নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্রত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশ

নিয়মীয়া বাৰ্তা, ১০ফেব্ৰুৱাৰী: অৱসৰলৈ তিনি বছৰতকৈ কম থকাৰ সময়ত চৰকাৰী কর্মচাৰীৰ মৃত্যু হ’লে তেওঁৰ পৰিয়ালৰ অনুকম্পামূলক নিযুক্তি এতিয়াৰে পৰা বিবেচনা কৰিব লাগিব ৰাজ্য চৰকাৰে৷ এই সন্দর্ভত ৰাজ্য চৰকাৰে পূর্বে প্রকাশ কৰা কার্যালয় স্মাৰক (অফিচ মেম’ৰেণ্ডাম)ৰ বিধি বাতিল কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ১৭জন বঞ্চিত ব্যক্তিয়ে দাখিল কৰা কেইবাখনো লেখ আবেদনৰ শুনানি গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০১৫ বর্ষৰ ১ জুনত চৰকাৰে প্রকাশ কৰা কার্যালয় স্মাৰকৰ ১ নম্বৰ দফা বাতিল কৰিছে৷ ইয়াৰ লগে লগে অৱসৰলৈ তিনি বছৰ বাকী থকাৰ সময়ত মৃত্যু হোৱা চৰকাৰী কর্মচাৰীৰ পৰিয়ালৰ সদস্যই অনুকম্পামূলক নিযুক্তি লাভ কৰাৰ ক্ষেত্রত থকা বাধা আঁতৰিব৷ উল্লেখ্য যে চৰকাৰী কর্মচাৰী কর্মৰত হৈ থকাৰ সময়ত মৃত্যুবৰণ কৰিলে তেওঁৰ পৰিয়ালৰ সদস্যক বিভিন্ন দিশ বিবেচনা কৰি অনুকম্পামূলক নিযুক্তি দিয়াৰ ব্যৱস্থা আছে৷ অৱশ্যে ২০১৫ চনৰ ১ জুনত ৰাজ্য চৰকাৰে এখন নতুন কার্যালয় স্মাৰক অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্রত প্রযোজ্য কৰে৷ এই স্মাৰকখনৰ ১ নম্বৰ দফাত উল্লেখ কৰা অনুসৰি অৱসৰলৈ তিনি বছৰতকৈ কম থকা কর্মচাৰীৰ মৃত্যু হ’লে তেওঁলোকৰ পৰিয়ালে অনুকম্পামূলক নিযুক্তি লাভ নকৰিব৷ এই বিধিৰ বাবেই কেইবাজনো প্রার্থীৰ আবেদন জিলা তথা ৰাজ্যিক পর্যায়ৰ অনুকম্পামূলক নিযুক্তি কমিটীয়ে খাৰিজ কৰে৷ যাৰ বাবে বঞ্চিত প্রার্থীসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ দীর্ঘদিনীয়া শুনানিৰ অন্তত গুৱাহাটী উচ্চ ন্যায়ালয়ে স্মাৰকখনৰ ১ নম্বৰ দফাত উল্লেখ কৰা বিধিয়ে সংবিধানৰ ১৪ অনুচ্ছেদ ভংগ কৰাৰ লগতে অসাংবিধানিক বুলি মন্তব্য কৰি বাতিল কৰিবলৈ নির্দেশ দিয়ে৷ একে সময়তে আবেদনকাৰীসকলে অনুকম্পামূলক নিযুক্তিৰ বাবে দাখিল কৰা আবেদন জিলা অথবা ৰাজ্যিক পর্যায়ৰ কমিটীক পুনৰ বিবেচনা কৰিবলৈ নির্দেশ দিয়ে৷ অৱশ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে অনুকম্পামূলক নিযুক্তি আঁচনিৰ লক্ষ্য অনুসৰণ কৰিহে তেওঁলোকৰ আবেদনসমূহ বিচাৰ কৰিবলৈ ৰাজ্যিক পর্যায়ৰ কমিটীক নির্দেশনা দিছে৷ বিশেষকৈ কার্যালয় স্মাৰকখনত উল্লেখ কৰা ১০টা নীতিৰ অধীনত তেওঁলোকৰ নিযুক্তিৰ বিষয়টো কমিটীখনে বিচাৰ কৰিব লাগিব৷ এই গোচৰটোৰ নির্দেশনাৰ প্রতিলিপি সংশ্লিষ্ট বিভাগীয় মুৰব্বী আৰু ৰাজ্যিক পর্যায়ৰ কমিটীৰ অধ্যক্ষক প্রদান কৰাৰ পাছত আবেদনকাৰীৰ আবেদনসমূহ বিচাৰ কৰিব পাৰিব৷ আবেদনকাৰীসকলক এই সন্দর্ভত ৩০ দিনৰ ভিতৰত পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ এই কার্যালয় স্মাৰকখনৰ ১ নম্বৰ দফাৰ বাবে ৰাজ্যৰ সহস্রাধিক আবেদনকাৰী অনুকম্পামূলক নিযুক্তিৰ পৰা বঞ্চিত হৈছে৷ এই নির্দেশে তেওঁলোকলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷

You might also like