আদাবাৰীৰ পেট্র’ল পাম্পত অবৈধ আস্থান
চকুমুদা কুলিৰ ভাওত জালুকবাৰী যান–বাহন আৰক্ষীঃ তীব্র যান–জঁট
নিয়মীয়া বাৰ্তা ৬ ফেব্রুৱাৰীঃ মহানগৰীৰ আদাবাৰী বাছ আস্থানৰ সন্মুখত তথা এনআৰএল আৰু শৰাইঘাট পেট্র’ল পাম্পৰ মধ্যভাগত মূল পথৰ ওপৰতে গঢ়ি উঠা অবৈধ যাত্রীবাহী বাহনৰ আস্থানৰ বাবে সম্প্রতি আদাবাৰীত নিয়মিত সৃষ্টি হৈছে ব্যাপক যান–জঁট৷ ফলত সাধাৰণ নাগৰিকৰ বহু মূল্যৱান সময়ৰ অপব্যয় হোৱাৰ লগতে বাহনসমূহৰো ইন্ধন অপচয় হ’ব লগা হৈছে৷ এইক্ষেত্রত জালুকবাৰী যান–বাহন আৰক্ষীয়ে চকুমুদা কুলিৰ ভাও ধৰি থকা কার্যই ৰাইজৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে আদাবাৰী বাছ আস্থানৰ বাহিৰৰ ৰাজপথত এনআৰএল ডিপো আৰু শৰাইঘাট তেল ডিপোৰ মাজৰ অংশখিনিত বৰপেটা, দৌলাশাল, নলবাৰী আদিলৈ যোৱা যাত্রীবাহী বাছকে ধৰি অন্য যান–বাহনৰ এটি অবৈধ আস্থান গঢ় লৈ উঠিছে৷ ফলত মূলপথৰ এছোৱা দখল কৰি যাত্রীবাহী বাছসমূহ ঘণ্টাৰ পিছত ঘণ্টা ৰখাই যাত্রী উঠা–নমা কৰি থকাৰ ফলত ৰাজপথেৰে চলাচল কৰি থকা অন্য বাহনৰ স্বাভাৱিক গতি ৰুদ্ধ হৈ পৰে আৰু পথছোৱাত সৃষ্টি হয় তীব্র যান–জঁট৷ তদুপৰি আদাবাৰী বাছ আস্থানৰ ভিতৰৰ পৰা ওলাই অহা বাহনসমূহ উক্ত অংশৰে ওলাই অহাৰ সময়ত পথৰ ওপৰতে অবৈধভাৱে ৰখাই থোৱা বাহনসমূহৰ বাবে ব্যাপক অসুবিধাৰ সন্মুখীন হয়৷ প্রাপ্ত অভিযোগ অনুসৰি জালুকবাৰী যান–বাহন আৰক্ষীৰ পৃষ্ঠপোষকতাত এটি যুৱকৰ দলে এই অবৈধ আস্থানটো স্থাপন কৰি প্রতিখন বাহনৰ পৰা ২০০–৩০০ টকাকৈ আদায় লয়৷ তদুপৰি যাত্রী উঠাই দিয়াৰ নামতো প্রতিজন যাত্রীৰ বিপৰীতে কমিছন লয় যুৱকৰ দলটোৱে৷ আনহাতে যুৱকৰ দলটো বা ৰাজপথৰ ওপৰতে ৰখাই থোৱা যাত্রীবাহী বাহনসমূহক যাতে কোনেও একো অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে পুৱাৰ পৰা নিশালৈ জালুকবাৰী যান–বাহন আৰক্ষীৰ উপ–পৰিদর্শক, সহকাৰী উপ–পৰিদর্শক পর্যায়ৰ বিষয়াৰ পৰা হাবিলদাৰ–কনিষ্টব এটি ৮–১০জনীয়া আৰক্ষীৰ দলে এই অংশখিনিত কর্তব্য পালন কৰে৷ যি সময়ত পর্যাপ্ত আৰক্ষীৰ অভাৱত জালুকবাৰী থানা এলেকাৰ বিভিন্ন ‘ক্রছিং’ বা পইণ্টত যান–বাহন আৰক্ষী নোহোৱাকৈ চলি আছে, তেনে সময়তে আদাবাৰী বাছ আস্থানৰ সন্মুখত ৮–১০গৰাকী আৰক্ষী নিয়োগ কৰি ৰখা ঘটনাই সকলো দিশ স্পষ্ট কৰি তুলিছে৷ আনহাতে আদাবাৰী বাছ আস্থানৰ ঠিক সন্মুখতে থকা এনআৰএল তেল ডিপোৰ ভিতৰতো বৰপেটা, দৌলাশাল আদিলৈ যোৱা যাত্রীবাহী বাছৰ এটি আস্থান গঢ়ি উঠা কার্যই প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ দুর্ঘটনাৰ আশংকাত তেল ডিপোৰ ভিতৰত ম’বাইল ফোন ব্যৱহাৰ কৰাটোত বাধা নিষেধ আৰোপ কৰা আছে৷ তেনে ক্ষেত্রত তেল ডিপোৰ ভিতৰত স্থাপন কৰা বাছ আস্থানত ৰখাই থোৱা যাত্রীবাহী বাহনৰ চালক–হেণ্ডিমেনে বিড়ি–চিগাৰেট হুঁপি থকা প্রায়ে দেখিবলৈ পোৱা যায়৷ যাৰ বাবে লোকসকলে এইক্ষেত্রত শীঘ্রে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তক দাবী জনাইছে৷