বকাপ ফুটবল উদ্বোধনী মেচৰ পৰা ফাইনেল পর্যন্ত মুঠ ২৬খন উত্তেজনাপূর্ণ মেচত দলসমূহে লোৱা ৰণকৌশল, প্রশিক্ষকসকলৰ ভূমিকা আৰু খেলুৱৈসকলৰ প্রদর্শনৰ দৰে বিষয়সমূহক সৰল আৰু প্রাঞ্জল ভাষাত গ্রন্থখনত অৱলোকন কৰা হৈছে৷ লগতে আছে এই বিশ্বকাপৰ মহানায়ক লিঅ’নেল মেছিৰ খেল তথা ব্যক্তিত্বলৈ অহা পৰিৱর্তন তথা আর্জেণ্টিনাৰ প্রশিক্ষক লি’নেল স্কাল’নিৰ ৰণনীতিৰ বিশ্লেষণ৷ গ্রন্থখনত আছে ভাৰতৰ বিশ্বকাপ ফুটবলৰ সপোন আৰু ইয়াক প্রাপ্তিৰ পথ সন্দর্ভত প্রবন্ধও৷ প্রকাশক ‘পূর্বায়ন’ৰ স্বত্বাধিকাৰী অমৃত কুমাৰ উপাধ্যায়ে ফুটবল তথা ক্রীড়া বিষয়ক এইখন তেওঁলোকৰ প্রথম গ্রন্থ বুলি প্রকাশ কৰাৰ লগতে সাহিত্য আৰু তথ্যৰ সংমিশ্রণত ৰচিত এই গ্রন্থই অনুসন্ধিৎসু ক্রীড়াপ্রেমী পাঠকৰ হূদয় জয় কৰিব পাৰিব বুলি আশা প্রকাশ কৰে৷ উল্লেখ্য যে অসম গ্ৰন্থমেলাত উক্ত গ্ৰন্থখন উপলব্ধ।