ঘিলামৰাত ২.৭৭ গ্ৰাম নিষিদ্ধ ড্ৰাগছ সহ এজনক গেপ্তাৰ
নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰী: নৱ প্ৰজন্মৰ মাজত মাৰাত্মক নিচাযুক্ত দ্ৰব্য ড্ৰাগছৰ মুকলি বেহা মেলি ঢকুৱাখনা ঘিলামৰাৰ এটা অশুভ চক্ৰই সুদীর্ঘ দিন ধৰি ভৱিষ্যত প্ৰজন্মক ধ্বংসৰ কৰাল গ্ৰাসত নিমৰ্জিত কৰি অহা পৰিলক্ষিত হৈছে। ঢকুৱাখনা আৰু ঘিলামৰাৰ একাংশ বিপথ গামী যুৱকে সহজলভ্য ধনৰ লালসাত একাংশ উদীয়মান যুৱকক মাৰাত্মক ড্ৰাগছৰ নিচাত আসক্ত কৰি চলাই যোৱা এই ভয়াবহ জালৰ অন্য এক অভিযুক্ত মঙ্গলবাৰে ৰঙা ঘৰৰ আলহী হৈছে । আৰক্ষীৰ চকুৰ সন্মুখতে অবাধ হাৰত অব্যাহত ৰখা এই নিষিদ্ধ চোৰাং বেহাৰ সতে জড়িত ঢকুৱাখনা নগৰৰ মহঘুলি চাপৰিৰ বাবুল বাস্ফৰ ওৰফে বাবু নামৰ এটা ড্ৰাগছ বেপাৰীক মঙ্গলবাৰে দুপৰীয়া ঘিলামৰাত আটক কৰি থানাত চমজাই দিয়া হয়। প্ৰাপ্ত তথ্য মতে ঢকুৱাখনাৰ পৰা এ এছ ০৭ ইউ ৪২১১ নম্বৰৰ নীলা বৰণৰ পালচাৰ এন এছ ১২৫ বাইক লৈ ঘিলামৰাৰ দৈনিক বজাৰৰ সমীপত উপস্থিত হৈ গ্ৰাহকৰ অপেক্ষাত আছিল ড্ৰাগছ বেপাৰী বাবুল বাস্ফৰ । যুৱকজনৰ সন্দেহজনক চাল চলনত সন্দেহ হোৱাত স্থানীয় যুৱক বাবলু ফুকন আৰু দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ কেন্দ্ৰীয় নেতা গৌৰৱ জ্যোতি বৰুৱাই বাস্ফৰক আটক কৰি তালাচী চলোৱাৰ পাছত ধৃত বাস্ফৰে ড্ৰাগছৰ বেপাৰ কৰাটো স্বীকাৰ কৰাত যুৱকদ্বয়ে ঘিলামৰা আৰক্ষীক অৱগত কৰি ড্ৰাগছ বেপাৰীটোক থানাত চমজাই দিয়ে । ৰাইজৰ জেৰাত ধৃত ঢকুৱাখনাৰ ড্ৰাগছ বেপাৰীটোৱে বহুদিন ধৰি এই বেহা চলাই থকাৰ কথা স্বীকাৰ কৰি লগত ৰখা নগদ ৩৭ হাজাৰ টকাৰে গ্ৰাহকক বিক্রীৰ বাবে ড্ৰাগছ কিনিবলৈ অহা বুলিও স্বীকাৰ কৰে । আৰক্ষীয়ে বাইক আৰু যুৱকজনক চলোৱা তালাচীৰ কালত নগদ ৩৭ হাজাৰ টকা, ৬টা চিৰিঞ্জ , এটা কন্টেইনাৰসহ প্ৰায় ২.৭৭ গ্ৰাম ওজনৰ ড্ৰাগছ উদ্ধাৰ কৰি ধৃত ড্ৰাগছ বেপাৰীটোক গ্ৰেপ্তাৰ কৰাৰ লগতে ড্ৰাগছ, ধন আৰু বাইকখন জব্দ কৰি এক গোচৰ পঞ্জীয়ন কৰিছে ।
প্ৰেৰক ঃ ৰাজেশ বুঢ়াগোহাঞি