গুৱাহাটীত হ’বলগীয়া ৱাই-২০ বৈঠকৰ সৈতে সংগতি ৰাখি ধুবুৰীত আলোচনা চক্ৰ
নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰী: গুৱাহাটীত হ’বলগীয়া ৱাই-২০ বৈঠকৰ সৈতে সংগতি ৰাখি আজি ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সৌজন্যত মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক মনোজ্ঞ আলোচনা চক্ৰ। ‘জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু সম্পদ ব্যৱস্থাপনাৰ বিকল্প পদ্ধতিত ইয়াৰ ভূমিকা’ শীৰ্ষক বিষয়ক সেই আলোচনা চক্ৰখনত সমল ব্যক্তি ৰূপে উপস্থিত থাকে বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পাদক তথা গুৱাহাটীৰ বি বৰুৱা কলেজৰ প্ৰাক্তন উপাধ্যক্ষ ডঃ জগদীন্দ্ৰ ৰয়চৌধুৰী আৰু বিশিষ্ট পৰিবেশবিদ, লেখক তথা নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত। দত্তই দিয়া এক মনোজ্ঞ ভাষণত কয় যে, ‘সম্পদৰ ধাৰণাটো অতি গুৰুত্বপূৰ্ণ৷ কোনবোৰ প্ৰকৃত সম্পদ আমি জানিব লাগিব৷ সম্পদ ব্যৱস্থাপনাৰ প্ৰথম পদক্ষেপটোৱে হৈছে সম্পদৰ সংৰক্ষণ৷ সম্পদৰ স্থায়ী সংৰক্ষণ হ’ব লাগে৷ সম্পদৰ বাবে জৈৱ বৈচিত্ৰ সংৰক্ষণ কৰা দৰকাৰ৷ তাত বহুত সম্পদ আছে৷ যিবোৰৰ ব্যৱহাৰৰ বিষয়ে জানিবলৈ আমি অধ্যয়ন কৰিব লাগিব, নতুন ধৰণেৰে চিন্তা কৰিব পাৰিব লাগিব৷’ আলোচনাচক্ৰখনত উপস্থিত থকা আনগৰাকী সমল ব্যক্তি ৰয়চৌধুৰীয়ে নিজৰ বক্তব্যত ভাৰত চৰকাৰৰ তথ্যৰ উদ্ধৃতিৰে অসমৰ আন পোন্ধৰখন জিলাৰ লগতে ধুবুৰী জিলাও জলবায়ু পৰিৱৰ্তনৰ দিশৰ পৰা অতি স্পৰ্শকাতৰ বুলি বিবেচিত হোৱা বুলি উল্লেখ কৰে। অসমত হ’বলগীয়া ইয়ুথ-২০ (ৱাই-২০) বৈঠকৰ সৈতে সংগতি ৰাখি ভোলানাথ কলেজৰ প্ৰেক্ষাগৃহত আয়োজিত আলোচনাচক্ৰখনত ধুবুৰী জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে মুঠ ৯খন অধ্যয়নপত্ৰ পাঠ কৰে আৰু তেওঁলোকৰ মাজৰ ভোলানাথ বিদ্যালয়ৰ ছাত্ৰী আস্থা বাল্মিকীয়ে শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰে৷ উল্লেখ্য যে ইয়ুথ-২০ (ৱাই-২০) বৈঠকৰ সৈতে সংগতি ৰাখি অহাকালি উলিওৱা হ’ব চাইক্ল’থন৷
অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী