নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী: ভাৰতলৈ চিতা পুনৰ প্ৰৱৰ্তনৰ অভিলাষী প্ৰকল্পৰ অংশ হিচাপে দক্ষিণ আফ্ৰিকাই ভাৰতক ১০০ৰো অধিক চিতা প্ৰদানৰ চুক্তিত স্বাক্ষৰ কৰিছে। পৰিবেশ মন্ত্ৰালয়ে জনোৱা মতে, যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত নামিবিয়াৰ পৰা ৮টা চিতা অহাৰ পিছত অহা মাহত ১২টা চিতাক ভাৰতলৈ প্ৰেৰণ কৰা হ’ব।
মন্ত্ৰালয়ে এক বিবৃতিত কয় যে অহা আঠৰ পৰা দহ বছৰলৈ প্ৰতি বছৰে ১২টা চিতা প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে যাতে চিটাৰ সংখ্যা বৃদ্ধিত সহায়ক হয়। উল্লেখ্য যে ভাৰতত এসময়ত এছিয়টিক চিতাৰ বাসস্থান আছিল যদিও ১৯৫২ চনৰ ভিতৰত এই প্ৰাণীবিধ বিলুপ্ত ঘোষণা কৰা হয়। ভাৰতত চিতাৰ বিলুপ্তিৰ মূল কাৰণ আছিল ইহঁতৰ ছালৰ চোৰাং ব্যৱসায়।
উল্লেখ্য যে ১২ বছৰ ধৰি ভাৰতলৈ চিতাবাঘ ওভতাই অনাৰ প্ৰক্ৰিয়া চলি থকাৰ অন্তত ২০২২ চনৰ জানুৱাৰী মাহত দেশৰ উচ্চতম ন্যায়লয়ে চিতা প্ৰকল্পত অনুমোদন জনায়।