নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়াৰ বাবে কইনা বিচাৰি আৰক্ষীক আবেদন ৩ ফুটীয়া বামনৰ

 নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ বিয়াৰ বাবে কইনা লাগে তিনিফুটীয়া বামনক৷ কোনো বিজ্ঞাপন দিবলৈ নগৈ নিজৰ জীৱন সংগী বিচাৰি আৰক্ষী থানাত উপস্থিত হ’ল এই যুৱকজন৷ যুৱকজনে পাত্রী বিচাৰি দিয়াৰ বাবে আবেদন জনালে আৰক্ষীক৷ উত্তৰ প্রদেশৰ মুজফফৰ নগৰৰ যুৱকজনৰ এই কাণ্ডক লৈ আৰক্ষীৰ চকু কপালত উঠিল৷ ২০ বছৰীয়া মহম্মদ ডানিছ নামৰ এই যুৱকজনৰ উচ্চতা মাত্র ৩ ফুট৷ উচ্চতা কম হোৱা বাবেই যুৱকজনে কইনা বিচাৰি পোৱা নাই৷ সেইবাবে কইনা বিচৰাৰ দায়িত্ব আৰক্ষীক প্রদান কৰিবলৈ গৈ থানাত হাজিৰ হয় যুৱকজনে৷ বৃহস্পতিবাৰে খাতাউলি থানাৰ আৰক্ষীয়ে অৱশ্যে যুৱকজনক তেওঁৰ আবেদন সন্দর্ভত গুৰুত্ব দিব বুলি আশ্বাস দিছে৷

You might also like