নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ আজি নতুন যোগাযোগত লাভৱান হ’ব পাৰে৷ ব্যৱসায়ত উন্নতিৰ যোগ দেখা যায়৷ আজি পশ্চিম দিশত যাত্রা কৰিব৷ ৰাতিপুৱা সূর্য প্রণাম কৰি ঘৰৰ পৰা ওলাব৷ আপোনাৰ শুভ ৰং বগা৷ শুভ সংখ্যা ১৷
বৃষ ঃ অর্থ হানিৰ সম্ভাৱনা, গতিকে সাৱধান থাকিব৷ বিদ্যাত শুভ৷ আজি যাত্রা বা ভ্রমণ কৰাৰ সময়ত বগা ৰং ব্যৱহাৰ নকৰিব৷ আজি তাৰা দেৱীৰ স্তৱ পাঠ কৰিব৷ শুভ ফল পাব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৮৷
মিথুন ঃ আজি আপোনাৰ কর্ম পৰিৱর্তনৰ সম্ভাৱনা দেখা যায়৷ অংশীদাৰী ব্যৱসায়ৰ ওপৰত নজৰ ৰাখক৷ বৈবাহিক জীৱনত কিছু বাধা আহিব পাৰে৷ উত্তৰ–পূব দিশত যাত্রা কৰিলে শুভ ফল পাব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷
কর্কট ঃ ব্যৱসায়ীৰ কাৰণে দিনটো বিশেষ শুভ নহ’ব পাৰে৷ লেনদেনৰ কাৰণে যাত্রা নকৰিব৷ অতি প্রয়োজন হ’লে দিনৰ তিনি বজাৰ পিছত কৰিব৷ শুভ কর্মত হালধীয়া ৰং ব্যৱহাৰ কৰক৷ শুভ সংখ্যা ৫৷
সিংহ ঃ আজি প্রায় দিশতে আপোনাৰ দক্ষতা থাকিব৷ আজি আপুনি ক্রীম ৰঙৰ কাপোৰ–কানি ব্যৱহাৰ কৰক৷ যাত্রা কৰিলে দক্ষিণ দিশত কৰিব৷ আজি উপবাস থাকি বগলা দেৱীৰ পূজা কৰক৷ শুভ ৰং ক্রীম৷ শুভ সংখ্যা ২৷
কন্যা ঃ আজিৰ দিনটো আপোনাৰ কাৰণে শুভ যদিও আর্থিক লেনদেনত সাৱধান থাকিব৷ ঘৰুৱাত সুখ অনুভৱ কৰিব৷ আজি শুভ কর্মত যাত্রা কৰিলে ৰঙা বস্ত্র পৰিধান কৰিব৷ ভ্রমণ কৰিব পাৰে৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷
তুলা ঃ দিনৰ ৯ বজাৰ পৰা কিছু উন্নত৷ আর্থিক দিশত শুভ ফল পাব৷ আজি আপোনাৰ কাৰণে শুভ ৰং পাতল সেউজীয়া৷ বিদ্যাত দৃঢ়তা থাকিব৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৯৷
বৃশ্চিক ঃ ছাত্র–ছাত্রীৰ বাবে শুভ দিন৷ দাম্পত্য জীৱনত কিছু বাধা থাকিব৷ চাকৰিৰ ক্ষেত্রত শুভ যোগাযোগ হ’ব পাৰে৷ আজি আপুনি পৰাপক্ষত যাত্রা নকৰিব৷ আপোনাৰ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ২৷
ধনু ঃ ব্যৱসায়ত লাভৰ কাৰকতা৷ বিদ্যাত শুভ ফল পাব৷ ৰাতিপুৱা সাত বজাৰ পিছত যাত্রা কৰিব আৰু এই সময়ত ক’লা ৰং ব্যৱহাৰ নকৰিব৷ আজি ভ্রমণ কৰিলে সেউজীয়া ৰং ব্যৱহাৰ কৰিব, শুভ ফল পাব৷ শুভ সংখ্যা ৬৷
মকৰ ঃ পুৱা দহটালৈ কিছু সাৱধান থকা ভাল৷ ঘৰুৱাত তেনে বাধা নাই৷ আজি যাত্রা কৰিলে ৰঙা বস্ত্র পৰিধান কৰিব৷ ব্যৱসায়িক যোগাযোগত শুভ ফল প্রাপ্তিৰ সম্ভাৱনা৷ ভ্রমণাদিত মধ্যম৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৪৷
কুম্ভ ঃ আর্থিক দিশত শুভ ফল লাভ কৰিব৷ ব্যৱসায়ত আয় বৃদ্ধি৷ আজি আপুনি শিৱ মন্দিৰত চাকি জ্বলাব৷ আবেলি ৫ বজাৰ পিছত যাত্রা নকৰিব৷ আজি আপোনাৰ শুভ ৰং বগা৷ শুভ সংখ্যা ৫৷
মীন ঃ সাৱধানেৰে দিনটো পাৰ কৰক৷ দৰকাৰী কামত অৱহেলা নকৰিব৷ আজি আপুনি শুভ কামৰ কাৰণে যাত্রা নকৰিব৷ অতি প্রয়োজন হ’লে নীলা ৰঙৰ কাপোৰ পিন্ধিহে ওলাব৷ শুভ সংখ্যা ১৷

You might also like