নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ নিঠৰুৱা ফুলফুলি-বিশ্বজিতৰ দায়িত্ব গ্ৰহণ হোজাইৰ মৰ্কজুল মা আৰিফৰ

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰী : মানৱতা এতিয়াও জীয়াই আছে, মানুহৰ বাবে চিন্তা কৰা মহানুভৱ ব্যক্তি এই পৃথিৱীৰ পৰা নি:শেষ হৈ যোৱা নাই,- নিয়মীয়া বাৰ্তাত ঢকুৱাখনাৰ পৰা প্ৰচাৰিত হৈছিল দুটি নিঠৰুৱা কণমানি ফুলফুলি গগৈ আৰু বিশ্বজিৎ গগৈৰ বাতৰি । সেই বাতৰি দেখি হোজাইৰ মৰ্কজুল মা আৰিফ নামৰ স্বেচ্ছাসেৱী সংস্থাই যিদৰে সঁহাৰি জনালে সেয়া যেন তাৰেই নিদৰ্শন৷ উল্লেখ্য যে নিয়মীয়া বাৰ্তাৰ লগতে ৫ ফেব্ৰুৱাৰীৰ সন্ধিয়া এটা ব্যক্তিগত চেনেলত সম্প্ৰচাৰিত বাতৰিত বহু বছৰ পূৰ্বে পিতৃ-মাতৃক হেৰুৱা দুই কণমানিয়ে শেহতীয়াকৈ জীয়াই থকাৰ একমাত্ৰ আশ্ৰয় আইতাককো হেৰুৱাই সৰ্বহাৰা হোৱাৰ বাতৰি চেনেলটোত তুলি ধৰা হয়৷ বাতৰিটোত ফুলফুলি গগৈয়ে পঢ়াশুনাৰ বাবে সহায় কৰিবলৈ কাতৰ অনুৰোধ জনায়৷ সেই অনুৰোধৰ প্ৰতি তৎক্ষণাত সহাঁৰি জনায় হোজাইৰ স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা আৰিফৰ সভাপতি ড° চামছুল হক চৌধুৰীয়ে৷ ড° চৌধুৰীয়ে মৰ্কজুল মা আৰিফৰ পৰা ফুলফুলি গগৈ আৰু বিশ্বজিৎ গগৈৰ দশম শ্ৰেণীলৈকে পঢ়াশুনাৰ দায়িত্ব লোৱাৰ কথা ঘোষণা কৰে আৰু পিছদিনা অৰ্থাৎ ৬ ফেব্ৰুৱাৰীত দুজন প্ৰতিনিধি ঢকুৱাখনালৈ প্ৰেৰণ কৰি পৰিয়ালটোৰ সৈতে সংযোগ স্থাপন কৰে৷ আজিৰ যান্ত্ৰিক যুগত সংগঠনটোৰ এই বদান্যতা সঁচাকৈ প্ৰশংসনীয়৷

 

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like