নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী: বয়স ৫২৷ তথাপি দেশৰ ‘ম’ষ্ট ইলিজিবল বেচেলৰ’ তেওঁ৷ কেতিয়া বিয়া পাতিব তাক লৈ বিভিন্ন সময়ত প্রশ্ণৰ মুখামুখি হ’বলগীয়া হৈছে এই যুৱকজন৷ তেওঁ অন্য কোনো নহয়, কংগ্রেছ নেতা ৰাহুল গান্ধী৷ প্রায় দুদশক ধৰি ৰাজনৈতিক জীৱনত বহুবাৰেই এই ব্যক্তিগত প্রশ্ণৰ মুখামুখি হৈছে ৰাহুল৷ এইবাৰ পুনৰ একেই প্রশ্ণৰ সন্মুখীন হৈছে নেতাজন৷ কেৰালাৰ সাংসদ ৰাহুলে এইবাৰ স্পষ্টভাৱে জনাই দিলে যে মনে বিচৰা পাত্রী পালেই তেওঁ বিয়া পাতিব৷ যোৱা ৭ ছেপ্ঢেম্বৰৰ পৰা ‘ভাৰত জোড়ো যাত্রা’ত নেতৃত্ব দি আহিছে ৰাহুলে৷ ‘কার্লি টেলছ’ক দিয়া এক সাক্ষাৎকাৰত আজি ৰাহুলে বিয়াৰ পৰিকল্পনা আছেনে বুলি কৰা প্রশ্ণৰ উত্তৰত ক’লে যে যেতিয়াই মনে বিচৰা পাত্রী পাব তেতিয়াই তেওঁ বিয়া কৰাব৷