নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰোধীয়ে যিমানে বোকা ছটিয়াব, সিমানে পদুম ফুলিব– মোদী

  • আদানি প্রসংগ এৰাই চলি লোকসভাৰ পাছত ৰাজ্যসভাতো বিৰোধীক ক্ষুৰধাৰ সমালোচনা প্রধানমন্ত্রীৰ
  • গান্ধী পৰিয়ালক পুনৰ কটাক্ষ

নিয়মীয়া বাৰ্তা, ১০ফেব্ৰুৱাৰী: ধনকুবেৰ গৌতম আদানিৰ কেলেংকাৰি সন্দর্ভত মৌনতা অব্যাহত আছে প্রধানমন্ত্রী মোদীৰ৷ লোকসভাত কালি আদানিৰ প্রসংগ এৰাই চলি বিৰোধীৰ বিৰুদ্ধে আক্রমণাত্মক হোৱা মোদীয়ে আজি ৰাজ্যসভাতো বিৰোধীক ক্ষুৰধাৰ সমালোচনা কৰে৷ কালিৰ দৰে আজিও ‘আদানি’ শব্দটো উচ্চাৰণৰ পৰা বিৰত থাকে মোদী৷ ইফালে, বিৰোধী দলসমূহে ‘মোদী–আদানি ভাই ভাই’ বুলি শ্লোগান দিয়া দেখিবলৈ পোৱা গ’ল সদনত৷ ইয়াৰ মাজতে কৌশলেৰে কংগ্রেছসহ বিৰোধী দলসমূহক আক্রমণ কৰে প্রধানমন্ত্রীগৰাকীয়্৷ মোদীয়ে উল্লেখ কৰে যে বিৰোধীৰ হাতত বোকা আছে বাবেই এই বোকা ছটিয়াবই৷ যিমানেই বোকা ছটিয়াব, সিমানেই পদুম ফুলিব বুলিও মোদীয়ে উল্লেখ কৰে৷

প্রধানমন্ত্রীগৰাকীৰ আক্রমণৰ মূল লক্ষ্য হৈ পৰে কংগ্রেছ৷ দেশৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ প্রসংগ টানি মোদীয়ে উল্লেখ কৰে যে নেহৰুক লৈ অৱহেলা হ’লে বিভিন্নজনে অভিযোগ কৰে৷ কিন্তু গান্ধী–নেহৰু পৰিয়ালৰ কোনেও নেহৰু উপাধি ব্যৱহাৰ কিয় নকৰে বুলি গান্ধী পৰিয়ালক কটাক্ষ কৰে প্রধানমন্ত্রীগৰাকীয়্৷ বিভিন্ন ৰাজ্যত বিৰোধীয়ে চৰকাৰ ভঙাৰ অভিযোগ কৰি আহিছে বিজেপিৰ বিৰুদ্ধে৷ এই প্রসংগত কংগ্রেছক প্রত্যাক্রমণ কৰি মোদীয়ে উল্লেখ কৰে যে প্রাক্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ দিনত ৰাজ্যত চৰকাৰ ভাঙিবলৈ ৫০বাৰ ৰাষ্ট্রপতি শাসন জাৰি কৰা হৈছিল৷

লক্ষণীয়ভাৱে বিৰোধীয়ে উত্তাল কৰা সত্ত্বেও সদনত প্রধানমন্ত্রীয়ে কোনো কাৰণতে আদানি সন্দর্ভত এটা শব্দও উচ্চাৰণ নকৰিলে৷ ইয়াৰ পৰিৱর্তে নিজৰ চৰকাৰৰ উন্নয়নৰ জয়গানহে গোৱা দেখিবলৈ পোৱা গ’ল মোদীক৷ কংগ্রেছক মানুহে প্রত্যাখ্যান কৰা বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে ভাৰতত কংগ্রেছৰ একাউণ্ট বন্ধ কৰি দিছে বিজেপিয়ে৷ উন্নয়নত বাধা সৃষ্টি কৰি আহিছে কংগ্রেছে৷ কংগ্রেছ চৰকাৰৰ আমোলত কোনো উন্নয়ন হোৱা নাই বুলি সৰৱ হয় মোদী৷ লক্ষণীয়ভাৱে পূর্বৰ চৰকাৰে উন্নয়নমূলক কাম কৰিলে আজি পৰিশ্রম কৰিব লগা নহ’লহেঁতেন বুলি মন্তব্য কৰে প্রধানমন্ত্রীগৰাকীয়্৷ অকল সেয়াই নহয়, কংগ্রেছে ভোটবেংকৰ ৰাজনীতি কৰি অহা বুলিও মোদীয়ে সদনত উল্লেখ কৰে৷ প্রায় ৮৪ মিনিট সময় ধৰি আজি ৰাজ্যসভাত দিয়া ভাষণত প্রধানমন্ত্রীয়ে কেৱল নিজৰ চৰকাৰৰ জনকল্যাণমূলক প্রকল্পৰ কথা উল্লেখ কৰে৷

প্রধানমন্ত্রীগৰাকীয়ে কয়– ‘মানুহৰ যাতে কোনো ক্ষতি নহয়, সেই কাম আমি কৰোঁ৷ আমি আৰামৰ পথ বাছি লোৱা নাই৷ পৰিশ্রমৰ পথ বাছি লৈছোঁ৷ যেতিয়া দেখোঁ আমাৰ পৰিশ্রমৰ ফলত দেশবাসীৰ মুখলৈ হাঁহি ঘূৰি আহিছে, এই পৰিশ্রম সার্থক হয়৷’ স্মর্তব্য যে আদানি গোষ্ঠীৰ বিৰুদ্ধে আর্থিক প্রতাৰণাৰ অভিযোগ আনিছে আমেৰিকাৰ হিণ্ডেনবার্গ ৰিছার্চ নামৰ সংস্থাটোৱে৷ হিণ্ডেনবার্গৰ প্রতিবেদন পোহৰলৈ অহাৰ পাছতে বিশ্বজুৰি আদানিৰ শ্বেয়াৰ দৰ অভাৱনীয়ভাৱে হ্রাস পায়৷ কম সময়ৰ ভিতৰতে ধনকুবেৰ আদানিয়ে হেৰুৱাবলগীয়া হয় লাখ লাখ কোটি টকা৷ আদানিৰ সৈতে প্রধানমন্ত্রীৰ সু–সম্পর্কৰ বিষয়টোক লৈ কংগ্রেছ আৰু বিৰোধী দলসমূহে সংসদত প্রতিবাদ সাব্যস্ত কৰিছে৷ আদানিৰ সৈতে মোদীৰ সম্পর্ক কি, সেই সন্দর্ভত প্রশ্ণও উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে৷ আনকি আদানি কাণ্ডক লৈ যৌথ সংসদীয় কমিটী (জেপিচি)ৰ তদন্তৰ দাবীও জনাইছে কংগ্রেছসহ বিৰোধী দলসমূহে৷ এই বিষয়টোক লৈ সংসদত তীব্র হুলস্থূল হোৱা সত্ত্বেও প্রধানমন্ত্রীয়ে কৌশলেৰে আদানিৰ প্রসংগ এৰাই চলিছে৷ যিমানে মোদীয়ে আদানিৰ প্রসংগ এৰি চলিছে, সিমানে সংসদত বিৰোধীৰ প্রতিবাদ বৃদ্ধি পাইছে৷

You might also like