চতিয়াত ক্ৰিকেটাৰৰ ৰূপত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ
নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ বিশ্বনাথৰ চতিয়া মালগাঁও খেলপথাৰ প্ৰাঙ্গনত আজি সকাঁহৰ উদ্যোগত চতিয়া খণ্ড উন্নয়ন আৰু নদুৱাৰ খণ্ড উন্নয়ন বিষয়ববীয়াৰ মাজত এখন ফ্ৰেণ্ডচিপ ক্ৰিকেট খেল অনুষ্ঠিত কৰে। উক্ত ক্ৰিকেটখেলখনৰ শুভ উদ্বোধন কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। ক্ৰিকেট খেলখন শুভ উদ্বোধন কৰি হাতত বেট লৈ এজন ক্ৰিকেটাৰৰ ৰূপত দেখা গ’ল বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰক। কিছুসময়ৰ বাবে ক্ৰিজত থাকি এফালৰ পৰা তেওঁ কোবাই গল কেইবাটাও বল৷ আনকি এজন দুৰ্দান্ত বেটছমেনৰ দৰে বহুসময় ক্ৰিজত নিজৰ বিৰত্ত ও প্ৰদৰ্শন কৰিলে বিধায়ক গৰাকীয়ে। আজি পুৱাই এনেদৰেই এজন অলৰাউণ্ডাৰৰ ৰূপত দেখা গল বিধায়ক প্ৰমোদ বৰঠাকুৰক ৷ কিছুসময়ৰ বাবে ৰাজনীতিৰ পৰা আতৰি থাকি বিধায়ক গৰাকী হাহি ফুৰ্টিৰে মচগুল হৈ পৰিল ক্ৰিকেটৰ মাজত ৷ আজি চতিয়া খণ্ড উন্নয়ন বিষয়া পলক শৰ্মাই আঁত ধৰা উক্ত উদ্বোধনী অনুষ্ঠানত বিধায়কগৰাকীৰ লগত সংগ দিয়ে বিশ্বনাথ জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য আৰু শোণিতপুৰ জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়াই। চতিয়া খণ্ড উন্নয়ন বিষয়া কৰ্মচাৰী আৰু নদুৱাৰ খণ্ড উন্নয়ন বিষয়া কৰ্মচাৰীসকলৰ মাজত এখন আনন্দময় ফ্ৰেণ্ডচিপ ক্ৰিকেট খেলখনত দৰ্শকৰ মাজত বহুত উৎসাহ দেখা যায়।
প্ৰেৰক শিবু মজুমদাৰ