নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাবাহু ব্রহ্মপুত্র নদী ঐতিহ্য কেন্দ্র সম্প্রসাৰণৰ পর্যালোচনা মন্ত্রী অশোক সিংহলৰ

বিশেষ বাৰ্তা, ১২ জানুৱাৰীঃ গৃহ নির্মাণ আৰু নগৰ পৰিক্রমা তথা জলসিঞ্চন বিভাগৰ মন্ত্রী অশোক সিংহলে জনতা ভৱনস্থিত নিজ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত গুৰুত্বপূর্ণ বৈঠকত মহাবাহু ব্রহ্মপুত্র নদী ঐতিহ্য কেন্দ্র এক সম্প্রসাৰিত অংশ হিচাপে পাণবজাৰস্থিত আৰক্ষী আয়ুক্তৰ পুৰণি বাংলোৰ চৌহদৰ উন্নয়ন আৰু সৌন্দর্যবর্ধন কাম–কাজৰ বিতং পর্যালোচনা কৰে৷ গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা প্রমুখ্যে প্রাধিকৰণৰ জ্যেষ্ঠ বিষয়ববীয়াসকল তথা কর্তব্যত নিয়োজিত আর্কিটেক্ট আৰু ঠিকাদাৰসকলৰ সৈতে হোৱা এই বৈঠকত তেওঁ প্রকল্পটো ৰূপায়ণৰ ক্ষেত্রত দেখা দিয়া অসুবিধাসমূহ দূৰ কৰাৰ লগতে ইয়াৰ খৰতকীয়া ৰূপায়ণৰ বাবে সংশ্লিষ্টসকলক যাৱতীয় নির্দেশনা প্রদান কৰে৷ উল্লেখযোগ্য যে গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণৰ জৰিয়তে প্রায় ৩৪ কোটি টকা পুঁজিৰে হাতত লোৱা এই প্রকল্পৰ জৰিয়তে আৰক্ষী আয়ুক্তৰ পুৰণি বাংলোৰ চৌহদক মহাবাহু ব্রহ্মপুত্র নদী ঐতিহ্য কেন্দ্রৰ সৈতে সংলগ্ন কৰাৰ ব্যৱস্থা কৰা হৈছে৷ এই চৌহদত বর্তমানে থকা পদুম পুখুৰী এলেকাৰ উন্নয়ন আৰু ব্রহ্মপুত্র নদীপাৰ এলেকাৰ সৌন্দর্যবর্ধনৰ লগতে সমগ্র এলেকাটোৰ চাৰিওফালে লেণ্ডস্কেপিং কর্ট আৰু খোজকা পথৰ নির্মাণৰ কামো এই প্রকল্পত সামৰি লোৱা হৈছে৷ আজিৰ বৈঠকত মন্ত্রী সিংহলে এই প্রতিটো কাম–কাজৰ অগ্রগতিৰ বিষয়ে সূক্ষ্মভাৱে পর্যালোচনা কৰে আৰু কেতবোৰ বিশেষ দিশত সালসলনিৰ পৰামর্শ দিয়ে৷ অহা ১৫ মার্চৰ পূর্বে এই প্রকল্প সম্পূর্ণৰূপে সাজু কৰি তুলিব পৰাকৈ বাকী ৰোৱা কাম–কাজসমূহ দ্রুততৰ কৰি তুলিবলৈ তেওঁ বিষয়ববীয়াসকলক নির্দেশ দিয়ে৷

You might also like